1. News

প্ৰবল বৰষুণত প্ৰকল্পৰ ওপৰেৰে বাগৰিছে পানী

KJ Staff
KJ Staff
নামনি  সোৱণশিৰি  জলবিদ্যুৎ প্ৰকল্প, গোগামুখ
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প, গোগামুখ

প্ৰায় ৯০ শতাংশ সম্পন্ন হৈছে নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ নিৰ্মাণ কাৰ্য। প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য যিমানেই ক্ষিপ্ৰগতিত আগবাঢ়িছে সিমানেই কাৰিকৰী কিছুমান বিসংগতি লোকচক্ষুৰ সন্মুখলৈ আহিছে। যাৰবাবে নামনি অংশৰ লোকসকলৰ মাজত শংকা বৃদ্ধি পাইছে। শেহতীয়াকৈ ৪-৫ ছেপ্টেম্বৰত অৰুণাচলত হোৱা প্ৰৱল বৰষুণত সোৱণশিৰি নদীৰ ওফন্দি উঠিছে আৰু নদী জলপৃষ্ঠ বৃদ্ধি পোৱাত প্ৰকল্পটো নিৰ্মীয়মা বান্ধৰ ওপৰেৰে বাগৰিছে পানী।

প্ৰকল্পটোৰ নিৰ্মীয়মান বান্ধৰ পৰা তীব্র গতিত পানী বৈ আছে আৰু উক্ত পানীয়ে প্ৰকল্পটোৰ নামনি অংশৰ নৈৰ পৰীয়া ৰাইজক আতংকিত কৰি তুলিছে । নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প নির্মাতা সংস্হা এন এইচ পি চিয়ে চম স্বেচ্ছাচাৰীভাৱে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে । আধুনিক প্রযুক্তিৰে নিৰ্মাণ কৰাৰ বুলি এনে এইচ পি চিয়ে যিমানেই দাবী নকৰক কিয় প্ৰকৃতিৰ ৰুষ্ট বাধা দি ৰাখিব পৰা নাই নিৰ্মাণ কাৰি সংস্হা এন এইচ পি চিয়ে ।

কেন্দ্ৰীয় চৰকাৰ , অসম চৰকাৰ , অসমৰ বান্ধ বিৰোধী দল - সংগঠন আৰু এন এইচ পি চিৰ মাজত অনুষ্ঠিত বৈঠক আৰু বৈঠকৰ সিদ্ধান্ত অংগুস্থ প্রদর্শন এন এইচ পি চিয়ে বান্ধৰ নিৰ্মাণ কাৰ্য দ্রুত গতিত আগুৱাই নিছে । আধুনিক প্রযুক্তিৰে নিৰ্মাণ কৰাৰ বুলি এনে এইচ পি চিয়ে যিমানেই দাবী নকৰক কিয় প্ৰকৃতিৰ ৰুষ্ট বাধা দি ৰাখিব পৰা নাই নির্মাণকাৰী সংস্থা এন এইচ পি চিয়ে ।

কেন্দ্ৰীয় চৰকাৰ , অসম চৰকাৰ , অসমৰ বান্ধ বিৰোধী দল - সংগঠন আৰু এন এইচ পি চিৰ মাজত অনুষ্ঠিত ত্ৰিপাশি বৈঠক আৰু বৈঠকৰ সিদ্ধান্ত অংগুস্থ প্রদর্শন এন এইচ পি চিয়ে বান্ধৰ নিৰ্মাণ কার্য দ্রুত গতিত আগুৱাই নিছে । বান্ধৰ পৰা হুৰা হুৰে পানী ধল ববলৈ ধৰাত এতিয়া এন এইচ পি চিত্ৰ সকলো কাম কাজ স্তব্ধ হৈ পৰা লগতে নৈপৰীয়া জনতাৰ শংকিত হৈ পৰিছে । ইফালে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প কর্তৃপক্ষই কয় য়ে সোৱণশিৰি নদীয়েদি আগৰ দৰে পানী আহি আছে আৰু একেদৰে বৈ আছে । ইয়াক লৈ কোনো ভয়ৰৰ কাৰণ নাই ।

লগতে পঢ়ক- কেপচিকাম খেতিৰ A to Z

English Summary: NHPC

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.