জৈৱিক সাৰযুক্ত উৎপাদনেৰে শাক পাচলি খাব যদি বিচাৰে তেন্তে ঘৰৰ বেলকনি, খিৰিকীৰ কাষৰ খালী ঠাই নতুবা ছাদৰ ওপৰতে এখন টেৰেছ তৈয়াৰ কৰি ধুনীয়া শাক-পাচলিৰ বাগিছা এখন গঢ়ি তুলিব পাৰে। এনেস্থলত শাক-পাচলি ক্ৰয় কৰিবলৈ আপুনি বজাৰলৈ যোৱাৰ প্ৰয়োজন নাই। এনেদৰে খুউব সহজে ঘৰতে খেতি কৰিব পৰা এবিধ পাচলি ঘৰতে খেতি কৰিব পৰা এবিধ পাচলি হ’ল ‘বিলাহী’। ঘৰতে কৰা বিলাহী খাব বিচাৰিলে প্ৰথমে বিলাহীৰ পুলি এটা টাবত ৰুই ল’ব। চাব যাতে মাটিখিনি কেঁচুমতা সাৰ হয়। কিছু ৰ’দ পৰা ঠাইত টাবটো ৰখা উচিত। যিহেতু বিলাহী পুলি এটা বাঢ়িবলৈ যথেষ্ট পুষ্টিৰ প্ৰয়োজন, সেয়েহে পুলি ৰোৱা মাটিখিনি ভাল হ’ব লাগে। পুলিটো বাঢ়িব পৰাকৈ টাবটোৰ জোখ বাচি ল’ব। পুলিটো বৃদ্ধি পাবলৈ পুলিটোৰ গুৰিত ৰান্ধনি শালৰ পেলনীয়া শাক-পাচলিৰ বাকলিৰে ভৰাই ৰাখিব। এইবিলাকেও জৈৱিক সাৰ হিচাপে কাম কৰে। ক্ৰমান্বয়ে পুলিটো বাঢ়ি অহাৰ লগে লগে মাজে মাজে মাটিখিনি খুঁচৰি থাকিব আৰু পুলিটো হাউলি নাযাবৰ বাবে পুলিটোৰ গাত এডাল কাঠৰ মাৰি বা ষ্টিক লগাই ৰাখিব। নিতৌ পুলিটোৰ গুৰিত পানী দিব। এনেদৰে যতন লৈ এদিন ইয়াৰ ফচল খাবলৈ পাব। কিমান যে ভাল লাগিব সেয়া আপুনিহে অনুভৱ কৰিব।
Latest feeds
-
সফল কাহিনী
ক’লা ধান, পাম অইল আৰু ভেনিলা খেতিৰে সফল হৰকান্ত বসুমতাৰী
-
সফল কাহিনী
ড্ৰেগন ফল, মাল্টা, মৌচুমী খেতিৰে সফল চিৰাঙৰ আকবৰ আলী আহমেদ
-
সফল কাহিনী
Mahindra 275 DI TU PP : ১৮ বছৰ পূৰ্বে গঢ়া এটা সম্পৰ্ক, আজিও অটুট
-
সফল কাহিনী
Mahindra Arjun Novo ৰ সৈতে সপোন বাস্তৱ কৰাৰ পথত কৃষক গুৰমেজ সিং
-
উদ্য়ানশস্য়
Sponge Gourd : এবিঘা মাটিত কৰক এদিনত ২-৩ কুইন্টল বজাৰলৈ পঠাওঁক
-
উদ্য়ানশস্য়
Turmeric Farming : এবিঘা মাটিত কৰক ৮-৯ মাহত ১ লাখ টকা চকুমুদি লওঁক
-
উদ্য়ানশস্য়
জানুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত এবিঘা এবিঘা মাটিত কৰক এই শস্যৰ খেতি
-
উদ্য়ানশস্য়
জানুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰতে এবিঘা মাটিত মৰাণ আদাৰ খেতি কৰক
-
পশুপালন
Local Murgi : মুকলি পথাৰত ২ হাজাৰ লোকেল কুকুৰা পালন ১৮ বছৰীয়া যুৱকৰ
-
News
MFOI 2024 : আজিৰে পৰা আৰম্ভ মিলিয়নাৰ ফাৰ্মাৰ অৱ দ্যা ইণ্ডিয়া এৱাৰ্ড ২০২৪
Share your comments