সকলো মানুহে কোনো বৈষম্য অবিহনে মৰ্যাদা আৰু আইনগতভাৱে সম অধিকাৰত জন্ম গ্ৰহণ কৰে। তথাপিও, পৃথিৱীৰ বেছিভাগ প্ৰান্তত বিশেষভাৱে সক্ষম লোকসকলে তেওঁলোকৰ শৈশৱৰ পৰাই সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে বাদ পৰি থাকে। সামাজিক বৰ্জন, শৈক্ষিক আৰু পেছাদাৰী সুযোগ, লগতে অপৰ্যাপ্ত আন্তঃগাঁথনি আৰু ৰাজহুৱা তথ্যৰ অপৰ্যাপ্ত প্ৰৱেশাধিকাৰৰ দ্বাৰা উদ্ভৱ হোৱা সামাজিক বাধা হৈছে বিশেষভাৱে সক্ষম লোকসকলৰ মুখ্য প্ৰত্যাহ্বান।
এপ্ৰিল মাহটো অ'টিজিমৰ সজাগতাৰ মাহ হিচাপে পালন কৰি অহাৰ লগতে ২ এপ্ৰিল দিনটো সজাগতাৰ দিন হিচাপে পালন কৰা হয়। যিহেতু সমগ্ৰ মাহটোৱেই অ'টিজিমৰ সজাগতাৰ মাহ হিচাপে পালন কৰা হয়, এই উপলক্ষে মহানগৰীৰ আগশাৰীৰ বেচৰকাৰী প্ৰতিষ্ঠান প্ৰজন্মৰ উদ্যোগত বিশেষভাৱে সক্ষম লোকসকলৰ সমাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। অভিভাৱক তথা সমাজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াসেৰে প্ৰজন্মৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত ত্ৰিকোলিন যোগ আৰু ওৱেলনেছ চেণ্টাৰৰ দ্বাৰা বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীয়ে বিহু নৃত্য আৰু যোগ প্ৰদৰ্শন কৰে।
এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্হিত থাকে যোগ প্ৰশিক্ষক দৰ্শন শৰ্মা (বিশেষ অলিম্পিক ভাৰত, অসমৰ এক্সিকিউটিভ সদস্য), প্ৰখ্যাত অসমীয়া অভিনেতা ৰাগ অনিটম, শ্যামন্ত ভিভান আৰু নিশা কলিতা, এক্স আৰ জে প্ৰীতি প্ৰিয়াদৰ্শিনী, NE News ৰ ঘোষিকা নন্দিতা শইকীয়া, সমাজকৰ্মী নিপু কুমাৰৰ লগতে অসমৰ জনপ্ৰিয় ইউটিউবাৰ দীপাংকৰ তালুকদাৰ । অনুষ্ঠানত বিশেষভাৱে বক্তব্য আগবঢ়াই ডাঃ সংগীতা শৰ্মা আৰু প্ৰজন্মৰ প্ৰতিষ্ঠাপক অশোকা শৰ্মাই। ইপিনে চৰকাৰকো বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীৰ বাবে চৰকাৰীভাৱে শিক্ষানুষ্ঠানৰ ব্যৱস্হা কৰাৰ অনুৰোধ চিকিৎসক ডাঃ নিমি বৰগোহাঁইৰ।
এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই গুৱাহাটী টাইমছৰ লায়ন্স ক্লাবে। ক্লাবৰ প্ৰেচিডেণ্ট মনীষ জালান আৰু সদস্যসকলে শিশুসলৰ বাবে খাদ্য আৰু উপহাৰো প্ৰদান কৰে। উল্লেখ্য যে এই বছৰৰ বিশ্ব অ’টিজম সজাগতা দিৱস ২০২৩ৰ মূল বিষয়বস্তু হৈছে "Transforming the narrative: Contributions at home, at work, in the arts and in policymaking."
লগতে পঢ়ক-