1. উদ্য়ানশস্য়

Turmeric Farming : এবিঘা মাটিত কৰক ৮-৯ মাহত ১ লাখ টকা চকুমুদি লওঁক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Turmeric Farming Time
Turmeric Farming Time

অসমত সহজে কৰিব পৰা মছলাজাতীয় শস্যবিলাকৰ ভিতৰত হালধি এক উত্তম মছলাজাতীয় শস্য। ওখ, সহজে পানী ওলাই যাব পৰা, বালিচহীয়া মাটি হালধি খেতিৰ বাবে উপযোগী। মাটিত যথেষ্ট পৰিমাণে জৈৱিক সাৰ থকাটো বাঞ্চনীয়।

জাত নির্বাচন

হালধিৰ উন্নত জাতৰ ক্ষেত্ৰত অধিক উৎপাদনৰ লগতে কাৰকুমিন নামৰ হালধীয়া ৰঙৰ পদার্থবিধৰ পৰিমানো উচ্চ হোৱা প্রয়োজন। অধিক উৎপাদনক্ষম জাতসমূহ হ'ল: লাকাডং, টল ক্লন, সুবর্ণ, সুগুণা, সুদর্শনা, আই আই আৰ প্ৰভা, আই আই আৰ প্রতিভা আদি

বীজ শোধন আৰু বীজৰ পৰিমাণ

মাটিৰ তলত হোৱা মঙহাল আলু অৰ্থাৎ ৰাইজমৰ দ্বাৰাই সাধাৰণতে হালধিৰ বংশবিস্তাৰ কৰা হয়। বীজ হিচাবে ব্যৱহাৰ হোৱা হালধি সদায়েই সবল আৰু নিৰোগী হোৱা উচিত। কবৰ বাবে গোটা বা দীঘে দীঘে ফালি লোৱা ৫০-৬০ গ্রাম ওজনৰ হালধিৰ টুকুৰা ব্যৱহাৰ কৰা হয়। বোৱাৰ আগেয়ে হালধিৰ টুকুৰাবোৰ ৩ গ্রাম ইন্দ'ফিল -এম-৪৫ দৰব এক লিটাৰ পানীত মিহলাই তৈয়াৰ কৰা মিশ্রণত আধা ঘণ্টা সময় ডুবাই ৰাখি শোধন কৰিব লাগে। পিছত হালধিৰ টুকুৰাবোৰ ছাঁত শুকুৱাই মাটিৰ ভেটিত ৰোপন কৰিব লাগে।

এবিঘা মাটিত কবৰ বাবে ৩ কুইন্টল মাতৃ হালধি বা বীজ হালধিৰ প্ৰয়োজন হয়।

হালধি ৰোপন

হালধি খেতিৰ মাটিডোখৰ দ'কৈ হাল বাই ভালদৰে চাহ কৰি মৈয়াই সমান কৰি ল'ব লাগে। কবৰ বাবে ৩ ফুট বহল, ১৫ ছেঃ মিঃ ওখ আৰু ইচ্ছানুযায়ী দীঘল কৰি ভেটী বনাব লাগে। প্রতিটো ভেটীত ১০ ফুট আঁতৰত একোটা খল কৰি হালধিৰ টুকুৰাবোৰ এই খলবোৰত ২৫ ছেঃ মিঃ ব্যবধানত ৰোপন কৰিব লাগে। ৰোৱাৰ পাছত পাতলীয়াকৈ মাটি জাপি লগতে পচা জাবৰ, শুকান পাত আদি জাপি দিব লাগে।

ৰোৱাৰ সময়: মার্চ-এপ্রিল

সাৰ প্ৰয়োগ

প্রতি বিঘা হালধিৰ বাবে সাৰ প্ৰয়োগৰ মাত্রা এনেধৰণৰ

সাৰ

পৰিমাণ

সাৰ প্ৰয়োগৰ সময়

পছনসাৰ

৩ টন

মাটি চহোৱাৰ সময়ত

ইউৰীয়া

৮ কিলোগ্ৰাম

মাটি চহোৱাৰ সময়ত ৪ কিলোগ্ৰাম আৰু ৰোৱাৰ ১২০ দিনৰ পিছত ৪ কিলোগ্ৰাম

একক চুপাৰ ফছফেট

৪২ কিলোগ্ৰাম

-

মিউৰেট অৱ পটাছ

ৰোৱাৰ ১২০ দিনৰ পিছত ৭ কিলোগ্ৰাম

লগতে পঢ়ক-  

Valina farming : মাত্ৰ ১ কঠা মাটিত এবাৰ কৰক ১০ বছৰলৈ ফল পাওঁক

পৰিচৰ্য্যা

হালধি ৰোৱাৰ ৪০ দিন আৰু ৯০ দিনত দুবাৰ বন-বাত নিয়ন্ত্রণ কৰিব লাগে। বন-বাত কাটোতে হালধি গছৰ গুৰিত মাটি চপাই দিব লাগে। শুকান পাত, নিৰনি কৰা বন-বাত গছৰ গুৰিত দি বন গজাত বাধা দিয়াৰ উপৰিও মাটিৰ উপৰিভাগত পানী বাষ্পীভবনত বাধা দিব পাৰি। খৰালি মাহ কেইটাত এনে আৱৰণে মাটিত জীপ ৰখাত সহায় কৰে।

