Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 17 December, 2022 6:36 PM IST
7th Assam International Agri Horti Show 2022

আজিৰে পৰা অহা ১৯ ডিচেম্বৰ ২০২২ তাৰিখলৈ সপ্তম অসম আন্তজাৰ্তিক কৃষি-উদ্যান শস্য মেলা-২০২২। কৃষি বিভাগৰ উদ্যোগত আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে এই সপ্তম অসম আন্তজাৰ্তিক কৃষি-উদ্যান শস্য মেলা-২০২২। মেলা উপলক্ষ্য পুৱাই খানাপাৰাস্থিত কৃষি সঞ্চালকালয় চৌহদৰ পৰা বাৰেৰহনীয়া কৃষ্টিৰ সমাহাৰেৰে খানাপাৰা খেলপথাৰলৈ উলিওৱা হয় এক সাংস্কৃতিক শোভাযাত্ৰা।

পুৱাই সপ্তম অসম আন্তজাৰ্তিক কৃষি-উদ্যান শস্য মেলা-২০২২ ৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মেলাখনৰ শুভ উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কৃষি আমাৰ অৰ্থনীতিৰ অন্যতম মূল চালিকা শক্তি। কৃষি-উদ্যান শস্যৰ প্ৰসাৰৰ অৰ্থে আৰু ইয়াক নতুন গতি প্ৰদান কৰিবলৈ আজি খানাপাৰাত অনুষ্ঠিত সপ্তম অসম আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলাৰ শুভ উদ্বোধন কৰোঁ। মেলাখনত প্ৰদৰ্শিত হোৱা কৃষি-উদ্যান শস্যৰ অনন্য নিদৰ্শন দেখি আনন্দিত হৈছোঁ। তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই মেলাখনত বৈজ্ঞানিকভাৱে উৎপাদিত কৃষি-উদ্যান শস্যৰ বিভিন্ন শাক-পাচলি আৰু ফল-মূল প্ৰদৰ্শন কৰা হৈছে। আশা কৰোঁ এই মেলাই কৃষি-উদ্যান শস্যৰ অপৰিসীম সম্ভাৱনাক বাস্তৱায়িত কৰাৰ লগতে এই বিষয়ত বৈজ্ঞানিক পদ্ধতিৰ জ্ঞান বিনিময়ত সহায় কৰিব। ইয়াৰ লগতে জৈৱিক আৰু প্ৰাকৃতিক কৃষিৰ প্ৰসাৰৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিব আৰু আমাৰ কৃষক বন্ধুসকলক বৈজ্ঞানিক পদ্ধতিৰে বাণিজ্যিকভাৱে কাৰ্যক্ষম শস্যৰ খেতি কৰিবলৈও সবল কৰাৰ লগতে সহায় কৰিব।

লগতে পঢ়ক-

কৃষিখণ্ডৰ বাবে ৮ বছৰত ৬.২২ লাখ কোটি টকা আৱণ্টন কেন্দ্ৰৰ

কৃষি আৰু উদ্যান শস্য খণ্ডৰ শেহতীয়া কাম কাজ তথা জ্ঞান বিনিময়ৰ জৰিয়তে এই খণ্ডটোত কৃষক ৰাইজৰ অধিক ওচৰলৈ নিয়াৰ উদ্দেশ্যে কৃষি বিভাগে এই মেলাৰ আয়োজন কৰিছে ৰাজ্যৰ কৃষি বিভাগে। এই সন্দৰ্ভত কৃষিমন্ত্ৰী অতুল বৰাই কয়- কৃষিখণ্ডত নতুন প্ৰজন্মৰ অংশগ্ৰহণ নিশ্চিত হ'লেহে এই খণ্ডটোত নৱজাগৰণৰ সৃষ্টি হ'ব, অসমৰ কৃষি অৰ্থনীতিক বিশ্বদৰবাৰলৈ লৈ যোৱাটো আমাৰ অন্যতম প্ৰধান লক্ষ্য। অসমৰ দৰে ৰাজ্য এখনৰ সৰ্বাংগীণ বিকাশত কৃষক আৰু কৃষি খণ্ডৰ ভূমিকা অনস্বীকাৰ্য। অসমৰ অৰ্থনীতিৰ আটাইতকৈ সম্ভাৱনাময় ক্ষেত্ৰখনেই হৈছে কৃষি আৰু উদ্যান শস্য ক্ষেত্ৰ। এই ক্ষেত্ৰখনত লুকাই থকা প্ৰচুৰ সম্ভাৱনাসমূহক সম্পদলৈ ৰূপান্তৰ কৰিবৰ বাবে আৰু কৃষকসকলক যথোচিত মৰ্যাদা প্ৰদানৰ বাবে তেখেতৰ বলিষ্ঠ নেতৃত্বত আমি নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ।

উল্লেখ্য যে তিনিদিনায়াকৈ অনুষ্ঠিত হৈ থকা থকা সপ্তম অসম আন্তজাৰ্তিক কৃষি-উদ্যান শস্য মেলা-২০২২ত ম্যানমাৰ, থাইলেণ্ড, ছৌদি আৰৱ, বাংলাদেশ, ভিয়েটনাম, ঘানা, কেনিয়া আদি দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। তদুপৰি এই তিনিদিনীয়া আন্তঃৰাষ্ট্ৰীয় কৃষি উদ্যান শস্য মেলাত আধুনিক কৃষি সঁজুলি, বিজ্ঞানসন্মত কৃষি পদ্ধতিৰ প্ৰদৰ্শন কেন্দ্ৰ থকাৰ লগতে প্ৰগতিশীল কৃষিৰ সৈতে অন্তৰংগ অনুষ্ঠান আয়োজিত হ’ব। অসমৰ কৃষি খণ্ডত জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱ সন্দৰ্ভতো আলোচনা চক্ৰ অনুষ্ঠিত হ’ব।

লগতে পঢ়ক- 

জিলাখনৰ ৮ লাখ মহিলালৈ অৰুণোদয় আৰু ঢকুৱাখনাৰ ১০ হাজাৰটা পৰিয়াললৈ নতুনকৈ ৰেচন কাৰ্ড

English Summary: 7th Assam International Agri Horti Show 2022
Published on: 17 December 2022, 06:36 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now