Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 2 December, 2023 11:59 AM IST

লেখক, উদ্যোগী শ্যামকানু মহন্তই সামাজিক মাধ্যম ফেচবুকত এটা পোষ্ট  আপোলোড কৰিছে। বৰ্তমান সময়ৰ এটা চকুত নলগা যদিও ডাঙৰ সমস্যাকলৈ। শেহতীয়াকৈ বহু উচ্চশিক্ষিত যুৱকে চতুৰ্থ আৰু তৃতীয় বৰ্গৰ চাকৰিত নিযুক্তি লাভ কৰিছে। কিন্তু উচ্চশিক্ষিত উচ্চ শিক্ষিত একাংশ ল'ৰা-ছোৱালীৰ কেৰানী হোৱাৰ প্ৰৱণতাই জাতিটোক ভয়ানক বৌদ্ধিক বিপৰ্যয়লৈ ঠেলি দিব বুলি শংকা প্ৰকাশ কৰিছে লেখক, উদ্যোগী শ্যামকানু মইন্তই। তেওঁ ফেচবুক পোষ্টটোত লিখিছে কৰিছে-

লগতে পঢ়ক- 

সাগৰ পাৰৰ অৰ্ধ নঙঠা মানুহ, সোৱণশিৰিৰ মাছ, ৰাঘৱ আৰু অন্যান্য

‘’অসমত চৰকাৰী কেৰানী চাকৰিৰ প্ৰতি ইঞ্জিনিয়াৰ, অতি উচ্চ শিক্ষিত ল'ৰা-ছোৱালীৰ তীব্ৰ হাবিয়াস, কথাটো অতি চিন্তনীয়। এইবাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদতো অধিকাংশ উচ্চ শিক্ষিত পৰীক্ষাৰ্থীয়েই নিযুক্তি পাইছে। উচ্চ শিক্ষিত একাংশ ল'ৰা-ছোৱালীৰ কেৰানী হোৱাৰ প্ৰৱণতাই জাতিটোক ভয়ানক বৌদ্ধিক বিপৰ্যয়লৈ ঠেলি দিব। দেশৰ উন্নত অঞ্চল, দক্ষিণৰ ৰাজ্যসমূহত ইঞ্জিনিয়াৰসকলে ব্যক্তিগত খণ্ডত কাম কৰে, কেৰিযাৰত কষ্ট কৰি বহু দৰমহা আৰ্জন কৰে বা নিজাববীয়াকৈ ষ্টাৰ্ট আপ, ব্যৱসায়, উদ্যোগ আৰম্ভ কৰি অঞ্চলটোৰ উন্নয়নৰ অংশীদাৰ হৈছে। অসমত এই সমস্যাই কলা শাখাৰ ডিগ্ৰীধাৰীসকলৰো নিয়োগত বাধা হ'ব।

আমাৰ, ছাত্ৰ ছাত্ৰীৰ অভিভাৱক, চৰকাৰ সকলোৰে মানসিকতাৰ পৰিৱৰ্তনৰ লগতে ৰাজ্যখনৰ ব্যাপক উন্নয়ন, ঔদ্যোগিক উন্নয়নেহে এইবোৰ সমস্যা সমাধান কৰিব পাৰিব। চৰকাৰী চাকৰিত টকা পইচা বা বহু বন্ধৰ লগতে বিভিন্ন সুবিধাও আছে। সেয়ে কি পঢ়িলো ভবাতকৈ যেনতেন চৰকাৰী চাকৰি এটা গোটাব পৰাটোহে প্ৰধান কথা। উচ্চ শিক্ষিত মানুহ চতুৰ্থ শ্ৰেণীত চাকৰি কৰি ভৱিষ্যতলৈ কেৰিয়াৰৰ উন্নয়ন নহ'ব আৰু ভীষণ ফ্ৰাষ্ট্ৰেটেড হ'ব। ৰাজ্যখনৰ আৰ্থিক উন্নয়নতো বাধা হ'ব। ইঞ্জিনিয়াৰিং কলেজসমূহ বা বিশ্ববিদ্যালয়সমূহৰ কৰ্তৃপক্ষয়ো কথাটো বুজক। উচ্চ শিক্ষিতসকল কেৰানী হৈ পৰিলে জাতিটোৰ উন্নয়ন নহ'ব।‘’

সামাজিক মাধ্যমত পোষ্টটো আপলোড কৰাৰ পাছতে বহু নেটিজেনে মন্তব্য কৰিছে। তাৰ ভিতৰত তাপস চাহনিৰ মন্তব্যটো বিশেষভাৱে উল্লেখনীয়। তেওঁ পোষ্টটোৰ কমেন্ট বক্সত লিখিছে- ''প্ৰথম কথাটো হ'ল কষ্ট নকৰাকৈ সুখী জীৱন লাগে। ১ দিনতে হ'বলগীয়া কামটো মাহত সম্পূৰ্ণ নহ'লেও যাতে দৰমহা সময়ত আৰু সম্পূৰ্ণ পোৱা যায়, লগতে ভবিষ্যতো সুৰক্ষিত হয়। এনে কথা নহয় যে সকলোবোৰ তেনেকুৱা কিন্তু এই পদ্ধতিত সংস্থাপিত হ'ব নোৱাৰিলে দাক্ষিণাত্যত গৈ উচ্চ ডিগ্ৰীধাৰীয়ে হাজিৰাও কৰে। কথাটো হ'ল সজাগতাৰ অভাব, কি ডিগ্ৰী পঢ়ি কি কৰিলে ক'ত ক'ত যোগ্যতা অনুসাৰে সংস্থাপিত হ'ব পাৰি যিকোনো প্ৰকাৰে। সেই সজাগতা প্ৰদান কৰিবলৈ সকলোবোৰ অপৰাগ। উচ্চ ডিগ্ৰী সম্পূৰ্ণ কৰি বিদেশৰ প্ৰতিষ্টানত প্ৰথম দৰমহা ১০০০০০ পোৱা লৰাও চৰকাৰ বা চৰকাৰী বিষয়ত সংস্থাপিত হোৱাৰ হাবিয়াসেৰে নিজৰ জীৱন বৰ্বাদ কৰা অসংখ্য উদাহৰণ আমাৰ ইয়াত আছে। কোনোবাই বেয়া পাব পাৰে কিন্তু এয়াই সত্য। কষ্ট কৰাৰ মানসিকতা থকা হ'লে আৰু সহজ ধন ঘটাৰ মানসিকতা ত্যাগ কৰিব পৰা হ'লে বহুত উন্নতি হ'লে হয়। জাগীৰোড কাগজ কল বন্ধ হোৱাটোৱে ইয়াৰ উৎকৃষ্ট উদাহৰণ।''

লগতে পঢ়ক- 

Coconut-Battle : কেৰ্কেটুৱাৰ পৰা তামোল-নাৰিকল ৰক্ষা কৰাৰ সহজ উপায়

English Summary: A Facebook Post of Shyamkanu Mahanta
Published on: 02 December 2023, 11:41 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now