Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 20 January, 2023 12:36 PM IST

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ২০০২ চনৰ গুজৰাট দাঙ্গাৰ ওপৰত নিৰ্মিত বিবিচিৰ এখন ধাৰাবাহিকে ফাইলচ খুলিছে মোডী আৰু গুজৰাট কাণ্ডৰ। বৰ্তমানেও তথ্যচিত্ৰখন ভাৰতত বিবিচিয়ে প্ৰদৰ্শন কৰা নাই, কিন্তু বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বহিঃৰাজ্যৰ পৰা অহা দৰ্শকে শ্বেয়াৰ কৰা ধাৰাবাহিকখনৰ কেতবোৰ ভিডিঅ’ৰ টকুৰাই উপচি পৰিছে ভাৰতবৰ্ষ। ইয়াৰ লগে লগে মূৰৰ কামোৰণি সৃষ্টি হৈছে মোডী আৰু ভাৰত চৰকাৰৰ। এই সন্দৰ্ভত বুহস্পৃতিবাৰে মুখ খুলিছে ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে।

তেওঁ কয়- “India: The Modi Question"ত পক্ষপাতিত্ব, বস্তুনিষ্ঠতাৰ অভাৱ আৰু অকপটে ক’বলৈ গ’লে ঔপনিৱেশিক মানসিকতা অব্যাহত থকাটো স্পষ্টভাৱে দেখা যায়। যদি কিবা আছে, তেন্তে এই ছবি বা তথ্যচিত্ৰখন হৈছে এই আখ্যানটোক পুনৰ ব্যৱসায় কৰা এজেন্সী আৰু ব্যক্তিসকলৰ প্ৰতিফলন।’ ইফালে সমালোচকসকলে India: The Modi Question" ধাৰাবাহিকত “ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ভাৰতৰ মুছলমান সংখ্যালঘুৰ মাজৰ উত্তেজনাৰ দৃষ্টিভংগী, ২০০২ চনত হাজাৰৰো অধিক লোকৰ মৃত্যু হোৱা দাঙ্গাত তেওঁৰ ভূমিকা সম্পৰ্কে কৰা দাবীৰ তদন্ত” বুলি অভিহিত কৰিছে।

লগতে পঢ়ক-

Zinger Farming : ভালদৰে কৰিলে এবিঘা মাটিতে ৮-৯ মাহতে চকুমুদি লাভ কৰিব আঢ়ৈ লাখ টকা

বিবিচিৰ India: The Modi Question প্ৰশ্ন নামৰ দুটা খণ্ডৰ ধাৰাবাহিকখনে প্ৰকাশ কৰিছে যে টনি ব্লেয়াৰৰ প্ৰধানমন্ত্ৰীত্বৰ অধীনত ব্ৰিটেইনে এই কাণ্ডৰ তদন্ত চলাইছিল। তথ্যচিত্ৰখনত তদানীন্তন ব্ৰিটেইনৰ প্ৰাক্তন বৈদেশিক সচিব জেক ষ্ট্ৰ’ৱে কৈছে- আৰক্ষীক পিছুৱাই নিয়াৰ ক্ষেত্ৰত আৰু হিন্দু উগ্ৰপন্থীসকলক মৌনভাৱে উৎসাহিত কৰাত মুখ্যমন্ত্ৰী মোদীয়ে সক্ৰিয় ভূমিকা গ্ৰহণ কৰা বুলি দাবী কৰিছে।

তথ্যচিত্ৰখনত  দেখা গৈছে যে “লং ফৰ্ম ৰিপ’ৰ্টেজ” নামৰ ছবিখনে জনাইছিল যে এই দাঙ্গাই যুক্তৰাষ্ট্ৰত “বহুত আতংক”ৰ সৃষ্টি কৰিছে আৰু যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় সংঘ দুয়োটাই গুজৰাটত প্ৰায় তিনিদিন ধৰি চলি থকা গণ হিংসাৰ পৰ্যায়টোৰ ওপৰত তদন্ত চলাইছিল। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদালতে ক্লীনশ্বিট দিয়া সন্দৰ্ভতো প্ৰশ্ন তুলিছে বিবিচিৰ তথ্য চিত্ৰখনে।

লগতে পঢ়ক- 

অসমীয়া কাব্য জগতত সূৰ্যাস্তঃ কাব্যঋষি নীলমণি ফুকন আৰু নাই

English Summary: BBC documentary on PM Modi- "India: The Modi Question"
Published on: 20 January 2023, 12:05 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now