 
            অসমৰ কৃষকে শেহতীয়াকৈ কৰিবলৈ লৈছে ভেনিলা খেতি। কিন্তু ভেলিনা আমি দ্দৈনদ্দিন জীৱনত সদায় ব্যৱহাৰ কৰি আহিছো বুলি কলেও বঢ়াই কোৱা নহ’ব। আইচক্ৰীমত, বিউটী প্ৰসাধনত, পাৰফিউমত, কল্ড ড্ৰিংকত, কেক প্ৰস্তুত কৰোঁতে ভেনিলা ব্যৱহাৰ কৰা হয়। কিন্তু আমি নাজানো। অথচ আমি ভেনিলা ব্যৱহাৰ কৰিয়েই আহিছো। অসমৰ বহুকেইজন কৃষকে এই খেতি কৰি লাভন্বিতও হৈছে। অসমৰ ভেনিলা খেতি কৰি থকা কৃষকসকলে জানিবলৈ দিয়া মতে, এক কেজিৰ ভেলিনাৰ দাম ২০-২৫ হাজাৰ। কম ঠাইতে পাণ খেতি কৰাৰ দৰে ভেনিলাৰ খেতি কৰিব। এজোপা ভেনিলাৰ পৰা এবছৰত ১ কেজিৰ পৰা ২ কেজি পৰ্যন্ত পাব পাৰে। যাৰ বজাৰৰ মূল্য ৪০ পৰা ৫০ হাজাৰ। ভাৰতবৰ্ষৰ তামিলনাডু, মহাৰাষ্ট্ৰ আৰু কেৰেলাত প্ৰথমে ভেনিলা খেতি অধিক পৰিমাণে কৰা হয়।
অসমৰ জলবায়ু এই খেতিৰ বাবে অতি উপযোগী বুলি অসমৰ ভেনিলা খেতিৰ কৰি অহা কৃষকসকলে প্ৰমাণ কৰিছে। অসমৰ দুই এজন কৃষকে ভেনিলা খেতিৰ বাবে কেৰালা, তামিলনাডুৰ দৰে ৰাজ্যত গৈ প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে। অসমৰ কৃষকসকলে তামোল গছত জালুক, পাণৰ খেতি কৰাৰ দৰেই ভেনিলাৰ খেতি কৰিব পাৰে। ভেনিলা এবিধ লতাজাতীয় উদ্ভিদ। ইয়াক বগাবৰ বাবে কিছুমান খুটাৰ প্ৰয়োজন। এই খুঁটাবোৰ পকা পোষ্ট বনাই দিলে বনাই দিলে সুবিধা হয়। কাৰণ ভেনিলা এবিধ দীৰ্ঘজীৱি উদ্ভিদ। বাঁহৰ খুটাও ব্যৱহাৰ কৰিব পাৰে। কিন্তু মাজে মাজে সলাই থাকিব লাগিব। অসমৰ কৃষকসকলে তামোল বা অন্যান্য গছতো পাণ লগোৱাৰ দৰে লগাব পাৰে। কিন্তু খুঁটি পাণ কৰাৰ দৰে কৰিলে ভাল হয় বুলি জানিবলৈ দিছে। এটা খুঁটাৰ পৰা এটা খুঁটাৰ দূৰত্ব ৩-৪ ফুট দূৰত্ব দি আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৫ ফুট মান ৰাখি কম ঠাইতে ৫০-৬০ জোপা ভেনিলা ৰোপন কৰিব পাৰে। ৫০-৬০ জোপা ভেনিলাৰ পৰা এজন কৃষকে বছৰত এটা ভাল উপাৰ্জন কৰিব পাৰিব।
দিঘল পুলি ৰুলে এজোপা ভেলিনাত ২-৩ বছৰত ফল লাগে টিছু কালছাৰ সহায়ত প্ৰস্তুত কৰা পুলিত ফল লাগিবলৈ ৩-৪ বছৰ লাগে। ফুল ফুলাৰ পৰা ৬-৯ মাহত ফল চিঙিব পৰা হয়। ভেনিলা ৰুপনৰ উপযুক্ত সময় ছেপ্তেম্বৰৰ পৰা নৱেম্বৰ আৰু পুলি ৰোপন কৰাৰ দুবছৰ বা ৩ বছৰৰ পাছত ডিচেম্বৰৰ পৰা গছত ফল লাগে। আৰু এজোপা ভেনিলাই ১০ বছৰলৈ ফল দিয়ে। আপোনালোকে ভেলিনা খেতি কেনেকৈ কৰিব! পুলি ক’ত পাব! বজাৰখন কত পাব! আদিৰ বিষয়ে জানিবলৈ এই নাম্বাৰত যোগাযোগ কৰিব- 93656-86724।
লগতে পঢ়ক-
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments