1. News

সূৰ্য ফাউণ্ডেশ্যন আৰু কৃষি আৰু কৃষক কল্যাণ বিভাগৰ জৈৱিক কৃষিৰ প্ৰশিক্ষণ

KJ Staff
KJ Staff
Natural Farming Training Camp in Haryana
Natural Farming Training Camp in Haryana

হাৰিয়ানাৰ শোনিপট জিলাত প্ৰাকৃতিক কৃষি সন্দৰ্ভত প্ৰশিক্ষণ কাৰ্যসূচী। সূৰ্য ফাউণ্ডেশ্যন আৰু কৃষি আৰু কৃষক কল্যান বিভাগ, শোনিপট জিলাই আয়োজন কৰে এই জৈৱিক কৃষি প্ৰশিক্ষণ কাৰ্যসূচী। প্ৰশিক্ষণ কাৰ্যসূচীত ২০০ ৰো অধিক কৃষকে অংশ গ্ৰহণ কৰাৰ লগতে কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ মুখ্য সম্পাদক এম চি ডমিনিকো উপস্থিত থাকে। প্ৰশিক্ষণ কাৰ্যসূচীত কৃষকসকলক প্ৰাকৃতিক কৃষি কৌশলৰ বিষয়ে সজাগ কৰা আৰু পৰিৱেশ অনুকূলে ৰখাৰ বাবে জৈৱিক খেতিৰ প্ৰয়োজনীয়তা আৰু জৈৱিক খেতিৰ লাভালাভ সন্দৰ্ভত কৃষি বিশেষজ্ঞসকলে বক্তব্য আগবঢ়ায় আৰু কৃষকসকলক প্ৰাকৃতিক কৃষিৰ সমৃদ্ধি, আধুনিক দৃষ্টিভংগীৰ সন্দৰ্ভত মন্তব্য আগবঢ়ায়।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কৃষি জাগৰণ মিডিয়া গ্ৰুপ মুখ্য সম্পাদক এম চি ডমিনিক, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে হেমন্ত শৰ্মা (সূৰ্য ফাউণ্ডেশ্যনৰ উপ-সভাপতি), ড° পৱন শৰ্মা (কৃষি আৰু কৃষক কল্যাণ বিভাগৰ উপ-সঞ্চালক, শোণিতপট), আৰু প্ৰজাপিতা ব্ৰহ্ম কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় জৈৱিক কৃষি বিশেষজ্ঞ বি প্ৰমোদ।

অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি এম চি ডমিনিকে কৃষকসকলক অনুপ্ৰাণিত কৰি  কয়, "আমাৰ লক্ষ্য হৈছে কৃষকসকলক সমৃদ্ধিশালী কৰা, যাতে তেওঁলোকে মিলিয়নাৰ কৃষক হ'ব পাৰে আৰু নিজৰ পথাৰখনৰ জৰিয়তে নিজৰ নাম ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাব পাৰে। আমি বিচাৰো কৃষকৰ পুত্ৰ ডাক্তৰ হওঁক, অভিযন্তা হওঁক আৰু ইঞ্জিনিয়াৰ বা ডাক্টৰৰ পুত্ৰ কৃষক হৈ গৌৰৱবোধ কৰক।

লগতে পঢ়ক- 

এডোখৰ মাটিতে কেনেকৈ বছৰত দুটা খেতি কৰে পাঞ্জাৱ-হাৰিয়ানাৰ কৃষকে!

English Summary: Natural Farming Training Camp in Hariyana

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.