Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 6 February, 2023 4:28 PM IST
ছুভানা হাজৰিকা

হোমেন বৰগোহাঞি কোনোবা এখন ৰচনাত পঢ়িছিলো যে এজন ব্যক্তিয়ে ঘূৰি-ফুৰোঁতে এটুকুৰা হীৰা হেৰাই পালে। কিন্তু তেওঁ হীৰাৰ মূল্য কি সেই বিষয়ে নাজানে। তেওঁ যিটুকুৰা হীৰা হেৰাই পাইছিল তাৰ মূল্য আছিল কোটি টকা। কিন্তু মানুহজনে কিবা অলাগতিয়াল বস্তু বুলি ঘৰৰ এচুকত পেলাই থলে আৰু গোটেই জীৱন তেওঁ দৰিদ্ৰতাৰ লগত যুঁজি যুঁজি পাৰ কৰিলে। আৰু এদিন তেনেকেই তেওঁৰ মৃত্যুও হল। এই কথাষাৰ মনত মনত পৰিল শিৱসাগৰৰ নাজিৰাৰ বিশিষ্ট উদ্যোগী চুভানা হাজৰিকা বাইদেউৰ বিষয়ে লিখিবলৈ লৈ। কাৰণ বাইদেৱে যিবোৰ সামগ্ৰী অৰ্থাত কেঁচামালক লৈ আজি নিজে আত্মিনৰ্ভশীল হোৱাৰ লগতে কেইবাগৰাকী গ্ৰাম্য মহিলাক সংস্থাপন দি এক স্বচ্ছল জীৱন-প্ৰদান কৰিছে সেই সামগ্ৰী বা কেঁচামালসমূহক কিন্তু অসমৰ অধিকাংশ গ্ৰাম্য মহিলা-পুৰুষে বাৰীৰ এচুকত পেলাই ৰাখিছে। থিক ওপৰত মূল্যৱান হীৰা টুকুৰাক অলাগতিয়াল সামগ্ৰীৰ দৰে পেলাই থোৱা দৰিদ্ৰ বৃদ্ধজনৰ দৰে।

ঘৰুৱা সামগ্ৰীৰে ছুভানা হাজৰিকা বাইদেউ প্ৰস্তুত কৰা সামগ্ৰী

অসমৰ গ্ৰামাঞ্চলসমূহত কৰ্দৈ, ঔটেঙা, বাঁহ গাঁজ, জলফাই, নেমু, হালধী, ভোট জলকীয়া, শিলিখা, ঢেকিয়া, কেৰেলা আদি  একেবাৰে সুলভ। নিজেও ঘৰতে কৰিব পাৰে বা  কম দামতে এইবোৰ ক্ৰয় কৰিব পাৰে আৰু অধিকাংশ গ্ৰামাঞ্চললোকৰ ঘৰত এই বস্তুবোৰ থাকে। বেছিভাগৰ লোকৰ ঘৰতে থাকে আৰু নষ্ট হয় আৰু বহুতে পেলাই দিয়ে। কিন্তু এই সামগ্ৰীসমূহৰ পৰা খুব কম মূলধন লৈ গ্ৰামাঞ্চলৰ লোকসকলে এইবোৰৰ ব্যৱসায় কৰিব পাৰে। এই ধাৰণাটো মোৰ নহয় এই ধাৰণাটো সুভানা হাজৰিকা বাইদেউৰ। বাইদেৱে এই ধাৰণাটোক সন্মুখত ৰাখিয়েই আৰম্ভ কৰিলে কেঁচা জলকীয়াৰ আচাৰ, নেমুটেঙাৰ আচাৰ, বেঙেনাৰ আচাৰ, ঔ টেঙাৰ আচাৰ আদিকে ধৰি অসমৰ গ্ৰামাঞ্চলসমূহত সহজে উপলব্ধ হোৱা এই সমাগ্ৰীসমূহৰ আচাৰৰ ব্যৱসায়। প্ৰথম অৱস্থাত ঘৰতে আৰম্ভ কৰা এই ব্যৱসায়ে পৰৱৰ্তী সময়ত এটা ডাঙৰ ব্যৱসায়লৈ ৰূপান্তৰ কৰিলে তেওঁ। তিনিবছৰ পূৰ্বে তেওঁ এটা লীনা প্ৰডাক্ট নামৰ এটা আচাৰ বনোৱা উদ্যোগ গঢ়ি তুলিলে নাজিৰাত। সম্প্ৰতি এই উদ্যোগটোৰ পৰা চুভানা হাজৰিকাই পৰীক্ষামূলক অসমৰ থলুৱা সম্পদসমূহক ব্যৱসায়িক ৰূপ দিবলৈ গৈ সফল হৈছে। তেওঁৰ লগত হোৱা কথা-বতৰাত তেওঁ কয় যে পইচা পাতিৰ মোৰ অভাৱ নাছিল কিন্তু কিবা এটা কৰাৰ মন আছিল। স্বামীৰ অইল ইণ্ডিয়াৰ বিষয়া যদিও মই তেওঁৰ পৰা ব্যৱসায় আৰম্ভ কৰিবলৈ পইচা লোৱা নাছিলো। মই লোণ লৈ আৰম্ভ কৰিছিলো আচাৰ বনোৱা ব্যৱসায়। লগতে তেওঁ কয় যে অইল ইণ্ডিয়াৰ কলনীৰ পৰা আৰম্ভ কৰা মোৰ ব্যৱসায়ে আজি জিলাখনত কাইলৈ ৰাজ্যখনলৈ বিস্তাৰিত কৰিম। গ্ৰাম্য মহিলাসকলক লৈ মোৰ এই আচাৰ ব্যৱসায় পৃথিবীৰ সকলো কোণলৈ লৈ যোৱাৰ হেঁপাহ আছে। তেওঁ কয়- সপোনতো আজিকালি আচাৰ ব্যৱসায়ৰ কথাই মনলৈ আহে। এই সন্দৰ্ভত বিশেষ জানিবলৈ পাঠকসকলে এই লিংকটোত কৰক- https://www.facebook.com/Assam.krishijagran/videos/1106455796722041

