ভাৰতবৰ্ষত পৰম্পৰাগত ভাৱে ৰবৰ খেতি দক্ষিণ – পশ্চিম সাগৰীয় উপকূলৰ দাঁতিকাষৰীয়া কেৰালা আৰু তামিলনাডুৰ কন্যাকুমাৰী জিলাত কৰা হৈ আহিছে। কিন্ত সেই অঞ্চলবোৰত ৰবৰ খেতিৰ বৃদ্ধিৰ সম্ভাৱনীয়তা নোহোৱা হৈছে। এনে এটা পটভূমিত ভাৰতবৰ্ষত ৰবৰ খেতিৰ উৎপাদন বৃদ্ধিৰ বাবে কিছুমান অপৰম্পৰাগত অঞ্চললৈ ইয়াৰ পৰিসৰ বৃদ্ধি কৰিবলগীয়া হৈছে। বৰ্তমানলৈকে ভাৰতবৰ্ষত চিনাক্ত হোৱা এই অপৰম্পৰাগত অঞ্চলবোৰৰ ভিতৰত ঘাইকৈ আছে অসম আৰু উত্তৰ – পূৰ্বাঞ্চলৰ আন আন ৰাজ্যবোৰ, যেনে – অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰা অন্যতম। ১৯৬০ চন মানৰ পৰা তেতিয়াৰ অবিভক্ত অসমত চৰকাৰী পৃষ্ঠপোষকতাত পৰীক্ষামূলক ভাৱে ৰবৰ উৎপাদনৰ কাম চৰকাৰৰ বন বিভাগ, ভূমি সংৰক্ষণ বিভাগৰ দ্বাৰা হয়। বৰ্তমানে ব্যক্তিগত পৰ্যায়তো ৰবৰ খেতি অসম আৰু উত্তৰ – পূৰ্বাঞ্চলত অতি উৎসাহ জনক ভাৱে আৰম্ভ হোৱা পৰিলক্ষিত হৈছে।
ব্যৱসায়ক ৰবৰ গছ (Havea Brasiliensis) আমাজান উপত্যকাৰ দাঁতি কাষৰীয়া ব্ৰাজিলত বনৰীয়া গছ হিচাপে প্ৰাকৃতিক ভাৱে গজি উঠে। উচ্চ হাৰত বৰষুণ, লঘু আৰু চুটি শীত কাল, উচ্চ আৰ্দ্ৰতা আৰু কোনো ধৰণৰ ঘূৰ্ণী বতাহৰ প্ৰাৰ্দুভাৱ নথকা অঞ্চল ৰবৰ খেতিৰ বাবে উপযুক্ত। ব্যৱসায়িক ৰবৰ খেতি উৎপাদনৰ বাবে বছৰি ২০০০ – ৩০০০ মিলি মিটাৰ বৰষুণ, ২১° ছেলছিয়াছৰ পৰা ৩৫° ছেলছিয়াছ লৈকে উষ্ণতা, গোটেই বছৰ জুৰি ৭০% ৰ পৰা ৯০% আৰ্দ্ৰতা, সাগৰ পৃষ্ঠৰ পৰা ৪৫০ মিটাৰ উচ্চতা এঢলীয়া বা হেলনীয়া পৃষ্ঠৰ সহজে পানী নিষ্কাশন হ’ব পৰা আৰু মাধ্যমীয়া গুণমানৰ মাটিৰ প্ৰয়োজন। এনে মাটিৰ ১০০ ছেণ্টিমিটৰ তলত পানী থকা উচিত যাতে সহজে সেই পানী নিষ্কাশন কৰিব পাৰে।
গতিকে দেখা যায় যে অসম আৰু উত্তৰ – পূৰ্বাঞ্চল ৰবৰ উৎপাদনৰ বাবে অতিকৈ উপযোগী।
অসম আৰু উত্তৰ – পূৰ্বাঞ্চলৰ আন ৰাজ্যবোৰ্ত খেতিৰ অন্যতম সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ৰবৰ ব’ৰ্ডেও এই অঞ্চলত ইয়াৰ পৰিসৰ বৃদ্ধিৰ বাবে কিছুমান দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰিছে। আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰবৰ ব’ৰ্ডে লোৱা এনে ব্যৱস্থাবোৰৰ ভিতৰত আছে ৰবৰ ব’ৰ্ডৰ কাৰ্যালয় স্থাপন, আঞ্চলিক গৱেষণা কেন্দ্ৰ স্থাপন, নাৰ্ছাৰি স্থাপন নিউক্লিয়াছ ৰবৰ বাগান আৰু প্ৰশিক্ষণ কেন্দ্ৰ (NRETC) স্থাপন, জিলা উন্নয়ন কেন্দ্ৰ (DDC) স্থাপন, টেপাৰ্ছ প্ৰশিক্ষণ কেন্দ্ৰ (Tapper’s Training Institute, TTI) স্থাপন আদি অন্যতম।
