1. News

অসমৰ খাল-বিলত পৰি থকা 'মখনা'ৰ চোৰাং বেহা, যাৰ বজাৰ মূল্য প্রতিকেজিত ৫০০০ টকা

RAHUL ALI
RAHUL ALI
Makhana Illegal Business
Makhana Illegal Business

অসমৰ বিভিন্ন ঠাইত উৎপাদন হোৱা এবিধ জলজ উদ্ভিদৰ চোৰাং ৰমৰমীয়া ব্যৱসায় গঢ়ি তুলিছে বহিঃৰাজ্যৰ কিছু ব্যৱসায়ীয়েই। যোৱা কেইবাবছৰ ধৰি অসাধু ব্যৱসায়ীয়ে অসমৰ পৰা এই সামগ্রীবিধৰ চোৰাংভাৱে বহিৰাজ্যত ৰপ্তানি কৰি আহিছে৷ এই ঘটনা দৃষ্টিগোচৰ হোৱাত ইয়াৰ বিৰুদ্ধে মনোজ কুমাৰ চাহানী নামৰ এজন লোকে কামৰূপৰ আৰক্ষী অধীক্ষকক অভিযোগ দাখিল কৰি উচিত তদন্তৰ দাবী জনাইছে।

উল্লেখ্য যে অসমৰ প্ৰায়বোৰ বিল আৰু বন্ধ পুখুৰীৰ পানীত এই জলজ উদ্ভিদবিধৰ প্রচুৰ পৰিমানে জন্ম হয়। ইয়াক বিভিন্ন স্থানত বিভিন্ন নামৰে জনজাত। অসমত পানী শিঙৰা বা নিখৰি আৰু বহিঃৰাজ্যত মখ’না হিচাপে পৰিচিত এই জলজ উদ্ভিদবিধ। ইয়াৰ বৈজ্ঞানিক নাম হৈছে ‘EURYALE FEROX'৷

জানিব পৰা মতে ই বহুতো গুণাগুণণেৰে ভৰপূৰ। এই উদ্ভিদ বিধৰ পৰাই উৎপন্ন কৰা হয় বিভিন্ন পুষ্টিকৰ খাদ্য, শিশু খাদ্য, মখনা খীৰ, দাল মখনা ইত্যাদি। অর্গেনিক ফেট ফ্রী হিচাপে জনপ্রিয় এই মখনাৰ ইউৰোপৰ বজাৰত যথেষ্ট চাহিদা আছে, প্রতিকেজি শুকান মখনাৰ মূল্য প্রায় পাঁচ হাজাৰ টকালৈ পোৱা যায়। অৱশ্যে ৰাষ্ট্ৰীয় বজাৰত ইয়াৰ মূল্য প্রতিকেজিত ৮০০ টকা। চীন দেশতো ইয়াৰ সর্বাধিক চাহিদা আছে।

মেডিকেল কাউঞ্চিল অৱ আমেৰিকাই গৱেষণা কৰি উলিয়াইছে যে এইবিধ জলজ উদ্ভিদ এজন ব্যক্তিয়ে ১৮ gm সেৱন কৰিলে বিভিন্ন জটিল ৰোগ প্ৰতিৰোধৰ ক্ষমতা শৰীৰত সৃষ্টি হয়। তাৰ ভিতৰত হৃদৰোগ, কিডনী, হাঁওফাও, ছালৰ বেমাৰ, চকুৰ ৰোগ, পুৰুষৰ শুক্রাণু বৃদ্ধি কৰা, ৰক্তহীনতা দূৰীকৰণ আদি অন্যতম।

গুৰত্বপূর্ণভাৱে অসমৰ চাহ উদ্যোগৰ দৰে বিহাৰত মখনা উদ্যোগ গঢ়ি উঠিছে, অথচ আমি অকনো মন নিদিও। তথ্য অনুসৰি দেশৰ মুঠ চাহিদাৰ ৭৫ শতাংশ মখনা বিহাৰে উৎপাদন কৰি আছে। তাৰবাবে বিহাৰক এতিয়া মাখনাৰ ভূস্বর্গ বুলিও কোৱা হয়৷ 