শস্য ৰক্ষা

পোক পৰুৱা

(১) মজাখোৱা পোক

এই পোকে গছৰ বাঢ়ি অহা কাণ্ড অংশ খোৱাৰ ফলত গছজোপা হালধীয়া পৰি মাজৰ কোঁহটো শুকাবলৈ আৰম্ভ কৰে। ৰগৰ ৫ মিঃ লিঃ পানীত মিহলাই সেই মিশ্রণ গছত প্রয়োগ কৰিব লাগে।

(২) পাত মেৰিয়াই ধৰা পোক

এনে পোকৰ আক্ৰমণ নিয়ন্ত্ৰণৰ বাবে ডাইমেক্রন ৬ মিঃ লিঃ প্রতি ১০ লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে।

বোমাৰ আজাৰ নিয়ন্ত্রণ

(১) পাতত দাগ পৰা ৰোগ বা টেফিনা লিফ স্পট

পাতৰ দুয়োকাষে সৰু সৰু পাতল হালধীয়াৰ পৰা ডাঠ হালধীয়া বৰণৰ দাগ পৰা দেখা যায়। পাতৰ উপৰিভাগত দাগৰ পৰিমাণ বেছি হয়। সৰু সৰু দাগবোৰ বাঢ়ি গৈ গোটেই পাতখিলা আববি ধৰে আৰু পাতবোৰ হালধীয়া হৈ শুকাই যায়। এই ৰোগে আক্রান্ত গছবোৰ একেবাৰে মাৰি নেপেলাই যদিও পাতবোৰ হালধীয়া হৈ পৰাৰ বাবে হালধিৰ উৎপাদন ৰোগাক্রান্ত গছত যথেষ্ট কমি যায়।

প্রতিকাৰ

আক্রান্ত গছত ১% বৰড' মিশ্রণ বা ইন্দফিল-এম-৪৫ ২ গ্রাম প্রতি লিটাৰ পানীত মিহলাই প্রয়োগ কৰিব লাগে। প্রতি ১৫ দিনৰ অন্তৰে অন্তৰে ঔষধ প্রয়োগ কৰিলে সুফল লাভ কৰিব পাৰি।

(২) ৰাইজম পচা বোগ

এই বোগে প্রথমে গছৰ তলৰ ৰাইজম অংশত আক্রমণ কৰে আৰু ই লাহে লাহে গেলিবলৈ ধৰে। গছজোপাৰ ওপৰৰ পাতবিলাক প্রথমে হালধীয়া পৰি ক্ৰমান্বয়ে গছজোপা শুকাই যায়।

প্ৰতিকাৰ

(ক) হালধি তলীখনৰ পৰা পানী ওলাই যোৱাৰ সুব্যবস্থা কৰিব লাগে।

(খ) ৰোৱাৰ আগতে বাইজমবোৰ ইন্দফিল-এম-৪৫ মিশ্রণত (৩ গ্রাম প্রতি লিটাৰ পানীত) আধা ঘন্টা ডুবাই ছাঁত শুকাব লাগে।

(গ) আক্রান্ত গছত ২ গ্রাম ইন্দফিল-এম-৪৫ প্রতি লিটাৰ পানীত মিহলাই গছৰ গুৰি অংশ তিতি যোৱাকৈ স্প্রে কৰিব লাগে।

হালধি চপোৱা

হালধি ৰোৱাৰ পৰা ৮-৯ মাহৰ পাছত যেতিয়া পাতবোৰ হালধীয়া পৰি শুকাই যাবলৈ ধৰিব তেতিয়া হালধি খান্দি চপাব লাগে। কোৰেৰে সাৱধানে চপৰা হিচাবত হালধিবোৰ উঠাই মাটিবোৰ হাতেৰে আঁতৰোৱা হয়। হালধিৰ গাৰ পৰা শিপা, মাটি বা গোবৰৰ টুকুৰা, শুকান পাত আদি আঁতৰাই ঠেভুলিবোৰ এৰুৱাব লাগে আৰু পথাৰতে দুদিনমান ৰাখি পিছত চপাই আনিব লাগে।

উৎপাদন

হালধিৰ উৎপাদন জাত বিশেষে ২.৫ টনৰ পৰা ৩ টন বিঘাই প্রতি পোৱা যায়।

লগতে পঢ়ক- 

জানুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত এবিঘা এবিঘা মাটিত কৰক এই শস্যৰ খেতি

English Summary: Turmeric Farming Time, Tips & Its Benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.