1. উদ্য়ানশস্য়

হালধীয়া বাঁহ

KJ Staff
KJ Staff
Yellow Bamboo
Yellow Bamboo

চমু বিৱৰণ

বাঁহ জাতীয় উদ্ভিদবোৰৰ ভিতৰত বাঁহ আটাইতকৈ ওখ| বিভিন্ন জাতিৰ বিভিন্ন ধৰণৰ বাঁহ আছে| সৌন্দৰ্যবৰ্দ্ধনৰ বাবে ৰোৱা এবিধ বাঁহ হৈছে হালধীয়া বাঁহ| এছিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপ, অষ্ট্ৰেলিয়া আদিত পোৱা এইবিধ ধুনীয়া বাঁহৰ ইংৰাজী নাম উয়েল্ল’ গ্ৰুভ বেম্বু বৈজ্ঞানিক নাম ফাইল’ষ্টেকিছ অৰিয়ছালকেটা| এইবিধ বাঁহ চিৰসেউজ, ন মিটাৰতকৈও অধিক ওখ আৰু ছয় দশমিক পাঁচ ছেণ্টিমিটাৰ ব্যাসলৈ শকত হয়| মৃদ্‌গত কাণ্ডৰ পৰা পোখা বা পুলি ওলাই বাঢ়ি বাঢ়ি ঘন জোপোহাৰ সৃষ্টি কৰে| হালধীয়া বাঁহবোৰৰ গাত সেউজীয়া দীঘলীয়া আঁচ থাকে| আঁচবোৰ থকা ঠাইত লোৰৰ দৰে অলপ দ| বাঁহৰ গুৰি ভাগ কেতিয়াবা একা-বেঁকা হয়| বাঁহ গাঁজৰ ঢকুৱাবোৰ কজলা সেউজীয়া আৰু সাধাৰণতে হালধীয়া আঁচযুক্ত হয়| বেছি ৰ’দ পৰিলে কেতিয়াবা ৰ’দ পৰা ফাল ৰঙচুৱা হয়|বেছি ঠাণ্ডা অঞ্চলৰ বাঁহবোৰৰ পাত খৰালি সৰি যায়|

ইয়াৰ ব্যৱহাৰ

ইয়াৰ গাঁজবোৰ ভলুকা, মকাল আদি বাঁহৰ দৰে খৰিচা কৰি বা ৰান্ধি খাব পাৰি|সৌন্দৰ্য বৰ্দ্ধনৰ বাবে ৰোৱাৰ উপৰি ঘন জোপোহাৰ সৃষ্টিকাৰী বাঁহবোৰ চৌহদৰ বেৰা হিচাপেও ৰোৱা হয়|সকলো প্ৰজাতিৰ বাঁহ খৰি হিচাপে আৰু কাগছ উদ্যোগত ব্যৱহাৰ কৰা হয়|

বিভিন্ন প্ৰকাৰসমুহ

ইয়াৰ নানা জাত বা প্ৰকাৰ আছে আৰু নানা কৃত্ৰিম জাতো উদ্ভাৱন কৰা হৈছে| কিছুমান জাতৰ বাঁহ অকল সেউজীয়া| কিছুমান জাতৰ বাঁহ সেউজীয়া আৰু গাত হালধীয়া ৰঙৰ খীণ আঁচ থাকে| ইয়াৰ জাতি ফাইল’ষ্টেকিছৰ ফাইল’ষ্টেকিছ অৰিয়ছালকেটা, ফাইল’ষ্টেকিছ একিউটা, ফাইল’ষ্টেকিছ কাৰ্ণিয়া, ফাইল’ষ্টেকিছ গ্লেব্ৰেটা, ফাইল’ষ্টেকিছ হিটাৰ’কেংলডা আদি বহুতো প্ৰজাতি আছে| কিছুমান প্ৰজাতিৰ বাঁহ ওখ, ডাঙৰ আৰু কিছুমান বনচাইৰ দৰে সৰু, চাপৰ| ডাঙৰ প্ৰজাতিবোৰৰ পৰা ঘৰুৱা আচবাব আদি তৈয়াৰ কৰা হয় আৰু সৰু, চাপৰ প্ৰজাতিবোৰ সৌন্দৰ্য বৰ্দ্ধনৰ বাবে ৰোৱা হয়|

উৎস:- দৈনিক অসম

English Summary: Yellow Bamboo (1)

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.