1. উদ্য়ানশস্য়

আলু খেতিৰ উন্নত কৃষি পদ্ধতি (organic potato cultivation in assam)

KJ Staff
KJ Staff
Potato cultivation
Potato cultivation

    আমাৰ দৈনন্দিন খাদ্য তালিকাৰ পাচলি বােৰৰ ভিতৰত আলু অন্যতম। পুষ্টিগত হিচাবে ১০০ গ্রাঃ আলুত প্রায় ৭৮ শতাংশ পানী, ২২ শতাংশ শৰ্কৰা, ৯.০৬ শতাংশ প্রটিন, ০.৪০ শতাংশ আঁহজাতীয় পদার্থ, ০.১ শতাংশ চর্বিজাতীয় পদার্থৰ লগতে খনিজ লৱণ পােৱা যায়। আলু খেতি এক লাভজনক কৃষি; কিয়নাে তথ্যগতভাৱে ইয়াৰ উৎপাদনত ব্যৱহৃত বীজৰ অনুপাতে প্রায় দহ গুণ বৃদ্ধি পায়। শস্যকাল কমদিনীয়া অর্থাৎ প্রায় ১০০-১২০ দিনত আলুৰ কৃষিকর্ম সম্পন্ন হয় যদিও গােটেই বছৰযুৰি আমি খাব পাৰাে। আলুৰ শস্যকাল জাত ভেদে বেলেগ বেলেগ। 

তলত আলু খেতিৰ আধুনিক কৃষি পদ্ধিতিৰ চমু আভাস ডাঙি ধৰা হ'ল।

   আলুৰ উচ্চ উৎপাদনক্ষম বিভিন্ন জাতসমূহ হৈছে - কুফ্রী জ্যোতি, কুফ্রী পােখৰাজ, কুফ্রী চন্দ্রমুখী, কুফ্রী মেঘা, কুফ্রী অশােকা, কুফ্রী চিন্ধুৰী, কুফ্রী বাহাৰ, কুফ্রী জৱাহৰ ইত্যাদি। ইয়াৰ ভিতৰত কুফ্রী পােখৰাজ আৰু কুফ্রী অশােকা ৰােৱাৰ পৰা ৬০ দিনৰ ভিতৰত আৰু কুফ্রী জৱাহৰ প্রায় ৮০ দিনতে আলু ধৰিবলৈ আৰম্ভ কৰে। কুফ্রী বাহাৰ, কুফ্রী বাদচাহ ইত্যাদি জাতসমূহ দীর্ঘম্যাদী আৰু উচ্চ উৎপাদনক্ষম।.মন কৰিবলগীয়া যে আলুৰ জাত নির্বাচন কৰোঁতে আমি উচ্চ উৎপাদনক্ষম জাতৰ লগতে অসমৰ জলবায়ুৰ লগত খাপ খােৱা হ'ব লাগে। অসমৰ কৃষকসকলে শালি ধান চপােৱাৰ পিছত অর্থাৎ পুহ-মাঘ মাহত কুফ্রী মেঘা, কুফ্রী গিৰিৰাজ আদি জাত কৰিব পাৰি।

   আলু খেতিত বিজ্ঞানৰ নতুন প্রযুক্তিৰ এটি হ’ল প্রকৃত আলুৰ বীজ অথবা True Potato Seed (TPS)ৰ দ্বাৰা খেতি কৰা। TPSৰ ব্যৱহাৰে খেতি কৰাৰ সুবিধাসমূহ হৈছে –

১। গুটি আলুৰ তুলনাত ইয়াৰ প্ৰয়ােজন নিচেই কম অর্থাৎ প্রায় ২০ গ্রাম টি.পি.এচ./বিঘাত।

২। TPSৰ দ্বাৰা উৎপাদিত টিউবাৰলেট সমূহ পিছৰ বছৰ ৰােৱাৰ বাবে উপযােগী হয় আৰু

প্রায় ১.৫ কুইণ্টল/বিঘাত প্রয়ােজন হয়।

৩৷ TPSৰ দ্বাৰা উৎপাদিত আলু ভাইৰাচ ৰােগমুক্ত আৰু উচ্চ উৎপাদনক্ষম সম্পন্ন হয়।

৪৷ TPSৰ দ্বাৰা উৎপাদিত আলু লেটব্লাইট ৰােগ প্ৰতিৰােধ ক্ষমতাসম্পন্ন হয়।

TPSৰ আলুৰ অনুমােদিত বিভিন্ন জাতসমূহ হৈছে -HPS 1/13, HPS 7/67, HPS II 13, d 92-PT-27, TPS C-3 ইত্যাদি।

 

