1. News

খানাপাৰাত ''FPO & Entrepreneurship Development'' সন্দৰ্ভত প্ৰশিক্ষণ

KJ Staff
KJ Staff
3day training on 'FPO and Entrepreneurship Development' in Khanapara
3day training on 'FPO and Entrepreneurship Development' in Khanapara

খানাপাৰা, ৭ ছেপ্তেম্বৰ : অসম চৰকাৰৰ কৃষি সঞ্চালকালয়ৰ অন্তৰ্গত ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠান (SAMETI)ৰ উদ্যোগত 'এফ পি অ' এণ্ড এণ্টাৰপ্ৰেনোৱাশ্বিপ ডেভেলপমেণ্ট' বিষয় সন্দৰ্ভত  ৩ দিনীয়াকৈ আয়োজিত হোৱা প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি  সফলতাৰে অন্ত পৰে ৷


এই প্ৰশিক্ষণ কাৰ্যসূচীত ৰাজ্যৰ ৬ খন জিলাৰ নিৰ্বাচিত অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে ৷ এই  ৩ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক এফপিচি বা কৃষক উৎপাদক কোম্পানী গঠন, কৃষক উৎপাদক কোম্পানীৰ পঞ্জীয়ন ব্যৱস্থা তথা নীতি-নিৰ্দেশাৱলীৰ লগতে ইয়াৰ সাংগঠনিক ব্যৱস্থাপনা কেনেকৈ শক্তিশালী কৰিব পাৰি ইত্যাদি বিভিন্ন বিষয় সন্দৰ্ভত বিভাগীয় আৰু নিমন্ত্ৰীত সমলব্যক্তিসকলে প্ৰশিক্ষণ আগবঢ়ায় ৷ ইয়াৰ উপৰি কৃষি বিভাগৰ বিভিন্ন আঁচনি সন্দৰ্ভতো অংশগ্ৰহণকাৰীসকলক বিশদ বিৱৰণ আগবঢ়োৱা হয় ৷

লগতে,এই  ৩ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ অংশ হিচাপে অংশগ্ৰহণকাৰীসকলক 'নিউ চন্দ্ৰপুৰ এফপিচি'লৈ ক্ষেত্ৰ পৰিদৰ্শনৰ বাবে লৈ যোৱা হয়৷ উল্লেখ্য যে, যোৱা ৫ ছেপ্তেম্বৰ ২০২৪ তাৰিখে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভণী অনুষ্ঠানত ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰমুখ্যে অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।

লগতে পঢ়ক- 

Father & Son : পিতৃয়ে দেখুওৱা বাটেৰেই দুই পুত্ৰৰ কৃষিৰে সপোনৰ সন্ধান

English Summary: 3day training on 'FPO and Entrepreneurship Development' in Khanapara

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.