1. News

Important Notice : কৃষকসকলৰ বাবে বিশেষ জাননী কৃষি বিভাগৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Notice for farmers
Notice for farmers

প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি (PMKISAN) আঁচনিত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ ইচ্ছুক কৃষক ৰাইজক অহা ১১ ডিচেম্বৰ ২০২২ তাৰিখ দেওবাৰে ৰাজ্যৰ বিভিন্ন জিলাত কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত পঞ্চায়ত তথা VCDC পৰ্যায়ত আয়োজিত হ'ব লগীয়া বিশেষ গাওঁ সভাসমূহত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হ'ল৷

লগতে পঢ়ক- 

Watermelon Farming- কৃষকসকল তৰমুজৰ খেতিৰ বতৰ আহি আছে

মনত ৰাখিব - পিএম কিষান আঁচনিৰ অধীনত যোগ্য হিতাধীকাৰীসকলে পৰৱৰ্তী কিস্তিৰ ধন লাভ কৰিবলৈ তলত উল্লেখ কৰা তিনিওটা প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰিব লাগিব৷

১) আধাৰ সংযুক্তকৰণ (নিৰ্দিষ্ট পৰ্টেলত)

২) e-KYC সম্পাদন (সমূহীয়া সেৱাকেন্দ্ৰ/ জনসেৱাকেন্দ্ৰ/ নিৰ্দিষ্ট মবাইল এ’প "PMKISAN MOBILE APP''/ নিৰ্দিষ্ট প’ৰ্টেল "Farmers Corner")

৩) নিজৰ নামত থকা ভূমি সম্পৰ্কীয় নথি সংলগ্নকৰণ (জিলা কৃষি কাৰ্যালয়ত)

৪)নিজৰ সঞ্চয় বেংক একাউণ্টৰ লগত আধাৰ সংলগ্নকৰণ (সংশ্লিষ্ট বেংক শাখাত)

উল্লেখ্য যে , এই ক্ষেত্ৰত কৃষকসকলক সহযোগিতা আগবঢ়াবলৈ Indian Post Payments Bank (IPPB) ৰ কৰ্তৃপক্ষৰ দ্বাৰা ৰাজ্যৰ বিভিন্ন জিলাত কিছু শিবিৰৰ আয়োজন কৰা হৈছে৷ এনে শিবিৰসমূহত অংশগ্ৰহণৰ জৰিয়তে পিএম কিষাণ আঁচনিৰ যোগ্য হিতাধিকাৰীসকলক আধাৰ সংযোজিত বেংকৰ সঞ্চয় পাছবুক খুলি তাৰ জৰিয়তে আঁচনিৰ পৰৱৰ্তী কিস্তিসমূহ সহজতে লাভ কৰিবলৈ আহ্বান জনোৱা হ'ল৷

পি এম কিষান আঁচনিৰ নথি সম্পৰ্কীয় কোনো অসুবিধাৰ সন্মুখীন হ'লে জিলা কৃষি বিষয়াৰ লগত অথবা তলত উল্লেখ কৰা পিএম কিষান টোল ফ্ৰী নম্বৰত যোগাযোগ কৰক – 03612800213।

লগতে পঢ়ক- 

Patchouli farming : মাহে মাহে হাতলৈ আহিব ২০ ৰ পৰা ৩০ হাজাৰ টকা

English Summary: Important Notice for farmers of Agriculture department of Assam

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.