২০১৪–১৫ চনত উত্তৰ – পূৰ্বাঞ্চলত ৰবৰ খেতিৰ পৰিসৰ আৰু উৎপাদনৰ পৰিমাণ আছিল –
ক্ৰঃ নম্বৰ |
ৰাজ্য |
পৰিসৰ (হেক্টৰ) |
উৎপাদনৰ পৰিমাণ (টন) |
১ |
ত্ৰিপুৰা |
৩২,০৬৫ |
১৩,৮০৪ |
২ |
অসম |
১৪,০৫৭ |
৩,২৫৭ |
৩ |
মেঘালয় |
৪,৮৩৪ |
২,৮৯৫ |
৪ |
নাগালেণ্ড |
২,১৮৪ |
৪২৭ |
৫ |
মণিপুৰ |
১,৭৮৬ |
১৯৮ |
৬ |
মিজোৰাম |
৪৯৮ |
৪৯ |
৭ |
অৰুণাচল প্ৰদেশ |
৪১৬ |
৫৫ |
৮ |
ছিকিম |
০ |
০ |
মুঠ : ৫৫,৮৪০ ২০,৭৭৫ |
অসম আৰু উত্তৰ – পূৰ্বাঞ্চলত ৰবৰ খেতিৰ উন্নয়নৰ বাবে বহু খিনি কৰিব লগীয়া আছে যদিও ৰবৰ ব’ৰ্ডে এতিয়ালৈকে যিখিনি কৰিছে সেয়া যথেষ্ট নহয়। সেয়ে অঞ্চলটোৰ ৰবৰ উৎপাদন বৃদ্ধি কৰিবলৈ হ’লে ৰবৰ ব’ৰ্ডৰ কৰণীয় বহু খিনি আছে। বিশেষকৈ –
(১) সমগ্ৰ উত্তৰ – পূৰ্বাঞ্চলত ৰবৰ ব’ৰ্ডৰ মাত্ৰ ৯ টা আঞ্চলিক কাৰ্যালয়ৰ ভিতৰত ৩ টা ত্ৰিপুৰাত আৰু বাকী ৬ টা গোটেই উত্তৰ – পূৰ্বাঞ্চলৰ বাবে স্থাপন কৰা হৈছে। ১৯৯৭ চনৰ ক্ষেত্ৰ ভিত্তিক ৪১ জন সম্প্ৰসাৰণ বিষয়াৰ তুলনাত ২০১৬ চনত এই সংখ্যা হ্ৰাস পাই ২৪ হৈছেগৈ।
(২) ৰবৰ খেতিৰ প্ৰতিপালন আৰু ব্যৱস্থাপনাৰ বাবে অনুদানৰ পৰিমাণ পৰ্যাপ্ত নহয়। এই পৰিমাণ বঢ়াব লাগিব।
(৩) ৰবৰ খেতিৰ বাবে উপযুক্ত প্ৰশিক্ষণৰ অভাৱ দূৰ কৰিব লাগিব।
(৪) প্ৰকৃত ৰবৰ পুলিৰ যোগানৰ ব্যৱস্থা উন্নত কৰিব লাগিব।
(৫) পৈণত বা পূৰঠ ৰবৰ গছৰ বীমাকৰণৰ ব্যৱস্থা কৰা উচিত।
(৬) উপযুক্ত সাৰৰ অভাৱ দূৰ কৰিব লাগিব।
(৭) ৰবৰ বিক্ৰিয়াৰ বাবে বৃহৎ পৰিমাণৰ ইন্ধন কাঠৰ প্ৰয়োজন হয়। তাৰ ব্যৱস্থাও কৰিব লাগিব।
(৮) ৰবৰ গছ জোপাৰ জুলীয়া ৰবৰৰ সংগ্ৰহৰ ব্যৱস্থা ক্ৰুটিপূৰ্ণ হৈ আছে। শুদ্ধ ৰুপত ৰবৰ সংগ্ৰহৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
(৯) ক্ষুদ্ৰ ৰবৰ খেতিয়ক সকলক উৎসাহিত কৰিবলৈ ৰবৰৰ কেঁচা সামগ্ৰীৰ দাম বৃদ্ধি কৰা উচিত।
আটাইতকৈ গুৰুত্ব পূৰ্ণ কথাটো হৈছে অসম আৰু উত্তৰ – পূৰ্বাঞ্চলত ৰবৰ ভিত্তিক উদ্যোগ স্থাপন।
Share your comments