
অসমীয়াত এষাৰ কথা আছে ছয় পো ছয় নাতি তেহে কৰিব খেতি! কুঁহিয়া খেতি সন্দৰ্ভত থকা এই কথাষাৰে আমাৰ বহু কৃষকক কুঁহিয়া খেতি সন্দৰ্ভত এটা ভয় জন্মাই দিয়ে। পূৰ্বতে এজন দেউতাকৰ ৬ সন্তান থকাটো বৰ ডাঙৰ কথা নাছিল। কিন্তু বৰ্তমান সময়ত ই হ’ব এটা আচৰিত কথা। আজিকালি ২ টা সন্তানেই যথেষ্ট। তাৰ বাবে অসমীয়া মানুহে কুঁহিয়া খেতি কৰিব নোৱাৰিব নেকি! যদি সন্তান কম হোৱাৰ বাবেই কুঁহিয়া খেতি কৰিব নোৱাৰে গুৰ, চেনীৰ বাবে বৰ্তমানতকৈ অনাগত দিনত এইবোৰৰ বাবে অধিক নিৰ্ভৰশীল হ’ব লাগিব বহিঃৰাজ্যৰ ওপৰত।
এটা কথা কৈ থোৱা হওঁক যে বিহাৰ, উত্তৰ প্ৰদেশত ৬ পো, ৬ নাতি নথকাকৈ কুঁহিয়াৰ খেতি কৰি অসমীয়া মানুহৰ দেশৰ জনসাধাৰণক গুৰ খোৱাই আছে, চেনী খোৱাই আছে। পূৰ্বতে কুঁহিয়াৰ খেতি কৰিবলৈ যাওঁতে হালবোৱা, কোৰ মৰা আদি কামবোৰৰ বাবে মানুহ আৰু গৰুৰ প্ৰয়োজন হৈছিল। জাঁৱৰ গুচোৱা, বন-বাত নিয়ন্ত্ৰণ কৰা কামবোৰ কৰিবলৈ মানুহ লাগিছিল, কুঁহিয়া পেৰিবলৈ গৰু-ম’হৰ প্ৰয়োজন হৈছিল। ইফালে, কুঁহিয়াৰ পৰা গুৰ প্ৰস্তুত কৰিবলৈ ৰাতি ৰাতি জুই লগাই গুৰ পকাব লগীয়া হৈছিল, দম দম খৰিৰ প্ৰয়োজন হৈছিল। কিন্তু এই সকলোবোৰ কামৰ বাবে আজিকালি আধুনিক যন্ত্ৰ আহিল। গতিকে সকলো কাম সহজ হৈছিল। আৰু এতিয়া ডাকৰ বচন অচল হৈ পৰিল।
আমি চলিত বৰ্ষটোৰে আৰম্ভণি ফালে তিনিচুকীয়া জিলাৰ প্ৰগতিশীল কৃষক ধনীৰাম চেতিয়াৰ কৃষিফাৰ্মলৈ কৃষি সম্বন্ধীয় কিছু তথ্য সংগ্ৰহ কৰিবলৈ গৈছিল। তেতিয়াই দেখিছিলো কৃষক ধনীৰাম চেতিয়াই অকলেই প্ৰায় ৫-৬ বিঘা মান মাটিত কুঁহিয়াৰ খেতি কৰিছে। বিগত বৰ্ষৰ জুন মাহত ৰোপন কৰা প্ৰতিজোপা কুঁহিয়াবোৰ পৰা ২-৩ ডাল কুঁহিয়া কাটিছে বুলি জানিবলৈ দিছিল।
আৰু প্ৰতিকেজি কুঁহিয়াৰ ১২-১৫ টকা দৰত বিক্ৰি কৰি আছে বুলি জানিবলৈ দিয়ে। এইবাৰ তেওঁ দুবিঘা মাটিত কুঁহিয়াৰ খেতি কৰিছে। কুঁহিয়া গছবোৰৰ মাজে মাজে বিলাহী লগাই দিছিল। কুঁহিয়াখিনি ডাঙৰ হোৱাৰ লগে লগে বিলাহীখিনি সময়সীমা শেষ যাব। এইবাৰ তেওঁ দুবিঘা মাটিৰ কুঁহিয়া দুটা শাৰীৰ মাজৰ ঠাইখিনিত বিলাহী খেতি কৰি ৫০ হাজাৰ টকা উপাৰ্জন কৰে।
