Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 19 March, 2023 1:47 PM IST
তিতা ভেকুৰিৰ উপকাৰিতা

অসমৰ গ্ৰামাঞ্চলত প্ৰচুৰ পৰিমানে দেখা পোৱা এবিধ বনৌষধি গছ হ'ল ভেকুৰি ৷ অসমীয়াত ইয়াক মতা নাম কেইবাটাও আছে ৷ সেইকেইটা হ'ল : তিতা-ভেকুৰি, তিতাগুটি, বৃহতী, কটাহী বেঙেনা,ভেকুৰি, কোটাহি বেঙেনা , কণ্টকাৰি, কোটোহা বেঙেনা ৷ কিন্তু পৰিতাপৰ কথা ঘৰৰ গৰুৰ সৈতে বাৰীৰ ঘাঁহৰ ৰাহি- যোৰা নিমিলাৰ দৰে এনেহেন লাগতিয়াল বনৌষধি আমাৰ চকুত অনাদৃত আৰু অৱহেলিত হৈ ৰয় ৷ কেইদিনমানৰ আগতে মই হাপানি ৰোগৰ বিষয়ে এটি নিবন্ধ লিখিছিলোঁ ৷ সেইটো পঢ়ি এজন সচেতন পাঠকে জনালে যে ভেকুৰি গুটি খাই তেওঁৰ হাপানি ৰোগ ভাল হ'ল ৷ তেতিয়াই মই ঠিৰাং কৰিলোঁ যে আমাৰ ৰাইজক ভেকুৰি তিতাৰ গুণসমূহৰ সৈতে পৰিচয় কৰাম ৷ মোৰ জন্মস্থান কালুগাঁৱৰ আমাৰ ঘৰৰ বাৰীত ভেকুৰিকে ধৰি অনেক বনৌষধি গছ, বনশাক, তামোল-পাণ আৰু আজিকালিৰ দূৰ্লভ ফলমূলৰ গছ (লেতেকু,পনিয়ল, ৰবাব টেঙা,কুজি থেকেৰা, অমিতা, বিধে বিধে কলগছ, নাৰিকল আদি) আছিল ৷ বাৰীৰ পুখুৰীত আছিল মাছ ৷ চাকৰিত থাকিও দেউতাই ঘৰত সকলো বতৰৰ শাক-পাচলিৰ খেতি কৰিছিল ৷ সময়ে সময়ে দেউতাই লগতে মায়েও সেই পাচলি, বনশাক আদিৰ গুণ আমাক বখানি শুনাইছিল ৷ সপ্তাহত ৩বা ৪দিন দেউতাই বাৰীৰ পৰা ভেকুৰি এমুঠিমান চিঙি আনিছিল ৷ মায়ে কেতিয়াবা মিঠাতেলেৰে শুকানকৈ ভাজি দিছিল আৰু কেতিয়াবা কলপাতেৰে মেৰিয়াই জুইত পুৰি পাতত দিছিল ৷ দেখিবলৈ ধুনীয়া লাগিলেও খাবলৈ ভেকুৰি সদায় তিতা ৷ আমি বাধ্যত পৰি সেয়া খাইছিলোঁ ৷

বিভিন্ন ভাষাত ভেকুৰিক কি বোলে ?

ইংৰাজীত ভেকুৰিক মতা নামবিলাক হ'ল- Indian night shade, Poison berry, Solanum, African eggplant, Bush tomato, Ntunfululu ৷ লেটিন ভাষাত চোলেনম ইণ্ডিকম, চীনা ভাষাত ঝি হোৱা কিৱি, ঝি হোনাং কিৱি, হোনাং শ্বি কিৱি আদি ৷ ফৰাচী ভাষাত মৰেলি ডেচ ইণ্ডেচ ৷ আফ্ৰিকাত এনজিভ মেৰন ৷ জাপানত শ্বিৰো ছুজেমি নাচুবি ৷ মলয় ভাষাত টেৰং পিপিট পুট্চ ৷ সংস্কৃতত বৃহটি, ভন্টাহি, আক্ৰান্ত, অস্পৰ্শী, হিংগুলি, ক্ষুদ্ৰভৰ্তকি, ক্ষুদ্ৰভন্টকি,মহটিক্ৰান্ত আদি ৷ বাংলাত তিত বেগুণ, বৃহটি বেগুণ, ফুটকি বেগুণ, বেইকুৰ,ফুটকি আদি ৷ হিন্দীত বৃহৎত্ত, ৱনভৰ্তা, জংলী ভৰ্তা, বড়ীকটেৰী, বৰ্হন্ট আদি ৷ ত্ৰিপুৰী ভাষাত খংকা, ওৰিয়াত ডংগাভাজি, পঞ্জাবীত কণ্ডিয়াৰিভদ্দি, গুজৰাটীত উভিভূয়াৰিংগা, কন্নড়ত কিৰুগুলিয়া, মলয়ালমত চেৰুচুন্তা, মৰাঠীত মঠি ৰিংগানি, তামিলত চিৰু ভাজহুথালাই, তেলেগুত তেল্লামুলক্কা, উৰ্দূ আৰু য়ুনানীত কটেলী, গাৰো ভাষাত তিতবহল,কাৰ্বিত থেচ-কেহো, ডিমাচাত কিমকটাই বোলে ৷

