
২০০৭ চনৰ কথা। পশ্চিমবংগৰ এজন কৃষক সুকুমাৰ বৰ্মন নামৰ ব্যক্তিজনে নিজ গাঁৱৰে এজন কৃষকৰ পৰা অলপ খেতি মাটি লীজত তেজপাতৰ গছৰ পুলি ৰোপন কৰে। তিনি বছৰৰ পাছত প্ৰতিজোপাৰ গছৰ পৰা ৭-৮ কেজিকৈ তেজপাত বিক্ৰি কৰিবলৈ সক্ষম হয়। আৰু ৫ লাখ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ২০০৭ চনৰে আগতে কৃষকগৰাকীয়ে পৰম্পৰাগত কিছুমান শস্যৰ খেতি; যেনে- ধান, মাকৈ, সৰিয়হ আদিৰ শস্য খেতি কৰিছিল। এই খেতিবোৰৰ উপাৰ্জন ভাল নোহোৱা দেখি তেজপাতৰ চাহিদা আৰু এবাৰ কৰি দীৰ্ঘদিনৰ বাবে উপাৰ্জন কৰিব পৰা দিশটোৰ প্ৰতি লক্ষ্য ৰাখি তেজপাতৰ খেতিৰ সিদ্ধান্ত লয়।
বৰ্তমান তেওঁৰ ৬৫০ জোপা তেজপাতৰ গছ আছে। পূৰ্বতে পশ্চিমবংগত বৰ বেছি তেজপাতৰ খেতি নকৰিছিল। সুকুমাৰ বৰ্মনে তেজপাতৰ খেতি দেখুওৱা সফলতাই উত্তৰ দিনাজপুৰৰ ৰায়গঞ্জ, হেমতাবাদ, কালিয়াগঞ্জ, ইছলামপুৰ আৰু দক্ষিণ দিনাজপুৰৰ কুশমুণ্ডিৰ বহু খেতিয়কক তেজপাতৰ খেতি প্ৰতি অনুপ্ৰাণিত কৰিছে। এই জিলাকেইখনত বৰ্তমান বহু কৃষকে তেজপাতৰ খেতি কৰিছে।
লগতে পঢ়ক-
তেজপাতঃ স্বাস্থ্যৰ লাভালাভ আৰু ৰেচিপি
২০০৭ চনত দিনাজপুৰ জিলাত সুকুমাৰ সেনে আৰম্ভ কৰা এই এই কৃষি বিপ্লৱে বৰ্তমান ৪০০ কোটি টকাৰ উদ্যোগলৈ ৰূপান্তৰ হৈছে। আৰু দিনাজপুৰ জিলাই ৰাজ্যখনত তেজপাত উৎপাদনৰ কেন্দ্ৰ হৈ পৰিছে। য’ত প্ৰতি কুইন্টেল তেজপাতৰ দাম ৫,০০০ টকা। এই উদ্যোগে কেৱল খেতিয়কৰ ভাগ্যেই সলনি কৰা নাই, স্থানীয় মহিলাসকলৰ বাবে নতুন উপাৰ্জনৰ পথো মুকলি কৰিছে। পুৰুষসকলে মূলতঃ খেতি আৰু পাত সংগ্ৰহত দৰে কামবোৰ কৰে আৰু, পাত বাচি শুকুৱা, পেকেজিঙৰ দৰে গুৰুত্বপূৰ্ণ কামত মহিলাসকলেই আগভাগ লয়। জানিব পৰা মতে, উত্তৰ দিনাজপুৰৰ ৮০% খেতিয়কে তেজপাতৰ খেতি কৰে, আৰু ৬৪% মহিলাই পাত বাছি শুকুৱা কামত নিয়োজিত। মহিলাসকলৰ বাবে এই কাম কেৱল উপাৰ্জনৰ মাধ্যম নহয়, ইয়াৰ জৰিয়তে তেওঁলোকে আত্মনিৰ্ভৰশীলতা আৰু গৌৰৱ অনুভৱ কৰে।
দীৰ্ঘস্থায়ী উপাৰ্জনৰ উৎস
সুকুমাৰ বৰ্মনৰ দৰে খেতিয়কসকলে পৰম্পৰাগত খেতিৰ সলনি তেজপাতৰ খেতি কৰি অৰ্থনৈতিকভাৱে সফল হৈছে। এজোপা তেজপাতৰ গছে ২৫ বছৰলৈকে পাত দিব পাৰে, আৰু বছৰি ১৫-২০ কিলোগ্ৰাম তেজপাত পাব পাৰি। বহু খেতিয়কে তেওঁলোকৰ তেজপাতৰ বাগিচা ব্যৱসায়ীক লিজত দিয়ে, যিয়ে সংগ্ৰহৰ পৰা বিপণনলৈ সকলো দায়িত্ব লয়।
খেতিৰ পদ্ধতি আৰু বজাৰ
তেজপাতৰ গছ সাধাৰণতে ২০-৩০ ফুট ওখ হয়, আৰু পানী জমা নোহোৱা টান মাটিত ভাল হয়। পাতবোৰ আগষ্টৰ পৰা ডিচেম্বৰলৈ সংগ্ৰহ কৰা হয়, আৰু শুকুৱাই গ্ৰেড অনুসৰি ভাগ কৰা হয়। A-grade পাত আৰৱীয় দেশলৈ ৰপ্তানি হয়, আনবোৰ ভাৰতৰ বিভিন্ন চহৰলৈ পঠিওৱা হয়। উল্লেখ্য যে অসমতো তেজপাতৰ খেতি ভাল হয়। তেজপাতৰ বজাৰখনৰ সথিক উমান লৈ অসমৰ কৃষকেও তেজপাতৰ খেতি কৰিব পাৰে। কাৰণ অসমত কোনো যত্ন নোলোৱাকৈ তেজপাতৰ গছবোৰ ডাঙৰ হয়। পাতে ভৰি থাকে। যদি ব্যৱসায়িকভাৱে আৰু বিজ্ঞান সন্মতভাৱে ইয়াৰ খেতি কৰা হয় তেতিয়া নিশ্চিতভাৱে গছবোৰ ভাল হ’ব। গছবোৰ ডাল-পাতে ভৰি পৰিব।
লগতে পঢ়ক-
Share your comments