আজি আপোনালৈ আগবঢ়াইছো আমাৰ নিয়মীয়া শিতান বনৌষধি। আজিৰ আলোচনাৰ বিষয় হৈছে বহুগুণেৰে সমৃদ্ধ পচতীয়া।
আহকচোন এই পচতীয়াৰ গুণাগুণ সম্পৰ্কে কিছু কথা জানি লওঁ.........
পচতীয়া পাতৰ গাৰু কৰি শুলে, মূৰৰ বিষ আৰু পানীলগা জ্বৰ ভাল হয়। মূৰৰ বিষত পচতীয়াৰ পাত থেতেলাই কুমত লগালে মূৰৰ বিষ কমে।
শৰীৰৰ গাঁঠিবোৰ ফুলি বিষালে পচতীয়াৰ সতেজ পাত কেইখিলামান ভালদৰে থেতেলাই বিষোৱা ঠাইত প্ৰলেপ দিলে উপকাৰ পোৱা যায়। এই পাতৰ ৰস ঘাঁত দিলে, ঘাঁত লাগি থকা পুজবোৰ ওলাই আহি ঘাঁ টুকুৰা শুকুৱাত সহায় কৰে। আনকি ঘাঁত টুকুৰাত যদি পোকো লাগে ইয়াৰ ৰসে পোকো সমূহো ওলাই আনে।
পচতীয়াৰ পাত পানীলগা জ্বৰতো বৰ উপকাৰী। পচতীয়াৰ পাত সিজাই সিজাই তাৰ ৰসখিনি জালুকৰ গুড়ি লগত মিহলাই ল’ব লাগে। তাৰ পাছত ইয়াৰ ৰসখিন পি খালে পানীলগা জ্বৰত উপশম পোৱা যায়। মূৰ গধুৰ গধুৰ লাগিলে, কাণ আদি তাল মাৰি ধৰিলে পচতীয়া পাতৰ ৰস সেৱন বৰ উপকাৰী।
শৰীৰৰ কোনো অংগত মোচোকা খালে মোচোকা খোৱা ঠাইত বা পোকে কামুৰিলেও পচতীয়া পাতৰ পিহি সেই ঠাইত লগাই দিলে সুফল পোৱা যায়। শুকান পচতীয়াৰ ফল পেটৰ কৃমি নাশ কৰে।
ইয়াৰ পচতীয়াৰ আন কিছুমান গুণ হৈছে:
(ক) পচতীয়াৰ পাত দিনে দুটাকৈ ঘিউৰ লগত ভাজি খালে স্মৃতি শক্তি বাঢ়ে।
(খ) চুলি সৰাত বা টকৌৱে খোৱাত ইয়াৰ পাত সৰিয়হ তেলত ভাজি সেই তেল মূৰত ঘঁহিলে চুলি গজে।
(গ) পচতীয়া পাতৰ ছাঁই পানীত গুলি খালে পেট ফুলা আৰু চায়েতিকা ৰোগ ভাল হয়।
(ঘ) পানী কেঁচুৱাৰ পেটৰ অসুখ হ’লে গা ধোৱা পানীত পচতীয়া পাত অলপ সময় থৈ সেই পানীত গা ধুলে সন্তানৰ পেটৰ অসুখ ভাল হয়।
লেখিকা: ৰেখা বৰা।
পূৰ্ব প্ৰকাশঃ বিকাশপেডিয়া
Share your comments