শুকুৰবাৰে কৃষি বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে কৃষিমন্ত্ৰীৰ বৈঠক। বৈঠকত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লয় মন্ত্ৰী অতুল বৰাই। আহি থকা প্ৰাকৃতিক কৃষি সংক্ৰান্তীয় সন্মিলন, অসম মিলেট অভিযানৰ শুভাৰম্ভণি অনুষ্ঠান আৰু কৃষি-উদ্যান শস্য প্ৰদৰ্শনীৰ প্ৰস্তুতিপৰ্বৰো বিভাগীয় বিষয়াৰ পৰা বুজ লয় মন্ত্ৰী বৰাই। লগতে পঢ়ক- পৰম্পৰাগত গো-পালনে অসমৰ কৃষিখণ্ডক ৫০ বছৰ পিছুৱাই ৰাখিছে লগতে এই সন্মিলনসমূহ সফলতাৰে আয়োজন কৰাৰ ক্ষেত্ৰত সকলো প্ৰস্তুতি নিয়াৰিকৈ সম্পন্ন কৰিবলৈ বিষয়াসকলক যাৱতীয় নিৰ্দেশ প্ৰদান কৰে কৃষিমন্ত্ৰীগৰাকীয়ে। বৈঠকত কৃষি সঞ্চালক অনন্ত লাল জ্ঞানী, ARIAS-ৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক ৰশ্নি আপাৰঞ্জী কোৰাটি, অতিৰিক্ত সচিবদ্বয় তেজ প্ৰসাদ ভুছল আৰু দীপশিখা দে, অসম বীজ নিগমৰ পৰিচালন সঞ্চালক শ্ৰী গুণজিৎ কাশ্যপ, উদ্যানশস্য সঞ্চালক শ্ৰী ত্ৰিৰংগ ভাৰতীয় বৰা আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। লগতে পঢ়ক কোকৰাঝাৰত আগতীয়া ফুলকবিৰে চমক
Share your comments