1. News

১০০ বিঘা মাটিত ধান খেতি কৰি কিমান উপাৰ্জন কৰিলে মোমাই তামুলী বহুমুখী সমিতিয়ে!

PANKAJ KHANIKAR
PANKAJ KHANIKAR

শিৱসাগৰৰ থাওৰা্ত অৱস্থিত মোমাই তামুলী সমবায় সমিতিয়ে এইবাৰ এশ বিঘা মাটিত কৰিছিল ধান খেতি। এই ধান খেতিৰ পৰা তেওঁলোকে ২৫০ কুইন্টেল পাবলৈ সক্ষম হৈছে। এই ধান খেতিৰ পৰা তেওঁলোক কিমান লাভান্বিত হৈছে এই সন্দৰ্ভত আমাৰ কৃষি জাগৰণৰ প্ৰতিনিধিৰে হোৱা কথা বতৰা (সামাজিক মাধ্যমত) হৈছিল সমিতিখনৰ দুই বিষয়া ক্ৰমে- হেমন্ত লাহন আৰু লক্ষ্যশ্ৰী জিতু চুতীয়াৰ লগত।

তেওঁলোকৰ লগত হোৱা কথা-বতৰাখিনি তলত উল্লেখ কৰিলো- দাদা, আগৰ পোষ্ট এটাত পাইছিলো আপোনালোকে ১০০ বিঘা মাটিত ধান খেতি কৰিছিল। ১০০ বিঘা মাটিত ২৫০ কুইন্টল মানে এবিঘাত আঢ়ৈ কুইন্টল। আঢ়ৈ কুইন্টল মানে এবিঘাত ৫ হাজাৰতকৈ কেইটকা মান বেছি। এবিঘা মাটিত ৪ চাহ হালবাওঁতে ১৬০০ টকা, আলি দিয়া, মৈ দিয়া, ৰুৱা, কঠিয়া পৰা, ৰোৱনিয়ে ৰুৱা, ধান কটা, মৰণা মৰা, ধানখিনিক সুৰক্ষা দিয়া আদি সকলো A to Z হিচাপে লাভ পৰিমাণ বৰ বেছি নহব যেন লাগে। কথাখিনি মোৰ মনলৈ আহিল। আচল কথাটো আপোনালোকেহে জানিব! পাৰে যদি জনাবছোন।

লগতে পঢ়ক- 

Dragan Fruit : ড্ৰেগন ফলৰ খেতিৰে স্বাৱলম্বী গোৱালপাৰাৰ কৃষক অনুপ ৰাভা

এই প্ৰশ্নটোৰ উত্তৰত হেমন্ত লাহনে কৈছিল- যদি খেতি ভাল হয় তেতিয়া এবিঘা মাটিত প্ৰায় ৪ ৰ পৰা ৫ কুইণ্টলৰ লৈকে উৎপাদন হয় । কিন্তু আমাৰ টেননিকেল সমস্যাৰ বাৱে যিমান আশা কৰা গৈছিল সিমান হোৱা নাই । কিন্তু আমাৰ লোকচানো হোৱা নাই । কাৰণ আমি ধাৰাবাহিকভাৱে খেতি কৰি থকা মাটিতহে খেতি কৰিছোঁ আৰু চাৰি চাহ হাল বাৱ লগা হোৱা নাই । তাৰোপৰি ট্ৰেক্টৰকে আদি কৰি সকলো সজুঁলি আমাৰ সমবায়খনৰ নিজৰ । আমাৰ উৎপাদনী ব্যয় বহুত কম হৈছে, সেয়ে লোকচান নহয় ।অৱশ্যে লাভৰ পৰিমান কম হলেও আপোনালোকে গ্ৰাম্য মহিলাসকলক সংস্থাপন আৰু কাম কৰাৰ চেতনা এটা সোমোৱাই দিছে সেইটো কোনো আৰ্থিক লাভ লোকচানৰ লগত তুলনা নহয়.। আমাৰ একেটা প্ৰশ্নৰ উত্তৰত লক্ষ্যশ্ৰী জিতু চুতীয়া কয় যে প্ৰথম প্ৰচেষ্টা, দুই এটা খুট থাকিল। লগতে আমাৰ টেক্টৰ আছিল। ধান মৰা মেচিন নিজৰ হেই কাৰণে বিশেষ অসুবিধা হোৱা নাই। অহা বছৰত ইয়াতকৈ দুগুণ লাভৱান হম বুলি ভাৱিছো।

উল্লেখ্য যে চলিত বৰ্ষটোতে ধান খেতিৰ লগতে ১৮ বিঘা মাটিত সমবায় সমিতিখনে মিলেট কৰছিল। শেহতীয়াকৈ সমিতিখনে এক বৃহত পৰিমাণৰ কৃষিভূমিত কোমোৰা আৰু অমিতা খেতিৰো আৰম্ভ কৰিছে। আৰু সকলো কামত মহিলাসকলক নিয়োগ কৰি এক নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে শিৱসাগৰৰ থাওৰা্ত অৱস্থিত মোমাই তামুলী বহুমুখী সমবায় সমিতিখনে।

লগতে পঢ়ক- 

শ্যামকানু মহন্তৰ এটা ফেচবুক পোষ্ট আৰু তাপস চাহনিৰ এটা কমেন্ট

English Summary: Paddy Farming in Sivsagor

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.