1. News

KJ Choupal : ৰাষ্ট্ৰীয় বীজ নিগম আৰু কৃষি জাগৰণ ভাই ভাই : পংকজ কুমাৰ ত্যাগী

KJ Staff
KJ Staff
National Seeds Corporation & Krishi Jagran Is Brother-Sister Organization- Pankaj Kumar Tyagi
National Seeds Corporation & Krishi Jagran Is Brother-Sister Organization- Pankaj Kumar Tyagi

২ আগষ্টত কৃষি জাৰণৰ চৌপালত অংশগ্ৰহণ কৰে ৰাষ্টীয় বীজ নিগম পৰিষদৰ পৰিচালক ড° কৃষ্ণ চন্দ্ৰ সাহু, জেনেৰেল মেনেজাৰ পংকজ কুমাৰ ত্যাগী। তেওঁলোকৰ কৃষি জাগৰণ ভ্ৰমণ উপলক্ষ্য কেজে চৌপালত কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ সাংবাদিকসকলৰে এক মত-বিনিনময় অনুষ্ঠানত আয়োজিত হয়। অনুষ্ঠানটোৰ আৰম্ভণিতে অতিথিসকলক আদৰণি জনাই কৃষি জাগৰণৰ প্ৰতিষ্ঠাপক তথা মুখ্য সম্পাদক এম চি ডমিনিকে কয়, “ৰাষ্ট্ৰীয় বীজ নিগম সদায় কৃষি জাগৰণৰ হৃদয়ৰ ওচৰত আছিল কাৰণ আমি ১৯৯৬ চনত আৰম্ভ কৰাৰ সময়ত আৰম্ভণিতে আমাক সহায় কৰিছিল।”

লগতে তেওঁ কয় যে "ৰাষ্ট্ৰীয় বীজ নিগমৰ বাবে ভাৰতবৰ্ষত বীজৰ নাটনিৰ সন্মুখীন হোৱা নাই," যিয়ে দেশৰ কৃষকক কমেও ৫০ শতাংশ বীজ যোগান ধৰে। তেওঁ কয়, “যদিও এই ধাৰাত বহু ব্যক্তিগত কোম্পানী আহিছে, কিন্তু এন এছ চি ইয়াৰ ঠাইত অতি দৃঢ়তাৰে আছে।”

ইফালে, পংকজ কুমাৰ ত্যাগীয়ে কৃষি জাগৰণ কাৰ্যালয় আৰু পৰিৱেশক লৈ অতিশয় আপ্লুত হৈ ফাৰ্মাৰ দ্য জাৰ্নেলিষ্ট ধাৰণাটোক উন্নীতকৰণৰ প্ৰচেষ্টাক শলাগ লয়। ভাষণত তেওঁ কয়- ফাৰ্মাৰ দ্যা জাৰ্নেলিষ্টে কৃষকৰ সৈতে কেনেকৈ কথা পাতিব পাৰি আৰু তেওঁলোকৰ শৰীৰৰ ভাষা, মনোবিজ্ঞান আৰু সমাজৰ সৈতে মিলাই তেওঁলোকক বুজিব পৰাত সহায় কৰিব।

লগতে পঢ়ক- 

Horticulture : এবিঘা মাটিত মাত্ৰ এবাৰ আৰম্ভ কৰি গোটেই জীৱন পাওঁক ফল

এন এছ চিৰ সঞ্চালক ড° কৃষ্ণ চন্দ্ৰ সাহুৱে কৃষি জাগৰণৰ সাংবাদকৰ্মীসকলক সাক্ষাৎ কৰাৰ পিছত কয় যে, "এই কাৰ্যালয়লৈ আহিবলৈ ইমান সময় কিয় লাগিল, মই ইয়ালৈ বহু আগতেই আহিব লাগিছিল।" তেওঁ কয় যে কৃষি সকলোতে আছে। খাদ্য অবিহনে কোনেও একো কৰিব নোৱাৰে আৰু একে সময়তে তেওঁ এইটোও কয় যে "কৃষকসকল হৈছে এনে এটা অট্টালিকাৰ বেছমেণ্ট যাৰ মুখাৱয়ব পৃথিৱীৰ বাবে আকৰ্ষণীয়।"

কৃষকে কৰা কামৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে, "মানুহ, বনাঞ্চল আৰু জীৱ-জন্তুৰ অংশগ্ৰহণ অবিহনে মানুহ সফল হ'ব নোৱাৰে।" লগতে তেওঁ কয়- ‘কৃষি জাগৰণ আৰু ৰাষ্ট্ৰীয় বীজ নিগম ভাই-ভনী।’

লগতে পঢ়ক- 

ভিডিঅ’ কনফাৰেন্সিঙেৰে ক্ষেত্ৰ পঞ্চায়তী ৰাজ পৰিষদক সম্বোধন প্ৰধানমন্ত্ৰী মোডীৰ

English Summary: National Seeds Corporation & Krishi Jagran Is Brother-sister Organization

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.