1. উদ্য়ানশস্য়

Swietenia Pant : হাতী, বান্দৰৰ বাবে খেতি কৰি নোৱৰা অঞ্চলত কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Swietenia Pant Farming profit
Swietenia Pant Farming profit

শেহতীয়াকৈ অসমৰ কৃষকে ৰোপন কৰিবলৈ লোৱা এবিধ গছ হ’ল- মেহগনি। অসমৰ কৃষকসকলৰ মাজত জনপ্ৰিয় হৈ উঠা মূলতে এই গছৰ পুলি দ্ৰুত গতিত বৃদ্ধি হয়, গছজোপা পোন হয় আৰু কাঠ অতি মূল্যৱান। মেহগনি গছৰ কাঠৰ পৰা আচবাব, দৰ্জা, জাহাজ, বিভিন্ন বাদ্যযন্ত্ৰ প্ৰস্তুত কৰা হয়। মেহগনি কাঠৰ পৰা প্ৰস্তুত কৰা আচবাব দীৰ্ঘদিনলৈ বেয়া নহয়, ঘোনে নধৰে, ফিনিচিং ভাল হয় আৰু ধুনীয়া হৈ পৰে। এনেবোৰ গুণৰ বাবে মেহগনি গছৰ কাঠৰ মূল্য বেছি।

বৰ্তমান আহি আছে অসমত গছপুলি ৰোপনৰ বতৰ। গতিকে যিসকল কৃষকে মেহগনি গছ বা অন্যান্য গছৰ পুলি ৰোপন কৰিম বুলি ভাৱিছে তেওঁলোকে এপ্ৰিল মাহৰ পৰা জুন মাহৰ ভিতৰত ৰোপন কৰিব পাৰিব। অন্যান্য গছতকৈ কৃষকসকলে মেহগনি গছ ৰোপন কৰিলে অধিক লাভান্বিত হ’ব। ইয়াৰ মূলতে থকা কাৰণসমূহ এনেধৰণৰ- কম দিনত ডাঙৰ হয়, কাঠৰ দাম বেছি, বেছি ঠাই নলয়, পোন হৈ উপৰলৈ গুছি যায় যাৰ বাবে মেহগনি গছৰ লগত অন্যান্য ৰবি শস্য আৰু উদ্যান শস্যৰ খেতি কৰিব পাৰি। তিনিচুকীয়া জিলাৰ প্ৰগতিশীল কৃষক ধনীৰাম চেতিয়াই ৫ বিঘা মান মাটিত আঢ়ৈ বছৰ আগতে মেহগনি গছৰ পুলি ৰোপন কৰিছিল।

বৰ্তমান আঢ়ৈ বছৰীয়া পুলিবোৰ ১৫-২০ ফুট ওখ হৈছে। আপোনালোকে তলৰ ফটোত দেখিছে। কৃষকগৰাকীয়ে আঢ়ৈ বছৰীয়া গছবোৰৰ তলত ভোট জলকীয়া, বেঙেনা আদি শস্যবোৰৰ লগতে চাপৰতে লগা আম, কঠাল, অমিতা, তামোল আদিৰ খেতি কৰিছে। মেহগনি গছবোৰ পোনে পোনে ওপৰলৈ গুছি যায় আৰু ডালপাত মেলি জোপোহা হৈ নাযায়। গতিকে তলত কৃষকগৰাকীয়ে কৰা আম, তামোল, জলকীয়া, বেঙেনা, অমিতা আদি উদ্ভিদবোৰত প্ৰভাৱ নেপেলায়। গতিকে মেহগনি গছৰ খেতি কৰিলে মিশ্ৰিত পদ্ধতিৰে অন্য শস্যৰ খেতি কৰিব পৰাও এক সুবিধা থাকে। বহু পাঠকে হয়তো এই গছৰ কাঠ বিক্ৰি নাযায় বুলি ক’ব পাৰে। এই সন্দৰ্ভত কৃষক ধনীৰাম চেতিয়াই কয়- বৰ্তমান সময়ত সকলো কাঠৰে দাম আছে। চাহিদাও আছে। অধিক দামত মেহগনি গছৰ কাঠ বিক্ৰিব নোৱাৰিলেও সাধাৰণ কাঠৰ যি দাম সিমানত বিক্ৰি কৰিলেও লোকচান নহয়।

লগতে কৃষকগৰাকীয়ে কয়- আমাৰ বহু কৃষকে হাতী, বান্দৰৰ বাবে তেওঁলোকে খেতি কৰিব নোৱাৰো বুলি কয়। মই কওঁ হাতী-বান্দৰৰ উপদ্ৰৱ থকা অঞ্চলসমূহৰ কৃষকে হাতী-বান্দৰৰ থকা অঞ্চলৰ কৃষকসকলে কৃষিৰ বিকল্প হিচাপে মেহগনি, চন্দনৰ লগতে যিকোনো মূল্যৱান গছৰ পুলি ৰোপন কৰি উকা পথাৰবোৰ সেউজীয়া কৰি তুলিব পাৰে। কাৰণ এই গছবোৰ হাতী-বান্দৰে অনিষ্ট নকৰে বৰঞ্চ বন্য জীৱ-জন্তুৱে ভালহে পাব। প্ৰথম পুলি ৰোপন কৰোঁতেই যি খৰচ। তিনি বছৰ মান আমাৰ কৃষকসকলে লোৱাৰ পাছতেই বাকী আৰু যত্ন লোৱাৰ প্ৰয়োজন নাই। তাৰপিছত ১৫-১৬ বছৰৰ ভিতৰত কেৱল পইচা লওঁক।

লগতে পঢ়ক- 

Malta Fruit farming : এপ্ৰিলৰ পৰা জুনৰ ভিতৰত ৰোপন কৰক মাল্টাৰ খেতি

English Summary: Swietenia Pant Farming profit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.