1. News

শীঘ্ৰেই অসম বাসীলৈ আহিব এটা ভাল খবৰ

KJ Staff
KJ Staff

বিশ্বত পৰিৱেশ প্ৰদূষণ কৰা কাৰকসমূহৰ অন্যতম এবাৰ ব্যৱহাৰ্য প্লাষ্টিক। সেয়েহ চলিত মাহৰ ১ জুলাইৰ পৰা দেশত ভাৰত চৰকাৰে এবাৰ ব্যৱহাৰ্য প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ কৰিছিল। আৰু বৰ্তমান এই নিৰ্দেশনা জাৰি আছে।

কিন্তু ২০১৮ চনতে প্লাষ্টিকে কৰি প্ৰদূষণ নিৰাময়ৰ বাবে কলিয়াবৰ মহাবিদ্যালয়ৰ আত্মৰাম শৰ্মা ৰিৰ্চাচ ইনভেশ্যন চেণ্টাৰে এক কাৰ্যপন্থা গ্ৰহণ কৰিছিল।  আৰু ইয়াৰ ফলস্বৰূপে শেহতীয়াকৈ আত্মৰাম শৰ্মা ৰিৰ্চাচ ইনভেশ্যন চেণ্টাৰে বাউণ্ডেৰী ৱাল বা শৌচাগাৰত ব্যৱহাৰ কৰিব পৰাকৈ এবাৰ ব্যৱহাৰ্য প্লাষ্টিকক ইটালৈ ৰূপান্তৰিত কৰাৰ এক অভিনৱ প্ৰযুক্তি উদ্ভাৱন কৰিছে।

এই প্ৰযুক্তি উদ্ভাৱন কৰিছে কলিয়াবৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিদ্যা বিভাগৰ সহকাৰী অধ্যাপক চিৰঞ্জীৱ বেজবৰুৱাই। তেজপুৰ বিশ্ববিদ্যালয়ৰ চিভিল ইঞ্জিনিয়াৰিং বিভাগত পৰীক্ষণ কৰি এই ইটাবিধ মাটিৰ ইটাৰ সমানেই ক্ষমতাসম্পন্ন বুলি জানিবলৈ দিয়ে।

বৰ্তমান এই প্ৰযুক্তিৰ পেটেণ্ট দাখিলৰ প্ৰক্ৰিয়া চলি আছে।   লগতে এই অভিনৱ প্ৰযুক্তিৰ অধিক উন্নত মানৰ কৰি তোলাৰ চেষ্টা অব্যাহতে ৰাখিছে চিৰঞ্জীৱ বেজবৰুৱাই।  যদি ভৱাৰ দৰেই এই প্ৰযুক্তি কাৰ্যক্ষম হৈ উঠে বৰ্তমান বাঢ়ি অহা প্লাষ্টিকৰ প্ৰদূষণৰ পৰা পৃথিৱীখনক যথেষ্ট সকাহ দিব।

লগতে পঢ়ক- গোবৰৰ পৰা কাগজ আৰু কাঠ বনোৱাৰ ব্যৱসায়!

English Summary: BUILDING BLOCKS MADE OF RECYCLED PLASTIC

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.