কৃষকগৰাকীৰ লগত কথা-বতৰা পাতোতে জানিব পাৰিছিলো- কেইবাটাও বিশেষ আৰু উন্নত প্ৰজাতিৰ কুঁহিয়াৰ খেতি কৰিছে। সেইকেইটা হ’ল- ফিলিপাইনছ ব্লেক চুগাৰকেন, আকিপুৰা, বৰ্ণসংকৰ চেনি কুঁহিয়া। কৃষকগৰাকীয়ে জানিবলৈ দিয়া মতে, এই কুঁহিয়াৰ জাতকেইটাৰ উতপাদন ভাল হয়, খাবলৈয়ো ভাল হয়। এডাল কুঁহিয়া ৫ কেজি পৰ্যন্ত হয়। আৰু ১২-১৬ পৰ্যন্ত হয় বুলি জানিবলৈ দিয়ে। এই আটাইকেইটা কুঁহিয়াৰ জাতৰ পুলি তেওঁৰ ওচৰত পাব। কোনো আগ্ৰহী কৃষকে কুঁহিয়াৰ খেতি কৰিম বুলি ভাৱিলে তেওঁৰ লগত যোগাযোগ কৰিব পাৰিব।
কৃষক গৰাকীৰ লগত কুঁহিয়াৰ খেতি সন্দৰ্ভত কথাপাতি থাকোঁতেই কুঁহিয়াৰ পুলি কেনেকৈ প্ৰস্তুত কৰা সেই বিষয়ে আমাক জনাইছিল। তেওঁ এডাল পুৰঠ কুঁহিয়া ৩ টাকৈ গাঁঠি ৰাখি টুকুৰা, টুকুৰ কৰিছিল। টুকুৰাবোৰ এডোখৰ মাটি সৰু টেক্টৰ এখনেৰে চহাই বোকা কৰি টুকুৰা কৰা পিছবোৰ বোকা মাটিখিনিত পঠালিকৈ পেলাই আধা পুতি দিছিল। তলৰ ফটোত দেখিছে আপোনালোকে। এনেকৈ পোতাৰ ২০-২৫ দিনৰ মূৰত কুঁহিয়া টুকুৰাবোৰৰ প্ৰতিটো গাঁঠিত পোখা মেলে। প্ৰতিটো গাঁঠিক পুনৰ টুকুৰা টুকুৰ কৰি মূল পথাৰত ৰোৱা হয়।
কুঁহিয়াবোৰ মূল পথাৰত ৰোপন কৰা আগতে পথাৰ ভাল দৰে ৫-৬ ফুট দূৰত্ব শাৰীবোৰ মাৰিব লাগে। শাৰীবোৰ ইংৰাজী বৰ্ণমালা V আকৃতিত খান্দিব লাগে। পুলিবোৰ ৰোপন কৰোতে ১ টা পুলিৰ পৰা এটা পুলিৰ দূৰত্ব ১.৫ ফুট হ'ব লাগে। আৰু শাৰীবোৰ বেলিৰ ফালে মুখ কৰাকৈ মাৰিব লাগে। কৃষক ধনীৰাম চেতিয়া একো সাৰ দিয়া নাছিল।
লগতে পঢ়ক-
Golden Opportunity : পানৰ খেতিৰে অসমীয়া খেতিয়কৰ আয় দুগুণ কৰাৰ উপায়!
সাৰ নিদিয়াকৈ কৰা কুঁহিয়াখিনিয়ো যথেষ্ট ভাল হৈছিল। সাৰ দিলে আৰু উতপাদন হ’ব বুলি আমাক জানিবলৈ দিছিল। তেওঁ আমাক কৈছিল- কুঁহিয়াবোৰ ওখ হৈ গ’লে তললৈ হাওলি আহে। গতিকে মই কুঁহিয়াবোৰ হাওঁলি আহিব নোৱৰাকৈ কুহিয়াৰ শাৰীবোৰৰ মাজে মাজে খুঁটা পুটি দিছো। আৰু ৰচি লগাই দিছো। কুঁহিয়াবোৰ মাটিত পৰি গ’লে কুঁহিয়াৰ গুণাগুণ নষ্ট হয়। গতিকে কুঁহিয়া খেতি কৰোঁতে এই কথাবোৰ মন কৰিব। আমি তলৰ ফটোত দেখুৱাই দিছো। কৃষক ধনীৰাম চেতিয়াই কেনেকৈ কুঁহিয়াবোৰ হাউলি নাযাবৰ বাবে খুঁটা পুতি ৰচি বান্ধি দিছে।
কৃষকগৰাকীয়ে কয়- আজিকালি কুঁহিয়াৰে গুৰ প্ৰস্তুত নকৰিলেও ৰসৰ বাবেও খেতি কৰিব পাৰে। গৰম দিনত কুঁহিয়াৰ ৰসৰ চাহিদা বহুত। চহৰ অঞ্চলত বহু ব্যক্তিয়ে কুঁহিয়াৰ ৰস বিক্ৰি কৰিয়েই প্ৰতিদিনে ১৫০০-১০০০ টকা উপাৰ্জন কৰে। আগৰ মানুহে হাতেও ঘূৰাই থাকিব নালাগে। সৰু সৰু মেচিন ওলাইছে। সৰু মেচিনবোৰৰ জৰিয়তেও কুঁহিয়াৰ ৰস উলিয়াব পাৰি। আৰু এনেকৈ বহুলোকে কৰি আছে।
লগতে পঢ়ক-
Share your comments