
অসমত সহজে কৰিব পৰা মছলাজাতীয় শস্য বিলাকৰ ভিতৰত হালধি এক উত্তম মছলা জাতীয় শস্য। মছলা হিচাবে ব্যৱহাৰ কৰাৰ উপৰিও ঔষধ আৰু সৌন্দৰ্য্যবর্ধক সামগ্রী হিচাবে হালধি ব্যৱহাৰ কৰা হয়। পৌষ্টিক গুণাগুণ বিশ্লেষণৰ পৰা দেখা গৈছে যে ১০০ গ্রাম হালধিৰ গুৰিত প্রায় শ্বেতসাৰ৭০%, স্নেহ পদার্থ ৫% , প্রটিন ৬% আৰু কাৰকুমিন ২.৫-৩.৫% থাকে।
মাটি নির্বাচন
ওখ, সহজে পানী ওলাই যাব পৰা, বালিচহীয়া মাটি হালধি খেতিৰ বাবে উপযােগী। মাটিত যথেষ্ট পৰিমাণে জৈৱিক সাৰ থকাটো বাঞ্চনীয়।
জাত নির্বাচন
হালধিৰ উন্নত জাতৰ ক্ষেত্ৰত অধিক উৎপাদনৰ লগতে কাৰকুমিন নামৰ হালধীয়া ৰঙৰ পদার্থবিধৰ পৰিমানাে উচ্চ হােৱা প্রয়ােজন। অধিক উৎপাদনক্ষম জাতসমূহ হলঃ
লাকাডঙ, টল ক্লন, সুবর্ণ, সুগুণা, সুদর্শনা, আই আই আৰ প্রভা, আই আই আৰ প্রতিভা
আদি।
বীজ শােধন আৰু বীজৰ পৰিমাণ
মাটিৰ তলত হােৱা মঙহাল আলু অথাৎ ৰাইজমৰ দ্বাৰাই সাধাৰণতে হালধিৰ বংশবিস্তাৰ কৰা হয়। বীজ হিচাবে ব্যৱহাৰ হােৱা হালধি সদায়েই সবল আৰু নিৰােগী হােৱা উচিত। ৰুবৰ বাবে গােটা বা দীঘে দীঘে ফালি লােৱা ৫০-৬০ গ্রাম ওজনৰ হালধিৰ টুকুৰা ব্যৱহাৰ কৰা হয়। ৰােৱাৰ আগেয়ে হালধিৰ টুকুৰাবােৰ ৩ গ্রাম ইন্দ’ফিল -এম-৪৫ দৰব এক লিটাৰ পানীত মিহলাই তৈয়াৰ কৰা মিশ্ৰণত আধা ঘন্টা সময় ডুবাই ৰাখি শােধন কৰিব লাগে। পিছত হালধিৰ টুকুৰাবােৰ ছাঁত শুকুৱাই মাটিৰ ভেটিত ৰােপন কৰিব লাগে।
এবিঘা মাটিত ৰুবৰ বাবে ৩ কুইন্টল মাতৃ হালধিৰ প্ৰয়ােজন হয়।
হালধি ৰােপন
হালধি খেতিৰ মাটিডােখৰ দকৈ হাল বাই ভালদৰে চাহ কৰি মৈয়াই সমান কৰি ল'ব লাগে। ৰুবৰ বাবে ৩ ফুট বহল, ১৫ ছেঃ মিঃ ওখ আৰু ইচ্ছানুযায়ী দীঘল কৰি ভেটী বনাব লাগে। প্ৰতিটো ভেটীত ১/, ফুট আঁতৰত একোটা খল কৰি হালধিৰ টুকুৰাবােৰ এই খলবােৰত ২৫ ছেঃ মিঃ ব্যৱধানত ৰােপন কৰিব লাগে। ৰােৱাৰ পাছত পাতলীয়াকৈ মাটি জাপি লগতে পচা জাবৰ, শুকান পাত আদি জাপি দিব লাগে।
ৰােৱাৰ সময় ঃ মার্চ-এপ্রিল।
সাৰ প্ৰয়ােগ
প্রতি বিঘা হালধিৰ বাবে সাৰ প্ৰয়ােগৰ মাত্রা এনে ধৰণৰঃ
- পচন সাৰ মাটি প্রস্তুত কৰােতে ৩টন প্রয়োগ কৰিব লাগে।
- ইউৰীয়া মাটি প্রস্তুত কৰােতে ৪ কিলােগ্রাম আৰু ৰােৱাৰ ১২০ দিনৰ পাচত ৪ কিলােগ্রাম প্রয়োগ কৰিব লাগে।
- একক চুপাৰ ফছফেট মাটি প্রস্তুত কৰােতে ৪২ কিলােগ্রাম প্রয়োগ কৰিব লাগে।
- মিউৰেট অৱ পটাছ মাটি প্রস্তুত কৰােতে ৭কিলােগ্রাম আৰু ৰােৱাৰ ১২০ দিনৰ পাচত ৭ কিলােগ্রাম প্রয়োগ কৰিব লাগে।
পৰিচৰ্য্যা
হালধি ৰােৱাৰ ৪০ দিন আৰু ৯০ দিনত দুবাৰ বন-বাত নিয়ন্ত্রণ কৰিব লাগে। বন-বাত কাটোতে হালধি গছৰ গুৰিত মাটি চপাই দিব লাগে। শুকান পাত, নিৰনি কৰা বন-বাত গছৰ গুৰিত দি বন গজাত বাধা দিয়াৰ উপৰিও মাটিৰ উপৰিভাগত পানী বাষ্পীভৱনত বাধা দিৱ পাৰি৷ খৰালি মাহ কেইটাত এনে আৱৰণে মাটিত জীপ ৰখাত সহায় কৰে।
হালধি চপােৱা
হালধি ৰােৱাৰ পৰা ৮-৯ মাহৰ পাছত যেতিয়া পাতবােৰ হালধীয়া পৰি শুকাই যাবলৈ ধৰিব তেতিয়া হালধি খান্দি চপাব লাগে। কোৰেৰে সাৱধানে চপৰা হিচাবত হালধিবােৰ উঠাই মাটিবােৰ হাতেৰে আঁতৰােৱা হয়। হালধিৰ গাৰ পৰা শিপা, মাটি বা গোবৰৰ টুকুৰা, শুকান পাত আদি আঁতৰাই ঠেঙুলিবােৰ এৰুৱাব লাগে আৰু পথাৰতে দুদিনমান ৰাখি পিছত চপাই আনিব লাগে।
উৎপাদন
হালধিৰ উৎপাদন জাত বিশেষে ২.৫ টনৰ পৰা ৩ টন বিঘাই প্রতি পােৱা যায়।
Share your comments