1. News

After Flooding : বানপানীৰ পাছত কৃষক-পশুপালকসকলে ল’ব লগা সাৱধানতা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Caring for Livestock and Crop  After Flooding
Caring for Livestock and Crop After Flooding

১. বানৰ পানী শুকাবলৈ আৰম্ভ কৰাৰ লগে লগে শেহতীয়াকৈ সিঁচিব পৰা বা কৰিব পৰা হ্রস্বকালীন (১০০ দিনীয়া) লুইত, কপিলী, দিচাং জাতকেইটাৰ ধানৰ খেতি কৰিব পাৰে।

২. ৬০-৭০ দিনীয়া কঠীয়া কৰিব  পৰা জাত মনোহৰ শালি, গীতেশ, প্রফুল্ল জাত কেইটাৰ খেতি কৰিব পাৰে।

৩. নেমু টেঙাৰ বাৰীৰ পৰা অতিৰিক্ত পানীভাগ ওলায় যাব পৰাকৈ নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে।

৪. বানাক্রান্ত অঞ্চলত গৰু পোৱালিবোৰ কৃমিৰ দ্বাৰা বেছি আক্ৰান্ত হোৱা দেখা যায়। সেয়েহে এই সময়ত পশু চিকিৎসকৰ পৰামৰ্শ লৈ পিপাৰজিন বা মেবেন্দোজল দৰৱ দিব পাৰে।

৫. বানপানীৰ পিছত বিভিন্ন ধৰণৰ পোক পতঙ্গ প্রধানকৈ টুপলিকটা, পাত নুৰিওৱা, চৰহা, মজাখোৱা, পিয়াজী পোক, সেউজীয়া সোহনী পোক, বাদামী সোহনী পোক, শুৰ পোক, কেও কটা পোক, গান্ধী পোক আদিয়ে ধান খেতিত আক্ৰমণ কৰা দেখা যায়। ইয়াৰ বাবে সাধাৰণ নিবাৰণৰ উপায়সমূহ হ'ল-

ক) ধান ৰোৱাৰ পিছতেই ধাননি পথাৰত ঘন ঘনকৈ জেং পুতি পোক খোৱা চৰাই বহিব পৰাকৈ ব্যৱস্থা কৰি দিব লাগে। ধানৰ ফুল ওলোৱাৰ লগে লগে জেংবোৰ আতৰাই দিব লাগে।

খ) টুপলীকটা পোক পৰিলক্ষিত হ'লে ৰছী এডাল কেৰাচিন তেলত তিয়াই লৈ দুয়োমূৰে দুজন মানুহে ধৰি ধাননি ডৰাৰ ওপৰেদি ধানৰ পাতত লগাকৈ চলাই দিব লাগে।

গ) চৰহাপোক নিবাৰণৰ বাবে আক্রান্ত পাতবোৰ কাটি ধাননি ডৰাৰ কিছু আতঁৰত পুতি পেলাব লাগে। অথবা বগৰী জাতীয় কাইটীয়া গছৰ ডালেৰে ২-৩ দিনৰ মুৰে মুৰে ধানৰ ওপৰৰ অংশৰ পাতবোৰ কোবাই দিব লাগে।

লগতে আমাৰ দৰ্শকসকলক জনাওঁ যে বানপানীৰ পাছতে সন্মুখীন হোৱা পশু-পক্ষীৰ বেমাৰ-আজাৰ, শস্যৰ বেমাৰ আজাৰ বা বানপানীৰ পাছতে কি কি সাৱধানত লব লাগে- এই বিষয়ে অধিক জানিবলৈ টল ফ্রী নম্বৰ: ১৮০০-১৮০-১৫৫১ (কৃষি সমন্ধীয় সমস্যাৰ বাবে)/ ১৮০০-২৭০-০২২৪ (e-NAM সমন্ধীয় তথ্যৰ বাবে)/ ১৮০০-১৮০-৪২০০ আৰু ১৪৪৮৮ (আন্ত: ৰাজ্যিক পৰিবহনৰ বাবে) যোগাযোগ কৰিব।

লগতে পঢ়ক- 

কৃষিক জীৱিকা হিচাপে গ্ৰহণ কৰিলে কি কি দিশত লাভান্বিত হ’ব আপুনি

English Summary: Caring for Livestock and Crop After Flooding

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.