1. News

Assam Police : ৰাষ্ট্ৰপতি বঁটাপ্ৰাপক অসম আৰক্ষীৰ কু-কাৰ্য

PANKAJ KHANIKAR
PANKAJ KHANIKAR
নগাঁৱৰ জুৰীয়াৰ  মীন পালকসকলৰ অভিযোগ
নগাঁৱৰ জুৰীয়াৰ মীন পালকসকলৰ অভিযোগ

নগাঁৱৰ জুৰীয়াৰ এখন গাওঁ। গদাইমাৰী নামৰ এই গাওঁখনৰ ৰাইজে ঘৰৰ ভেঁটি মাটিৰ বাহিৰে বাকী ৮০% মাটিয়েই উপযোগী কৰি তুলিছে মৎস্য পালন কৰিবৰ বাবে। শিক্ষিত এই লোকে সকলে মীন পালনেৰে স্বাৱলম্বিতাৰ এক নিদৰ্শন দাঙি ধৰিছে। দীৰ্ঘদিন ধৰি গাঁওখনৰ মীন পালকসকলে চৰকাৰৰ সাহাৰ্য অবিহনে নিজৰধৰণে মীন পালন কৰি আহিছে। এইক্ষেত্ৰত মীন পালকসকলৰো নাই কোনো অভিযোগ। নিজৰ ধৰণে কাম কৰি গৈছে।

কিন্তু বিগত কিছুদিন ধৰি মাছ বিক্ৰী কৰিবলৈ লৈ যাওঁতে বিভিন্ন হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন কৰিছে এওঁলোকে। নগাঁও পৰা উজনি লৈ যোৱা প্ৰতিখন মাছৰ গাড়ীয়ে প্ৰতিটো তালাচি চকিত ধন আদায় দিবলগীয়া হোৱাটো অলিখিত নিময়ত পৰিণত হৈছে৷ টকা নিদিলে বিভিন্ন অভিযোগ দেখুৱাই গাড়ী দুঘণ্টা, তিনিঘন্টা ৰখাই থৈ দিয়ে ফলত সময় মতে বজাৰ নাপাই লোকচান ভৰিবলগীয়া হয় মীন পালক সকলে।

লগতে পঢ়ক- 

FPO : মাকৈ খেতিৰে সেউজ বিপ্লৱ নয়ন কৃষক উৎপাদক কোম্পানীৰ

 

গতিকে উপায়হীন হৈ টকা দিব লাগে। এই ক্ষেত্ৰত মীন পালক সকলে অসমৰ মুখ্যমন্ত্ৰীক এই দুৰ্নীতি নিবাৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। প্ৰতি দিনে এশৰো অধিক গাড়ীৰে মাছ অসমৰ বিভিন্ন ঠাইত ৰপ্তানি কৰা এই অঞ্চলত এতিয়ালৈকে মীন বিভাগৰ কোনো‌লোক আজিলৈকে আহি খবৰ এটাও কৰা নাই  বুলি অভিযোগ কৰিছে।

যাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীক যাতে উৎপাদিত মাছ বোৰ সহজে অসমৰ বিভিন্ন ঠাইত বিক্ৰী কৰিৱ পাৰে, তাৰ ব্যৱস্থা কৰাৰ অনুৰোধ জনাইছে স্থানীয় মীন পালক সকলে।

লগতে পঢ়ক- 

মোমাই তামুলী বহুমুখী কৃষিফাৰ্মে আশাৰ বতৰা কঢ়িয়াই আনিছে শিৱসাগৰলৈ

English Summary: Presidential Award winner Assam Police misdeeds

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.