ঘৰুৱা সামগ্ৰীৰে ছুভানা হাজৰিকা বাইদেউ প্ৰস্তুত কৰা সামগ্ৰী

সাধাৰণতে আমাৰ গ্ৰামাঞ্চলৰ নাৰীসকলে নিজাববীয়াকৈ কিবা এটা কৰিবলৈ ওলালে ঘৰৰ মানুহখিনিৰ পৰা প্ৰথম অৱস্থাত বৰ বেছি সহাঁৰি নাপায়। এই প্ৰত্যাহ্বানটোৰ সন্মুখীন হৈছিল চুভানা হাজৰিকায়ো। কিন্তু এইসকলোবোৰক আওকান কৰি আৰম্ভ কৰিছিল এই ব্যৱসায়। ঘৰতে বনোৱা আচাৰসমূহ তেওঁ গ্ৰামাঞ্চলৰ ধনী মানুহবোৰৰ ঘৰত গৈ বিক্ৰি কৰিছিল, ওচৰৰ দোকানসমূহত বিক্ৰি কৰিবলৈ দোকানীক দিছিল। চুভানা বাইদেৱে এই সন্দৰ্ভত কয় যে এনেকৈ প্ৰথম অৱস্থাত লাজ লাগিব পাৰে কিন্তু এই লাজক আওকান কৰিব লাগিব। এনেদৰে চুভানা বাইদেৱে লাজ-শংকাক কাটি কৰি আজি লীনা প্ৰডাক্টৰ মালিক। আজি তেওঁৰ গ্ৰাহক অসমৰ চুকে-কোনে। শেহতীয়াকৈ তেওঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা প্ৰগতিশীল মহিলা উদ্যোগীৰ বঁটা লাভ কৰিছে। বৰ্তমান তেওঁ কম মূলধনেৰে এই ব্যৱসায় কিদৰে কৰিব পাৰে- এই সন্দৰ্ভত মহিলাসকলক প্ৰশিক্ষণ দিয়ে। লগতে আপোনালোকক জনাও যে যিসকলে এনে ব্যৱসায় কৰিব বিচাৰে তেওঁলোকক সকলোধৰণে সহায়-সহযোগিতা আগবঢ়াব বুলি কয়। আৰু আগ্ৰহীসকলে তেওঁক এই নাম্বাৰটোত ৮৬৩৮১-৩৭৮৪৮ যোগাযোগ কৰিব। আমাৰ কৃষি জাগৰণৰ প্ৰতিনিধিৰ সৈতে হোৱা কথা বতৰাত গাঁওৰ দৰিদ্ৰ মহিলাৰ সৱলীকৰণৰ ক্ষেত্ৰত আচাৰৰ ব্যৱসায়ে এক ডাঙৰ ভূমিকা ল’ব পাৰে বুলি কয়।

লগতে আমাৰ পাঠকসকলক জনাওঁ চুভানা হাজৰিকা বাইদেউৰ কথা-বতৰা, কাম-কাজৰ মাজত তেওঁক এগৰাকী ব্যৱসায়ীতকৈ গ্ৰামাঞ্চলৰ মহিলাসকলৰ সৱলীকৰণৰ বাবে কাম কৰি থকা এগৰাকী মহিলাৰ দৰেহে লাগে। আৰু আচাৰ ব্যৱসায়ক তেওঁ মাথো যেন গ্ৰামাঞ্চলৰ নাৰীসকলৰ বাবে কাম কৰাৰ এক মাধ্যম হিচাপে গ্ৰহণ কৰিছে।

লেখক- পংকজ খনিকৰ, ধেমাজি

English Summary: Desire to conquer the world with local products
Published on: 06 February 2023, 03:36 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now