1. উদ্য়ানশস্য়

Swapna F1 : ৮-৯ মাহত গুৰিৰ পৰাই লাগিব ফল, এবিঘা মাটিত আৰম্ভ কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Swapna F1 Variety Papaya Farming
Swapna F1 Variety Papaya Farming

আমাৰ কৃষকসকলে খেতি কৰাৰ আগমুহূৰ্তত শস্যৰ উন্নত জাত নিৰ্বাচন কৰাতো অত্যন্ত গুৰুত্বপূৰ্ণ। শস্যৰ জাতৰ ওপৰত কৃষকজনৰ সফলতাৰ প্ৰায় ৬০ শতাংশই নিৰ্ভৰ কৰে। বজাৰত বা দোকানত যি জাতৰ বীজ পায় তাকে খেতি কৰাতো অনুচিত। গতিকে খেতি কৰাৰ আগমুহূৰ্তত যিকোনো শস্যৰ উন্নত জাত সন্দৰ্ভত অভিজ্ঞ তথা কৃষি বিজ্ঞানীৰ পৰামৰ্শ গ্ৰহণ কৰিলে অধিক সফলতা লাভ কৰিব পাৰিব।

পাঠকসকলক আজি এই আলোচনাত অমিতাৰ এটা উন্নত জাতৰ বিষয়ে আপোনালোকক জনাম। যিটো অমিতাৰ খেতি কৰি আপুনিও লাভান্বিত হ’ব। আজি আমি আলোচনা কৰিবলৈ লোৱা অমিতাৰ এই জাতটোৰ নাম SAPNA F1। এই জাতটোৰ অমিতাবোৰ অলপ গুল। এটা অমিতা ১ কেজিৰ পৰা ডেৰ কেজি ওজনৰ হয়। ফটোত দেখাৰ দৰেই গছৰ গুৰিৰ পৰা লাগেই অমিতা। উচ্চ উৎপাদনক্ষম অমিতাৰ এই জাতটোৰ পুলি ৰোপন কৰা ৮-৯ মাহৰ ভিতৰত গছবোৰত ফল লাগে। হাইব্ৰীড যদিও অমিতাৰ জাতটোৰ বেমাৰ আজাৰ কম। ব্যৱসায়িকভাৱে অমিতাৰ খেতি কৰিব বিচৰা কৃষকসকলে এই জাতটোৰ অমিতাৰ খেতি কৰিলে নিশ্চিতভাৱে লাভান্বিত হ’ব।

লগতে পঢ়ক- 

How farmers will capture the market through social media!: কৃষকসকলে সামাজিক মাধ্যমেৰে কেনেকৈ বজাৰখন দখল কৰিব!

গোলাঘাট জিলাৰ সৰু পথাৰৰ প্ৰগতিশীল কৃষক মুকুট শইকীয়া বিগত বৰ্ষৰ ফ্ৰেব্ৰুৱাৰী- মাৰ্চত SAPNA F1 এই জাতটোৰ খেতি কৰি লাভান্বিত হৈছিল। ফ্ৰেব্ৰুৱাৰী- মাৰ্চৰ উপৰি আমাৰ কৃষকসকলে জুন-জুলাই, অক্টোৱৰ-নৱেম্বৰৰ সময়ছোৱাতো অমিতা খেতি কৰিব পাৰে। অমিতা খেতিৰ বাবে বালিঅহীয়া আৰু পানী জমা নোহোৱা মাটি উপযোগী। পানী জমা হ’লেই গছবোৰ মৰি যোৱাৰ সম্ভাৱনা থাকে। গতিকে বাৰিষা অহাৰ আগে আগে কৃষকসকলে গছৰ গুৰিবোৰ মাটি আৰু সাৰেৰে ঢাপ কৰি দিব লাগে।

SAPNA F1 প্ৰজাতি অমিতা পুলিবোৰ ৰোপন কৰোঁতে এটা পুলিৰ পৰা এটা পুলিৰ দূৰত্ব ৪-৫ ফুট দিব লাগে। একেদৰে শাৰীবোৰৰ মাজৰ দূৰত্বও ৪-৫ ফুট দিব লাগে। শাৰী আৰু পুলিবোৰৰ দূৰত্ব অলপ বেছি হ’লে  চাফ-চিকুণ, সাৰ-পানী যোগান ধৰিবলৈ ভাল হয়। আমাৰ পাঠকসকলক জনাও যে যিসকলক কৃষকে নতুনকৈ অমিতা খেতি কৰিম বুলি ভাবিছে তেওঁলোকে নতুন প্ৰথমে অভিজ্ঞ ব্যক্তি নাইবা কৃষি বিষয়াৰ লগত যোগাযোগ কৰি তেওঁলোকৰ পৰামৰ্শ মতে আগবাঢ়ক। আমাৰ পাঠকসকলে আমাক সততে এটা প্ৰশ্ন কৰে- ইয়াৰ বীজ ক’ত পাম! আপোনালোকে প্ৰথমে ওচৰৰ বীজ ভাণ্ডাৰলৈ যাব। বীজ ভাণ্ডাৰত নাই ফিলিকাৰ্ট বা এমাজনত অৰ্ডাৰ কৰিব। ইয়াৰ এটা পেকেটৰ দাম ৩৭০ টকা মান হ’ব লাগে।

লগতে পঢ়ক- 

বান্দৰৰ বাবে একো কৰিব পৰা নাই নেকি! তেন্তে এই লেখাটো আপোনাৰ বাবে!

English Summary: Swapna F1 Variety Papaya Farming time & Profit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.