অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগে ৰাজ্যজুৰি থলুৱা উৎপাদিত কাপোৰৰ চাহিদা বৃদ্ধি কৰা আৰু ইয়াৰ বিপৰীতে পাৱাৰলুমত উৎপাদিত কাপোৰৰ বজাৰ বন্ধ কৰিবলৈ এক ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে ৷ আজি তামুলপুৰ মহকুমাৰ প্ৰশাসনৰ উদ্যোগত হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ অধীক্ষক কাৰ্যলয়ৰ সহযোগত পাৱাৰলুমত উৎপাদিত গামোচা ,মেখেলা - চাদৰ , আৰনাই আৰু দখনাৰ বিৰুদ্ধে তামুলপুৰৰ বস্ত্ৰ ব্যৱসায়ীৰ দোকানে দোকানে অভিযান চলায় ৷
অভিযান কালত তামুলপুৰৰ কেইবাখনো কাপোৰৰ দোকানত তালাচী চলাই পাৱৰালুমত তৈয়াৰ কৰা গামোচা, নানাৰঙী মেখেলা-চাদৰসহ আন আন কাপোৰ জব্দ কৰিবলৈ সক্ষম হয় । হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰৰ তামুলপুৰৰ অধীক্ষক গৰাকীয়ে জনোৱা মতে, সোমবাৰৰ দিনটোত প্ৰায় এক লাখ টকা মূল্যৰ কাপোৰ জব্দ কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক-
সৰু আৰম্ভণিৰ সৈতে শীৰ্ষ কৃষি ব্যৱসায়ৰ ধাৰণা
লগতে অধীক্ষকগৰাকীয়ে জনায় যে এই অভিযান অধিক তীব্ৰতৰ হ’ব ৷ যিসকলে পাৱাৰলুমত উৎপাদিত বস্ত্ৰ বিক্ৰী কৰি আছে সেই সকলৰ বিৰুদ্ধে অনাগত দিনতো অভিযান চলাই থকা হ’ব আৰু আইন গত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ উল্লেখ্য যে হেণ্ডলুম ৰিজাৰ্ভেশ্চন এক্ট আৰ্টিকলচ্ ফৰ প্ৰডাক্টচন এক্ট ১৯৮৫ ৰ অধীনত এই অভিযান চলাইছে প্ৰশাসনে।
আজিৰ অভিযানৰ সময়ত তামুলপুৰ মহকুমা প্ৰশাসনৰ হৈ সহকাৰী আয়ুক্ত হিতেশ বড়ো , হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ তামুলপুৰৰ অধীক্ষক ৰিয়াজুল হক, স্থানীয় আৰক্ষীৰ দল আৰু বিভগীয় বিষয়া-কৰ্মৰ্চাৰীসকলে অভিযানত সহায় কৰে ৷ অভিযানত জব্দকৃত কাপোৰ প্ৰশাসনে সন্মুখতে চীল কৰি হস্ততাঁত বিভাগৰ কাৰ্যৰ্লয়ত জমা ৰাখিছে ৷ অধীক্ষকগৰাকীয়ে জানিব দিয়া মতে জব্দকৃত বস্ত্ৰসমূহ শীঘ্ৰেই পৰীক্ষাৰ দিহা কৰা হ’ব ৷
লগতে পঢ়ক-