মধুমেহ আৰু হৃদযন্ত্ৰৰ অসুখ আজিকালি প্ৰায়বোৰ মানুহৰ মাজতে দেখা যায়। উচ্চ ব্লাডচুগাৰ বা কলেষ্টেৰলৰ মাত্ৰা বেচি থাকিলে মানুহৰ শৰীৰত নানান ধৰণৰ বেমাৰৰ সৄষ্টি হ্য়। হায়দৰাবাদৰ নেচনেল ইন্সটিটিউট অৱ নিউট্ৰিচনে গৱেষণা কৰি এইটো পাইছে যে উচ্চ ব্লাডচুগাৰ আৰু উচ্চ কলেষ্টেৰলৰ ক্ষেত্ৰত মেথিৰ বহুত উপকাৰিতা আছে। সদায় মেথি গুটিৰ ব্যবহাৰে মানুহৰ শৰীৰত দৰৱৰ সমানেই কাম কৰে।
1.মেথি গুটি ভাৰতীয় খাদ্য ৰন্ধনৰ এক অপৰিহাৰ্য্য আৰু সহজলভ্য মছলা। ইয়াক গেলামালৰ দোকানতে পোৱা যায়।
2.মধুমেহ বেমাৰৰ কাৰণে মেথি গুটি হৈছে মহৌষধ। ইয়াত ৫০ শতাংশ আঁহ থাকে। মেথিয়ে তেজ আৰু প্ৰস্ৰাৱত থকা গ্লু’কজৰ পৰিমাণ কমাই ৰাখে। কলেষ্টেৰলৰ সমতাও বজাই ৰাখে। কেঁচা বা ৰন্ধা দুইধৰণৰ মেথিয়েই শৰীৰৰ কাৰণে উপকাৰী।
3. মেথি শাকত (যাক আমি সেউজীয়া শাকৰ ভিতৰত অন্তৰ্ভুক্ত কৰো) অৱশ্যে এই ধৰণৰ গুণ দেখা নাযায়।
4. মধুমেহ আৰু তেজত কলেষ্টেৰলৰ মাত্ৰাৰ ওপৰত নিৰ্ভৰ মেথি গুটিৰ ব্যৱহাৰৰ পৰিমাণ নিৰ্ণয় কৰা হ্য়। সাধাৰণতে ২৫ গ্ৰামৰ পৰা ৫০ গ্ৰামৰ ভিতৰত ব্যৱহাৰৰ নিৰিখ দিয়া থাকে।
5. যিসকলে ২৫ গ্ৰাম মেথি গুটি ব্যবহাৰ কৰে তেওঁলোকে দুপৰীয়া আৰু ৰাতিৰ আহাৰৰ লগত ১২.৫ (দুই চাহ চামুচ) কৈ দুবাৰ গ্ৰহণ কৰিব পাৰে।
6. মেথি গুটি গোটেই ৰাতি পানীত তিয়াই থৈ ৰাতিপুৱা পানীখিনি খাব পাৰে। মেথি গুটি শুকানে গুৰি কৰি থৈ আহাৰ খোৱাৰ ১৫ মিনিটৰ আগতে পানী বা গাখীৰৰ লগত মিহলাই লৈও খাব পাৰি।
7. কিছুমান প্ৰক্ৰিয়াৰ দ্বাৰা মেথিৰ তিতা ভাৱটো নোহোৱা কৰিব পাৰি। পিছে আজিকালি তিতা নোহোৱা মেথি বজাৰত পোৱা নাযায়।
8. গোটেই ৰাতি তিয়াই থোৱাৰ পিছত মেথিখিনি কুমল হৈ যায় তেতিয়া এই মেথিখিনি পিটিকি লৈ ৰুটি, দৈ, চাউলৰ গুৰি, খোলা চাপৰি পিঠা, টেকেলী পিঠা, দালিয়া, দাইল আৰু সেউজীয়া শাক-পাচলিত আদি বনাওঁতে মিহলাই দিব পাৰি। মেথিৰ তিতা ভাৱটো তেতিয়া কিছু পৰিমাণে কমে। নিজৰ ৰুচি অনুযায়ী নিমখীয়া বা টেঙাকৈও এই খাদ্য তৈয়াৰ কৰি ল’ব পাৰি।
9.উচ্চ ৰক্তচাপ বা প্ৰস্ৰাৱত চেনিৰ পৰিমাণ নাইকিয়া হোৱালৈকে মেথি গুটি সেৱন কৰি থাকিব লাগে।
10.মেথি গুটি খোৱা লগে লগে নিয়মিতভাৱে খোজকঁঢ়া আৰু লঘু ব্যায়াম কৰাটো অতি দৰকাৰী। শৰীৰৰ ওজন কমাৰ লগে লগে তেজত ইনচুলিনৰ পৰিমাণো বাঢ়ি যায়। ডায়েটৰী কেলৰী যিহেতু সংপৄক্ত স্নেহ পদাৰ্থ (ছেছুৰেটেড ফেট)ৰ পৰা আহে সেয়েহে মধুমেহত ভোগা ৰোগীসকলে চেনী খোৱাৰ পৰা বিৰত থাকিব লাগে।
11.মেথি ব্যৱহাৰ কৰোতে কোনো কোনো ৰোগীৰ প্ৰথম অৱস্থাত ডায়েৰীয়া বা পেটত গেচ আদি হ’ব পাৰে।
12.চিকিৎসকৰ লগত পৰামৰ্শ কৰি দৰৱৰ সঠিক পৰিমাণ নিৰূপণ কৰাৰ লগতে মেথিৰ ব্যৱহাৰৰ বিষয়ে ভালদৰে জানি ল’ব লাগে। মধুমেহ বেচি হ’লে লগে লগে চিকিৎসকৰ ওচৰলৈ গৈ দেখুৱাব লাগে আৰু তেওঁৰ উপদেশ মতে দৰৱ ব্যৱহাৰ কৰিব লাগে।
উৎস: আইএনডিজি দল।
Share your comments