1. News

HSLC RESULT : এইবাৰো অসমীয়া মাধ্যমৰ ছাত্ৰই লাভ কৰিলে শীৰ্ষস্থান

PANKAJ KHANIKAR
PANKAJ KHANIKAR
মেট্ৰিক পৰীক্ষাৰ ফলাফল
মেট্ৰিক পৰীক্ষাৰ ফলাফল

ঘোষণা হ’ল মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ ঢেকিয়াজুলিৰ হৃদম ঠাকুৰীয়াৰ। শংকৰদেৱ শিশু নিকেতন, ঢেকিয়াজুলিৰ ছাত্ৰ আছিল হৃদম ঠাকুৰীয়া।  ৬০০ নম্বৰৰ ভিতৰত লাভ কৰিছে হৃদমে লাভ কৰিছে ৫৯৬ নম্বৰ।  শতকৰা ৯৯ শতাংশ নম্বৰে প্ৰথম স্থান দখল কৰে ছাত্ৰগৰাকীয়ে।

আনহাতে  ৫৯৩ নম্বৰে দ্বিতীয় স্থানত  আছে ৪ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী। দ্বিতীয় স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকল ক্ৰমে, ইছৰত ফাৰিহা, নগাঁও চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়,  লাকী দেৱী চৌধুৰী, আনন্দ বিদ্যা নিকেতন নলবাৰী,  মনমিতা শৰ্মা, আনন্দ বিদ্যা নিকেতন নলবাৰী, আদিত্য অনুপম কোৱঁৰ, ছেন্ট জোছেফ স্কুল সোণাৰী।

লগতে পঢ়ক- 

Green House : সেউজগৃহ এটা বনাই ল’লে কি কি দিশত লাভান্বিত হ’ব কৃষকজন

আনফালে, ৫৯২ নম্বৰে  তৃতীয় স্থানত আছে তিনি গৰাকীকৈ ছাত্ৰ-ছাত্ৰী। সেইসকল হ- নিলুফাৰ ৰহমান দুমনীচকী ইংলিছ স্কুল, অনিন্দিতা বৰা আদৰ্শ বিদ্যাপীঠ ভোলাগুৰী,  আৰু মৃগাংক ভট্টচাৰ্য, শংকৰদেৱ শিশু নিকেতন, বাহাৰঘাট।

উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ২০২৩ ত মুঠ ৪,১৫,৩২৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিছিল। ইয়াৰে ৯৪,৯১৩ গৰাকীয়ে প্ৰথম স্থান, ১,৪৮,৫৭৩ গৰাকীয়ে দ্বিতীয় স্থান, আৰু ৫৮,৩৯৪ গৰাকীয়ে লাভ কৰিছে তৃতীয় স্থান ।  

লগতে পঢ়ক- 

আৰু বিশ্ব অভিলেষ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক

English Summary: HSLC Result 2023

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.