ভেকুৰিৰ ব'টানিকেল নাম হ'ল- Solanium indicum ৷ ই Solanaceae familyৰ বা আলু, বেঙেনা আৰু বিলাহীৰ সৈতে একেটা বংশৰ ৷

প্ৰাপ্তিস্থান - ভেকুৰি ঘাইকৈ ভাৰত, শ্ৰীলংকা, চীন, মালেয়শিয়া, ফিলিপাইনচ আদি দেশ আৰু আফ্ৰিকা মহাদেশৰ গ্ৰীষ্মকালীন অঞ্চলত পোৱা যায় ৷ সমুদ্ৰ পৃষ্ঠৰ পৰা ১৫০০মিটাৰ উচ্চতালৈকে ইয়াৰ উপস্থিতি দেখা গৈছে ৷ ই বাটৰ কাষত জিকা আৰু ছাঁ পৰি থকা ঠাইত সহজে গজি উঠে ৷

গছৰ বৰ্ণনা : - ভেকুৰি হ'ল অনেক থাল-থেঙুলি থকা কাঁইটীয়া জোপোহা গছ ৷ উচ্চতা দেড়মিটাৰ পৰ্য্যন্ত ৷ গছৰ পাত ডিম্বাকৃতিৰ বেঙেনাৰ পাতৰ সদূশ্য, ১০চেন্টিমিটাৰ মান আকাৰৰ ৷ পাততো কাঁইট থাকে ৷ কোমল ডালবিলাক হ'ল মূগা বৰণীয়া আৰু নোমাল ৷ গছৰ কাঁইটবিলাক ৫চেন্টিমিটাৰ পৰ্য্যন্ত দীঘল হব পাৰে ৷ কাঁইটৰ আগ জোঙা আৰু সামান্য বেকা, তলখন বহল, বৰণ জিলিকি থকা হালধীয়া ৷ গছত ২ চেন্টিমিটাৰমানৰ নীলা-বেঙুনীয়া ফুল চেপ্তেম্বৰ- অক্টোবৰত ফুলিব ধৰে ৷ ভেকুৰিৰ আন এটা প্ৰজাতি Solanium torvum Swartzৰ ফুলৰ বৰণ বগা ৷ গছত দেড়-দুই চেন্টিমিটাৰ ব্যাসৰ ঘূৰণীয়া ফল লাগিব ধৰে ৷ পোনতে সেউজীয়া ফলবোৰ পূৰঠ হলে মোহনীয়া হালধীয়া-ৰঙচুৱা বৰণ লয় ৷ ফলবিলাকৰ স্বাদ তিতা ৷ ফলৰ ভিতৰত অনেক চেপেটা সৰু সৰু গুটি থাকে ৷ সেই গুটিৰ পৰাই গছৰ বংশ বৃদ্ধি হয় ৷ বহলকৈ শাখা মেলা শিপাৰ বৰণ হয় হালধীয়া-মূগা ৰঙৰ ৷ নানান আয়ুৰ্বেদিক ঔষধ নিৰ্মাণত শিপা ব্যৱহৃত হয় ৷ শুকান শিপাৰ প্ৰতি কিলোৰ মূল্য ১৫টকা পৰ্য্যন্ত ৷ আমাৰ দেশৰ বজাৰত বাৰ্ষিক ৪টনৰ অধিক শিপা বিক্ৰী হয় বুলি জনা যায় ৷ ভেকুৰিৰ কি কি অংশ ব্যৱহৃত হয় ? ভেকুৰিৰ ফল, কোমল পাত আৰু আগ, শিপা ঔষধি হিচাবে ব্যৱহৃত হয় ৷ সাধাৰণতে ভেকুৰিৰ ফলৰ চাটনি, আঞ্জা, ভাজি, সিদ্ধ কৰি আৰু পিতিকা কৰি খোৱা হয় ৷ ইয়াৰ ঘোলক চাহৰ দৰেও সেৱন কৰিব পাৰি ৷ ভেকুৰিৰ আচাৰো বনাব পাৰি ৷ ভেকুৰি গুটিৰ তেল ওলিয়াই আৰু চূৰ্ণ বনায় ৷ ঔষধ হিচাপে ইয়াৰ মাত্ৰা হ'ল-পাউদাৰ হিচাবে দৈনিক ৩ৰ পৰা ৫গ্ৰাম আৰু জুলীয়া চিৰাপ হিচাবে ৫০ৰ পৰা ১০০মিলিলিটাৰ ৷

