Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 27 January, 2023 10:50 AM IST

এটা সুখী জীৱন-যাপনৰ কাৰণে শৰীৰটো সুস্থ কৰি ৰখাটো অতি দৰকাৰী কথা। যদি শৰীৰৰ কোনো এটা অংগ কিবা ৰোগত আক্ৰান্ত হয় বা অংগটোৱে স্বাভাৱিকভাৱে কাম-কাজ চলাই যাব নোৱাৰে, তেনেহ’লে ব্যক্তিজনে যথেষ্ট যন্ত্ৰণা ভুগিব লগা হয় আৰু জীৱন-যাপন কৰাটো দুৰ্বিষহ হৈ পৰে। সেই কাৰণে জীৱনটো স্বচ্ছন্দে চলাই নিবৰ কাৰণে সুস্বাস্থ্য প্ৰয়োজন।

আজিকালি মানুহৰ শৰীৰত কিবা নহয় কিবা ৰোগ হৈয়েই থাকে, কিন্তু সেই সময়মতে চিকিৎসা কৰাই থাকিলে কোনো ব্যক্তিয়ে যন্ত্ৰণাত ভুগিব লগা নহয়। কিছুমান ৰোগে শৰীৰত বাহ ল’লেও কোনো ধৰণৰ লক্ষণ প্ৰকাশ নেপায় যদিও দিন বাগৰাৰ লগে লগে ৰোগটোৰ ক্ৰিয়া বিস্তাৰিত হৈ যায় আৰু তাৰ ফলত ৰোগী হঠাৎ দুৰ্বল হৈ পৰে আৰু লগে লগে চিকিৎসা নললে ৰোগী শয্যাশায়ী হ’ব লগা হয়।

লগতে পঢ়ক

Ivy Gourd farming : এবাৰ ৰুলে ৫-৬ মাহৰ পাছতে ৫ বছৰলৈ দিব ফল

মানুহৰ শৰীৰত থকা কিডনি দুটাও কিবা কাৰণত ৰোগগ্ৰস্ত হৈ পৰিলে লগে লগে বিশেষ চকুত পৰাকৈ কোনো ধৰণৰ বাহ্যিক লক্ষণ প্ৰকাশ নেপায়। কিন্তু কিডনি ৰোগগ্ৰস্ত হৈ পৰিলে শৰীৰ তন্ত্ৰই কেইটিমান স্পষ্ট সংকেত দিয়ে। সেই সংকেতকেইটা যদি ৰোগীয়ে বিশেষ গুৰুত্ব সহকাৰে লয়, তেনেহ’লে চিকিৎসকৰ পৰামৰ্শ লগে লগে ল’ব লাগে আৰু ৰোগীৰ যন্ত্ৰণাও বহুখিনি লাঘৱ হয়।

কিডনী ডেমেজ হ'লে শৰীৰত প্ৰথমে দিয়া সংকেত কেইটা -

ৰক্তচাপ বৃদ্ধি পায়:

স্বাভাৱিক সুস্থ ব্যক্তি এজনৰ যদি হঠাতে ৰক্তচাপ অভাৱনীয়ভাৱে বৃদ্ধি পায়, তেনেহ’লে তেওঁৰ কিডনি দুটা কিবা ৰোগত আক্ৰান্ত হৈছে বুলি সন্দেহ কৰিব লাগে। যদি লোকজনৰ ৰক্তচাপ বাৰে বাৰে বাঢ়ি যোৱাটো প্ৰমাণিত হয়, তেনেহ’লে খুব সোনকালে চিকিৎসকৰ ওচৰলৈ গৈ পৰামৰ্শ ল’ব লাগে। চিকিৎসকৰ পৰামৰ্শমৰ্মে তেওঁ প্ৰয়োজনীয় পৰীক্ষাবিলাকো কৰাব লাগে। কাৰণ ৰোগীৰ সঘনাই ৰক্তচাপ সঘনাই ৰক্তচাপ বৃদ্ধি পোৱাটো কিডনি ৰোগৰ সংকেত হ’ব পাৰে।

কমকৈ প্ৰস্ৰাৱ হোৱা:

যদি স্বাভাৱিক সুস্থ ব্যক্তি এজনৰ প্ৰস্ৰাৱৰ পৰিমাণ আৰু প্ৰৱণতা কমি যায়, তেনেহ’লে সন্দেহ কৰিব লাগে যে তেওঁৰ কিডনি দুটা কিবা ৰোগত বা বিসংগতিত আক্ৰান্ত হৈছে। এনে অৱস্থা হ’লে বহুতে আকৌ গৰমৰ কাৰণে এনে হৈছে বুলি ভাবি লয় আৰু চিকিৎসকৰ ওপৰলৈ নোযোৱাকৈ থাকে। কিন্তু কমকৈ প্ৰস্ৰাৱ হোৱা বিকাৰ যদি সঘনাই হৈ থাকে বা দীৰ্ঘ সময় ধৰি হৈ থাকে, তেনেহ’লে সেয়া কিডনি ৰোগাক্ৰান্ত হোৱাৰ সংকেত বুলি বুজিব।

ৰক্তাল্পতা:

কিডনি ৰোগক্ৰান্ত হ’লে ব্যক্তিজনৰ শৰীৰত তেজ কমি যোৱা দেখা যায়। ৰোগীৰ মুখমণ্ডল নিস্তেজ আৰু শেঁতা পৰা চকুত পৰে। এজন স্বাভাৱিক সুস্থ ব্যক্তিৰ শৰীৰত বিশেষ কোনো কাৰণ নেথাকিলে তেজ কমি নেযায়। কিন্তু ব্যক্তিজনৰ শৰীৰত বাৰে বাৰে তেজ কমি যোৱাৰ লক্ষণ দেখা পালে কিডনি বেয়া হোৱাৰ সংকেত বুলি বুজিব আৰু লগে লগে চিকিৎসকৰ ওচৰলৈ যাব।

মন কৰিবলগীয়া যে কিডনীত হোৱা ৰোগৰ পৰা বাচি থাকিবলৈ নিয়মিত পৰিস্কাৰ পানী  খাওঁক আৰু ধুমপান-মদ্যপান বেছিকৈ কৰাৰ পৰা আঁতৰি থাকক।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

লগতে পঢ়ক- 

Teeth diseases : সৰু ল’ৰা-ছোৱালীৰ দাঁত পোকে খোৱা ৰোগ কিয় হয় জানেনে!

English Summary: kidney disease : first signs of kidney problems?
Published on: 27 January 2023, 10:47 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now