Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 27 November, 2022 3:18 PM IST
১৯২৩ চনত Rice Experimental Station নামেৰে স্থাপন হোৱা বৰ্তমানৰ তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰটোৱে শতবৰ্ষ গৰকিলে।
অসমৰ কৃষি গৱেষণা ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়াই অহা এই কৃষি গৱেষণা কেন্দ্ৰটিৰ শতবৰ্ষ উদযাপনৰ উদ্বোধনী অনুষ্ঠানত শনিবাৰে অংশ লয় ৰাজ্যৰ কৃষিমন্ত্ৰীগৰাকীয়ে।
লগতে গৱেষণা কেন্দ্ৰটোৰ চৌহদত নিৰ্মাণ হ'বলগীয়া "সংগ্ৰহালয় তথা প্ৰশিক্ষণ কেন্দ্ৰ" এটিৰো আধাৰশিলা স্থাপন কৰে কৃষিমন্ত্ৰী গৰাকীয়ে।

লগতে পঢ়ক- 

অসমৰ কৃষি অৰ্থনীতি সলনি কৰিব 'নুমলী’য়ে

গৱেষণা কেন্দ্ৰটোৱে চৌহদৰ সমীপত ৰোপণ কৰা উন্নতজাতৰ ধানৰ সোণোৱালী পথাৰখনো পৰিদৰ্শন কৰি কৰে কৃষিমন্ত্ৰী অতুল বৰাই।
অনুষ্ঠানতে সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ খাদ্য বিজ্ঞান আৰু পৰিপুষ্টি বিভাগে নতুনকৈ প্ৰস্তুত কৰি উলিওৱা "তাৎক্ষণিক খিচিৰি মিশ্ৰণ (AAU Select instant Khichdi Mix)" শীৰ্ষক পুষ্টিকৰ খাদ্য সামগ্ৰীবিধ মুকলি কৰে কৃষিমন্ত্ৰীগৰাকীয়ে। অতি কম সময়ৰ ভিতৰতে সিদ্ধ কৰিব পৰা এই পুষ্টিকৰ খাদ্য সামগ্ৰীবিধ ৰাইজে আদৰি ল'বলৈ আহ্বান জনায় কৃষিমন্ত্ৰীগৰাকীয়ে।

লগতে পঢ়ক- 

গোলাঘাটত মেচিনৰ সহায়ত আলু ৰোপন কৃষকৰ

English Summary: Jorhat Regional Agricultural Research Center celebrated its 100th anniversary
Published on: 27 November 2022, 03:18 IST