লগতে পঢ়ক- 

GRAFTING TECHNIQE: একেজোপা গছতে লাগিব বিলাহী, বেঙেনা, আলু

কি কি লাগতিয়াল তত্ব ভেকুৰিত থাকে ? ভেকুৰিত থাকে এন্টিঅক্সিডেন্ট, ফাইটোকেমিকেলচ, চেক্স হৰমোন, ভিটামিন-চি, কাৰ্বোহাইড্ৰেট, কেলচিয়াম, ফচফৰাছ, কেৰ'টিন, ষ্টেৰইডযুক্ত (কৰ্টিচন থকা) এলকেলইড (চলানিয়াম, চলানিদিন, চলাচদিন) আৰু আন ৰাসায়নিক তত্ব যেনে কেপ্ৰ'ষ্টৰল, কেপেষ্টৰল, লেন'ষ্টৰল, ডায়োচোজেনিন আদি ৷ কেইবাটিও গবেষণামূলক অনুসন্ধানত ভেকুৰিৰ এন্টিকেঞ্চাৰ, এন্টিবেক্টেৰিয়েল, এন্টিপেৰাচাইটিক আৰু কাৰ্ডিয়োটনিক গুণ থকা পৰিলক্ষিত হৈছে ৷

 উপকাৰিতাৰ দীঘলীয়া তালিকাখনলৈ লক্ষ্য কৰক :

অতি প্ৰাচীন কালৰ পৰা আমাৰ দেশত বিভিন্ন অসুখ যেনে শ্বাসজনিত ৰোগ, জ্বৰ, কাহ,পাকস্থলীৰ বিকাৰ, মূত্ৰৰোগ, দাঁতৰ বিষ,গাৰ বিষ, নাকৰ ঘাঁ আৰু কৃমি ৰোগত লোক ঔষধি হিচাবে ভেকুৰিৰ প্ৰয়োগ হৈ আহিছে ৷ আয়ুৰ্বেদত উল্লেখিত এন্টিইনফ্লেমেটৰী 'দশমূল'ৰ ই এক লাগতিয়াল তত্ব ৷

