আগন্তুক ৬,৭ আৰু ৮ ডিচেম্বৰত নতুন দিল্লীত কৃষি জাগৰণ মিডিয়া গ্ৰুপে অনুষ্ঠিত কৰিছে MFOI অৰ্থাত Millionaire Farmer of India Award 2023। শেহতীয়াকৈ তামিলনাডু কৃষি বিশ্ববিদ্যালয়, গোবিন্দ বল্লভ পন্ত কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, কৃষি বিজ্ঞান বিশ্ববিদ্যালয় আদি কৰি দেশৰ বহু বিখ্যাত কৃষি বিশ্ববিদ্যালয়ে কৃষকসকলৰ বহু প্ৰতীক্ষিত অনুষ্ঠানটোৰ বাবে সহযোগিতা আগবঢ়াইছে।
উদ্যান শস্য বিশ্ববিদ্যালয়, কেন্দ্ৰীয় মীন শিক্ষা প্ৰতিষ্ঠান, কেৰালা মীন আৰু মহাসাগৰ অধ্যয়ন বিশ্ববিদ্যালয়, বিহাৰ কৃষি বিশ্ববিদ্যালয়, পঞ্জাৱ কৃষি বিশ্ববিদ্যালয়, ৰাজেন্দ্ৰ প্ৰসাদ কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়, ড° যশৱন্ত সিং পৰমাৰ উদ্যান আৰু বন বিশ্ববিদ্যালয়, কৰ্ণাটক পশু চিকিৎসা, পশু আৰু মীন বিজ্ঞান বিশ্ববিদ্যালয়, ড° অধ্যাপক জয়শংকৰ তেলেংগানা ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়, শ্বেৰ-ই-কাশ্মীৰ কৃষি বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়েও কৃষি জাগৰণক সকলোপ্ৰকাৰৰ সহযোগিতা আগবঢ়াইছে।
আনহাতে, কৃষি জাগৰণৰ এই মহান উদ্দশ্যক উপলব্ধি কৰি বিভিন্ন ব্যক্তিগত আৰু চৰকাৰী সংস্থায়ো সহযোগিতা আগবঢ়াইছে। এম এফ অ’ আই বঁটাৰ এই সহায়ক সংস্থাসমূহ হৈছে এন এছ এ আই, নেশ্যনেল ছিড এছ’চিয়েচন অৱ ইণ্ডিয়া, ক্ৰপ লাইফ ইণ্ডিয়া আৰু এ চি এফ আই, এগ্ৰ’ কেম এছ’চিয়েচন অৱ ইণ্ডিয়া । ইফালে, সংবাদ মাধ্যমৰ অংশীদাৰ হিচাপে আছে ট্ৰেক্টৰ নিউজ আৰু এগ্ৰিকালচাৰ ৱৰ্ল্ড।
উল্লেখ্য যে ডিচেম্বৰত অনুষ্ঠিত হবলগা বঁটা প্ৰদান অনুষ্ঠানটোত সন্মানীয় অতিথিৰূপে উপস্থিত থাকিব কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে। শেহতীয়াকৈ এম এফ অ’ আইৰ কৃষক বঁটাটোৰ ট্ৰ’ফি আৰু লগ’ উন্মোচন কৰে ভাৰতৰ কেন্দ্ৰীয় পশুপালন, দুগ্ধ আৰু মীন বিভাগৰ ৰাজ্যিক মন্ত্ৰী পুৰুষোত্তম ৰূপালাই।
লগতে পঢ়ক-
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments