1. News

বানপীড়িত কৃষকৰ বাবে 'সামুহিক কঠীয়াতলী' আঁচনি গ্ৰহণ কৃষি বিভাগৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Community Nursery
Community Nursery

সংহাৰী বানত ৰাজ্যখনৰ ক্ষতিগ্ৰস্ত কৃষকক সকাহ দিয়াৰ উদ্দেশ্য চৰকাৰ তথা ৰাজ্যৰ কৃষি বিভাগে গ্ৰহণ কৰিছে 'সামুহিক কঠীয়াতলী' ( Community Nursery ) স্থাপনৰ আঁচনি । ইয়াৰ জৰিয়তে বানত ক্ষতিগ্রস্ত কৃষকসকলে লাভ কৰিব পাৰিব উন্নত জাতৰ ধানৰ বিনামূলীয়া কঠীয়া । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলা কৃষি বিভাগেও জিলাখনৰ বানত ক্ষতিগ্রস্ত কৃষকক উন্নত বিনামূলীয়া কঠীয়া যোগান ধৰাৰ উদ্দেশ্য গ্ৰহন কৰিছে বিশেষ পদক্ষেপ

ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা আঁচনিৰ অধীনত পুঠিমাৰি বাপুভেটিৰ গেৰুৱাত জয়মতী কৃষক উৎপাদক কোম্পানী ( FPC ) ৰ সহযোগত ‘সামূহিক কঠীয়াতলী' স্থাপনেৰে ৰঞ্জিত ছাব-১ আৰু বাহাদুৰ ছাব-১ জাতৰ কঠীয়া সিঁচা হয় । কৃষকসকলৰ সৈতে কঠীয়া সিঁচা এই কাৰ্যসূচীত অংশ লয় জিলা কৃষি বিষয়া প্ৰাঞ্জল শৰ্মা, সহকাৰী কৃষি সঞ্চালক মিজানুৰ ৰহমান চৌধুৰী, মহকুমা কৃষি বিষয়া জাকিৰ হুছেইন, কৃষি উন্নয়ন বিষয়া গৌৰৱ কাশ্যপ আৰু জিলা মিডিয়া বিশেষজ্ঞ বিতোপন শইকীয়া, সংশ্লিষ্ট কৃষি চক্ৰটোৰ কৃষি সম্প্ৰসাৰণ সহায়ক ৰঞ্জিত সূতৰ লগতে জয়মতী কৃষক উৎপাদক কোম্পানীৰ সমূহ কৃষক ৰাইজ ।

 সমান্তৰালভাৱে ঢেকিয়াজুলি কৃষি চক্ৰৰ অধীনত থকা মনোজুলি, আলিশিঙাৰ ১০ হেক্টৰ কৃষিভূমিত 'ৰঞ্জিত ছাব- ১ ধানৰ উন্নত জাতৰ কঠীয়া সিঁচা হয় । কৃষকসকলৰ সৈতে 'সামুহিক কঠীয়াতলী' স্থাপনৰ এই কাৰ্যসূচীত অংশ লয় জেষ্ঠ্য কৃষি উন্নয়ন বিষয়া ইন্দু প্ৰাঞ্জল বৰা, সহকাৰী কৃষি পৰিদৰ্শক ধ্ৰুৱ দাস আৰু দুল দাসে ।

লগতে পঢ়ক- 

Adv. farming : কম মাটিত, কম খৰচত, কম দিনত অধিক উপাৰ্জন কেনেকৈ কৰিব!

English Summary: Community Nursery For Flood affected farmers

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.