1. News

পূজা নিজৰ টকাৰে হ'ব লাগে,আনৰ টকাৰে নহয়'- হিমন্ত বিশ্ব শৰ্মা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Let’s get rid of donation culture, once & for all-CM
Let’s get rid of donation culture, once & for all-CM

পূজা কমিটীসমূহক চান্দা সংগ্ৰহ নকৰিবলৈ আহ্বান  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,'সৰু সৰু ব্যৱসায়ীক চান্দাৰ নামত হাৰাশাস্তি নকৰিব।অসমীয়া লোকৰ বিৰুদ্ধে এনেই বদনাম আছে আনৰ টকাৰে বিহু পতা।দুৰ্গা পূজা নিজৰ টকাৰে হ'ব লাগে,আনৰ টকাৰে নহয়।'

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰী গৰাকীয়ে  টুইটাৰত এই সন্দৰ্ভত লিখিছিল- ‘এই পূজাৰ বতৰত সকলোকে চান্দা অপসংস্কৃতি সম্পূৰ্ণ পৰিহাৰ কৰিবৰ বাবে বিনম্ৰ অনুৰোধ জনালোঁ।পূজাৰ চান্দাৰ নামত টকা সংগ্ৰহ কৰি ব্যৱসায়ীক হাৰাশাস্তি কৰাটো সমাজ হিতকৰ কাৰ্য নহয়।সকলোৰে সহযোগিতাৰে এই অপসংস্কৃতিৰ পৰা চিৰদিনৰ বাবে মুক্তি লাভৰ সংকল্প গ্ৰহণ কৰোঁ আহক।'

সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ এই মন্তব্যক বহুজনে সমৰ্থন জনাইছে।লগতে বিজেপি দলে বিভিন্নসময়ত তুলি থকা চান্দাও বন্ধ হ’ব লাগে বুলি মুখ্যমন্ত্ৰীক জনাইছে।

উল্লেখ্য যে কোনো সামাজিক অনুষ্ঠান এটা চলাবলৈ ৰাইজৰ দান-বৰঙনি অবিহনে সম্ভৱ নহয়। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে দান-বৰঙনি আৰু চান্দাক একাকাৰ কৰি দিয়াতো কিমান যুক্তিসংগত। হয় চান্দাৰ নামত কাৰোবাৰ  পৰা ধনদাবী কৰাতো যুক্তি সংগত নহয় কিন্তু পূজা-বিহু আদিৰ দৰে এই অনুষ্ঠানবোৰ ৰাইজৰ দান-বৰঙনি অবিহনে সম্ভৱ নহয়।

লগতে পঢ়ক- 

পেপচিকামে ভাগ্য সলনি কৰিলে পলিঅ’ ৰোগী আলোকৰ

English Summary: cm puja tweet

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.