  • হাপানি, ব্ৰংকাইটিচ,কফ আদি শ্বাসজনিত ৰোগৰ ফলপ্ৰসু চিকিৎসা - ভেকুৰিৰ কেঁচা ফল আৰু শিপা ইয়াৰ বাবে ব্যৱহৃত হয় ৷
  • কেইটিমান কেঁচা ভেকুৰি থেতালি উতলা গৰম পানীত কিছুপৰ থৈ কুহুমীয়া কৰি খালে কাহৰ উপশম ঘটে ৷
  • জ্বৰ,বিষহাৰক হিচাবে প্ৰয়োগ হয় ৷
  • প্ৰসাবৰ পৰিমান বঢ়ায় (Diuretic action ) ৷ মূত্ৰাশয়ৰ ৰোগ,শৰীৰ ফুলা ৰোগৰ উপশম ঘটায় ৷
  • বেক্টেৰিয়া বিনাশক- ই কলাই, ষ্টেফাইলোকক্কাচ অ'ৰিয়াচ আদিৰ ওপৰত প্ৰয়োগ কৰি উপযোগী দেখা গৈছে ৷
  • কৃমি পেলুৰ ক্ষেত্ৰত প্ৰমাণিত ঔষধ সিদ্ধ হৈছে ৷
  • কৰ্কট ৰোগ প্ৰতিষেধক- পৰীক্ষাগাৰত দেখা গৈছে ভেকুৰিয়ে মাইটোকন্দ্ৰিয়াৰ পথত ক্ৰিয়া কৰি কৰ্কট ৰোগৰ কোষৰ বিকাশত বাধা জন্মায় ৷
  • এন্টিঅক্সিডেন্ট গুণৰ বাবে শৰীৰক অপকাৰী ফ্ৰি-ৰেডিকেলচৰ পৰা মুক্ত কৰি শৰীৰৰ ইমিউনিটি (ৰোগ প্ৰতিৰোধ ক্ষমতা) বঢ়ায় ৷
  • কৌষ্ঠ-কাঠিন্য আতৰ কৰে ৷ পেটৰ বিষ কমায় ৷
  • পেটৰ গেছ কমায় আৰু ভোক বঢ়ায় ৷
  • বমি-ওকালি বন্ধ কৰে ৷
  • মেল এবজৰ্পচন চিনড্ৰম, ইৰিটেবল বাৱেল চিনড্ৰম আদি উদৰ ৰোগৰ চিকিৎসাত সহায়ক ৷
  • শিশুৰ ডায়েৰিয়া গাখীৰৰ সৈতে কেইটিমান ভেকুৰি খোৱালে নিৰাময় হয় ৷
  • যৌন শক্তি বৃদ্ধি কৰে (Aphrodisiac action) ৷ পুৰুষ জননাংগত শিপাৰ প্ৰলেপ দিলে শিথিলতা দূৰ হয় ৷
  • ভেকুৰিয়ে জৰায়ুৰ সংকোচন ঘটাই প্ৰসৱ সুচল কৰে ৷
  • খজুৱতি আৰু চৰ্মৰোগত শিপাৰ প্ৰলেপ উপকাৰী ৷
  • বৃশ্চিক আদি কীট পতংগৰ দংশনৰ চিকিৎসাত ফলপ্ৰসু ৷
  • চুলি সৰা ৰোধ কৰিবলৈ ভেকুৰি পিচি মৌৰ সৈতে মিহলাই মূৰত ঘঁহা হয় ৷
  • মুখৰ দূৰ্গন্ধ আতৰাবলৈ ভেকুৰিৰ ৰসেৰে কুলকুলি কৰিবৰ পৰামৰ্শ দিয়া হয় ৷
  • মৃগী ৰোগীৰ ফিটৰ গভীৰতা ভেকুৰিয়ে হ্ৰাস কৰে ৷
  • ভেকুৰিৰ শিপাৰে হৃদৰ সবলতা আৰু স্বাস্থ্যৰ উন্নতিৰ বাবে টনিক প্ৰস্তুত কৰা হয় ৷
  • বাত বিষৰ ঔষধ ভেকুৰিৰ পৰা বনোৱা হৈছে ৷
  • দন্তৰোগ,কাণৰ বিষ,জিভাত জাৰি পৰা,মহিলাৰ বন্ধ্যাত্ব, স্নায়ুৰোগ আদি সানমিহলি চিকিৎসাত বিজ্ঞজনে প্ৰয়োগ কৰে ৷

সতৰ্কবাণী : -

গৰ্ভৱতী মহিলাই নোখোৱাই ভাল ৷

অত্যধিক পৰিমানত কেতিয়াও নাখাব ৷

শৰীৰৰ উত্তাপ বৃদ্ধিকাৰক গুণযুক্ত - একেৰাহে ৩মাহৰ বেচি কাল নাখাব ৷

দেখিবলৈ একে হাতী-ভেঁকুৰী বা Solonum torvom (Turkry berry)ৰ একোটা ফলৰ আকাৰ আমলখিৰ সমান ৷ তাত থকা এলকেলইড মানুহৰ বাবে কিছু পৰিমানে বিষাক্ত হব পাৰে - সেয়ে নাখাবলৈ পৰামৰ্শ দিয়া হয়৷

লেখক- ডা০ ভূপেন শইকীয়া

ৱাটচএপ আৰু ম'বাইল- ৯৭৪৩৩৭৩৮৭২

লগতে পঢ়ক- 

 পৰিকল্পিত তেজপাতৰ খেতিয়েও আপোনাক লাখপতি বনাব

English Summary: benefit of the Indian Night Shade
Published on: 19 March 2023, 01:46 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now