1. News

ক্ষুদ্ৰ চাহ খেতিয়ক, বটলিফ ফেক্টৰী সন্থাৰে বিমল বৰাৰ বৈঠক

KJ Staff
KJ Staff

বাগিচাই বাগিচাই চাহৰ মানসম্পন্ন কেঁচাপাত উৎপাদন হৈ থকাৰ সময়ত অতি আশ্চৰ্যকৰভাৱে দাম হ্রাস পাইছে । বাগিচাৰ ফেক্টৰীসমূহে কেঁচাপাতৰ সঠিক মূল্য দিয়াৰ বিপৰীতে বটলিফ ফেক্টৰীসমূহে অতি কম মূল্যত পাত কিনা আৰম্ভ কৰিছে । যিহেতু ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে কেঁচাপাত বিক্ৰী কৰাৰ বিকল্প পথ নাই সেয়ে বটলিফ ফেক্টৰীয়ে যি দাম দিয়ে , সেই দামতেই খেতিয়কসকলে কেঁচাপাত বিক্ৰী কৰিবলৈ বাধ্য হৈছে । জানিব পৰা মতে , কোনো কোনো অঞ্চলত ১৪/১৫ টকালৈ কেঁচা পাতৰ দাম হ্রাস পাইছে ।

য'ত উৎপাদন ব্যয় প্রতি কিল'গ্ৰাম কেঁচাপাতত ১৬/১৭ হৈছেগৈ , সেই সময়ত লোকচানত কেঁচাপাত বিক্ৰী কৰি চাহ খেতিয়কসকলে চাহৰ অৰ্থনীতি ধৰি ৰাখিবলৈ সক্ষম হ’বনে ? তাৰ মাজতেই অৱশ্যে বাগিচাৰ ফেক্টৰীয়ে ৩০/৪০ টকা দামত পাত ক্রয় কৰিছে। I এই বিষয়টোক কেন্দ্ৰ কৰি বুধবাৰে ৰাজ্যৰ উদ্যোগ মন্ত্রী বিমল বিমল বৰাই ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ত জিলা প্ৰশাসনৰ মুৰব্বী , উন্নয়ন বিষয়া , সদৌ অসম ক্ষুদ্র চাহ খেতিয়ক সন্থাৰ প্ৰতিনিধি , বটলিফ ফেক্টৰী সন্থা আৰু ভাৰতৰ চাহ বৰ্ডৰ বিষয়াসকলৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হয় ।

সভাত উদ্যোগ মন্ত্রী বিমল বৰাই ডিব্ৰুগড় জিলাৰ লগতে ৰাজ্যখনৰ ওঠৰখন জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিনিধিৰ সৈতে ভিডিঅ ' কনফাৰেন্সিঙৰ যোগেদি সমস্যাৰ বুজ লয় আৰু কেঁচা চাহপাতৰ মূল্যৰ বুজ লয় । ক্ষুদ্র চাহ খেতিয়ক সন্থাৰ প্রতিনিধিসকলে গুণগত মানৰ কেঁচা চাহপাতৰ মূল্য ডিব্ৰুগড় জিলাখনৰ লগতে অনান্য জিলাত ২৫-৩০ টকা পর্যন্ত লাভ কৰিছে বুলি প্ৰকাশ কৰে । ইফালে সাধাৰণ মানৰ কেঁচা চাহপাতৰ মূল্য ১৪-১৬ টকা পর্যন্ত হৈছেগৈ বুলি মন্ত্ৰী গৰাকীক অৱগত কৰে । এইক্ষেত্ৰত বটলিফ ফেক্টৰী সন্থাৰ প্ৰতিনিধিক ক্ষুদ্র চাহ খেতিয়ক সকলক উচিত মূল্য প্রদান কৰিবলৈ মন্ত্রী বিমল বৰাই পৰামৰ্শ দিয়ে ।

কেঁচা চাহপাতৰ উচিত মূল্য প্ৰদানৰ ব্যৱস্থা কৰিবলৈ প্ৰতিমাহৰ প্ৰথম সপ্তাহত জিলা উপায়ুক্ত কাৰ্যালয়ত জিলা পৰ্যায়ৰ মূল্য নিৰীক্ষণ সমিতিৰ বৈঠক অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিবলৈ জিলা উপায়ুক্ত নির্দেশ দিয়ে । উদ্যোগ মন্ত্রী বিমল বৰাৰ পৌৰহিত্যত অনুষ্ঠিত আজিৰ সভাত ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগু , উন্নয়ন আয়ুক্ত সঞ্জয় দত্ত , সদৌ অসম ক্ষুদ্র চাহ খেতিয়ক সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ উপ সভাপতি ৰোহিত কাকতি , সহকাৰী সম্পাদক প্রশান্ত ভূঞা , ভাৰতীয় চাহ বৰ্ডৰ ডিব্ৰুগড় কাৰ্যালয়ৰ উপ সঞ্চালক ৰামেশ্বৰ কুজুৰ , উন্নয়ন বিষয়া সুশান্ত কর্মকাৰ , বটলিফ ফেক্টৰী সন্থাৰ বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক- PM-KISAN সন্দৰ্ভত কেন্দীয় কৃষিমন্ত্ৰীৰে অতুল বৰাৰ বৈঠক

English Summary: BIMAL MORAH MEET TEA FARMERS

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.