অসম চৰকাৰ বা অসমৰ জনসাধাৰণে এইবিধ জলজ উদ্ভিদৰ বিষয়ে বিস্তৃত জ্ঞান নথকা অথবা ইয়াৰ গুনাগুণৰ বিষয়ে অৱগত নোহোৱাৰ বাবে হয়তো অসমৰ বিল, খাল, পুখুৰীত উৎপাদন হোৱা নিখৰি বা মখনা প্রতিবছৰে বিহাৰৰ পৰা ব্যৱসায়ী আহি চোৰাংকৈ লৈ যায়। আনকি তেওঁলোকে বিল-খালৰ পৰা নিখৰি উঠাবলৈ লগত ১৫ৰ পৰা ২০ জনীয়া এটা শ্ৰমিকৰ দলো লৈ আহে। 

তাতকৈ দুখ লগা কথা এই যে সকলোবোৰ কথা অৱগত হোৱাৰ পিছতো অসমৰ একাংশ মীন বিভাগৰ দুর্নীতিগ্রস্ত বিষয়া-কৰ্মচাৰীয়ে বিহাৰৰ ব্যৱসায়ী ঠাকুমুখীয়া আৰু দীপক ছেত্রীক সহযোগ কৰি অসমৰ পৰা নিখৰি সৰবৰাহ কার্য্যত সহযোগ কৰি আহিছে। 

মীন বিভাগৰ আইন মতে বিল বা ফিছাৰী ডাকত দিলে অকল মাছ ধৰাৰহে দায়িত্ব থাকে। আন জলজ সম্পদ বা অন্য সামগ্ৰীৰ ওপৰত ডাকোতাৰ কোনো কর্তৃত্ব নাথাকে। মাছৰ বাহিৰে অন্য সামগ্রী বিক্ৰী কৰিলে চুক্তি লগে লগে বাতিল হ’ব লাগে। কিন্তু বিল আৰু ফিছাৰী পর্যবেক্ষণ কৰাৰ দায়িত্বত থকাসকলে চৰকাৰৰ এই আইনক আওকান কৰি বহিঃৰাজ্যৰ ব্যৱসায়ীৰ চলনাত পতিয়ন যায় নির্বিঘ্নে ডাকোতাৰ জৰিয়তে চৰকাৰক ৰাজহ ফাকি দি নিখৰি বিক্ৰী কৰি আছে। ইয়াৰ পূর্বেও ব্যৱসায়ী ঠাকুমুখীয়াৰ বিৰুদ্ধে ২০১১ চনত হাজো থানাত মীন বিভাগৰ তৰফৰপৰা এখন এজেহাৰ দাখিল কৰা হৈছিল। যদিও ব্যক্তিগৰাকীয়ে সকলো পক্ষকে মেনেজ কৰি বাধাহীনভাৱে চলাই আছে নিখৰিৰ চোৰাং ৰমৰমীয়া ব্যৱসায়। 

 উল্লেখ্য যে মনোজ কুমাৰ চাহানীয়ে এই জলজ উদ্ভিদবিধৰ বিষয়ে সম্পূর্ণভাৱে জ্ঞাত। গতিকে অসমৰ সকলো মীন পালক সজাগ আৰু সচেতন হোৱাৰ প্রয়োজন আহি পৰিছে। হয়তো আপোনাৰ পুখুৰীতো এই মুল্যৱান উদ্ভিদবিধ থাকিব পাৰে। যাৰ জৰিয়তে আপুনিও এটা উপার্জনৰ পথ লাভ কৰিব পাৰিব।

লগতে পঢ়ক-হালধি বীজ উৎপাদনেৰে চিৰাঙৰ ‘বডোফা কোম্পানী’ৰ কোটি টকাৰ ব্যৱসায়

English Summary: Makahana Illegal Business in assam

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.