  TPS দুই ধৰণৰ পদ্ধতিৰে কৰা হয়। বীজ সিঁচি আৰু পুলি ৰােপন কৰি আলুৰ এই প্রকৃত বীজবােৰ বিলাহী, বেঙেনাৰ দৰে পুলি গজাই ৰুব লাগে। ইয়াৰ বাবে বীজবােৰ আগতীয়াকৈ ১২-১৪ ঘণ্টা তিয়াই লৈ ভালদৰে চাহ কৰি সমান কৰি লােৱা মাটিত বীজবােৰ শাৰী শাৰীকৈ প্রায় ১৫ ছেঃমিঃ ব্যৱধানত দিব লাগে। বীজবােৰ সিঁচাৰ পিছত গােৱৰৰ গুৰিৰে ঢাকি দিব লাগে আৰু পাতলিয়াকৈ পানী দি মাটিত জেক দি ৰাখিব লাগে। এনেধৰণে কৰা আলুৰ পুলিবােৰ প্রায় ২৫-৩০ দিনৰ ভিতৰত মূল পথাৰত ৰােৱাৰ বাবে উপযােগী হৈ উঠে। এই পুলিবােৰ সাৱধানে উঠাই আনি ৫০x১৫ ছেঃমিঃ ব্যৱধানত মূল পথাৰত ৰুব লাগে। আলুৰ মাটি নির্বাচন আলু খেতিৰ বাবে ওখ, ৰ’দঘাই, পানী জমা নােহােৱা, বালিচহীয়া, পলসুৱা মাটি উত্তম যদিও আলতীয়া মাটিত যথেষ্ট পৰিমাণে জৈৱিক সাৰ প্ৰয়ােগ কৰি আলু খেতি কৰিব পৰা যায়।

বীজঃ

আলু খেতিৰ সফলতাৰ বাবে সদায় প্রমাণিকৃত বীজ ব্যৱহাৰ কৰিব লাগে। বীজ আলুৰ আকাৰ অনুসৰি বিঘাই প্রায় ৩-৩.৫ কুইণ্টলৰ প্ৰয়ােজন হয়। সাধাৰণতে ৩-৪টা চকু থকা ৭৫-১০০ গ্রাম ওজনৰ আলু ৰােৱাৰ বাবে উপযুক্ত। ডাঙৰ আলু হলে ২-৩টা চকু ৰাখি টুকুৰা কৰি কাটি কব লাগে।

বীজ শােধনঃ

আলুৰ কঠীয়া শােধন কৰিবলৈ ইন্দোফিল এম-৪৫ নামৰ ভেঁকুৰ নাশকবিধ ২.৫ গ্রাম প্রতি লিটাৰ পানীত মিহলি কৰি ২০ মিনিট আলুবােৰ ডুবাই ছাঁত ১২-২৪ ঘণ্টা শুকুৱাই লৈ ৰুব লাগে। এনে কৰিলে কঠীয়াত লাগি থকা ভেঁকুৰ নাশ হয়।

আলু ৰােৱাৰ সময়ঃ

অসমত আলু ৰােৱাৰ উচিত সময় হৈছে অক্টোবৰ মাহৰ মাজভাগৰ পৰা নৱেম্বৰ মাহৰ মাজভাগলৈ। আলু ৰােৱা পলম হলে এফিদ নামৰ পােকৰ আক্ৰমণ বৃদ্ধি পায়। যিয়ে ভাইৰাচজনীত ৰােগ বিয়পায়। গতিকে উপযুক্ত সময়ত এফিদ বা মােৱা পােক নিয়ন্ত্রণ কৰা উচিত।

আলু ৰােৱাৰ পদ্ধতিঃ

আলু খেতি কৰিবলৈ লােৱা মাটিডােখৰ ৩-৪ বাৰ হাল বাই, দ’কৈ চহাই মৈয়াই লৈ সমান কৰি ল'ব লাগে। আলুৰ বীজবােৰ ১৫-২০ ছেঃমিঃ ব্যৱধানত ৰুব লাগে আৰু আকাৰৰ ওপৰত নিৰ্ভৰ কৰি দুটা শাৰীৰ মাজত ৫০-৭০ ছেঃমিঃ পর্যন্ত হ’ব পাৰে।

আলুত সাৰ প্ৰয়ােগঃ

আলুৰ বাবে তৈয়াৰ কৰা মাটিডৰা ভালদৰে মৈয়াই লৈ আলু ৰােৱাৰ বাবে তৈয়াৰ কৰা লােৰবােৰত তলত উল্লেখ কৰা পৰিমাণত সাৰ প্ৰয়ােগ কৰিব লাগে। গােৱৰ, বা পচন সাৰ প্রয়ােগ প্রয়ােজনীয়।

বৰষুণ নির্ভৰশীল খেতিৰ বাবে

1. ইউৰিয়া প্রতিবিঘাত ১৯ কিঃগ্রা প্রয়োগ কৰিব লাগে।

2. একক চুপাৰ ফচফেট প্রতিবিঘাত ৪৫ কিঃগ্রা প্রয়োগ কৰিব লাগে।

3. মিউৰেট অৱ পটাচ প্রতিবিঘাত১২ কিঃগ্রা প্রয়োগ কৰিব লাগে।

জলসিঞ্চনৰ ব্যবস্থা থকা খেতিৰ বাবে 

1. ইউৰিয়া প্রতিবিঘাত ৩৮ কিঃগ্রা প্রয়োগ কৰিব লাগে।

2. একক চুপাৰ ফচফেট প্রতিবিঘাত ৯০ কিঃগ্রা প্রয়োগ কৰিব লাগে।

3. মিউৰেট অৱ পটাচ প্রতিবিঘাত ২৪ কিঃগ্রা প্রয়োগ কৰিব লাগে।

আলুৰ পৰিচৰ্যাঃ

আলু ৰােৱাৰ ২৫-৩০ দিনৰ পাছত আলু গছবােৰ ৪৫ ছেঃ মিঃ মান ওখ হ'লে প্ৰথমবাৰ গুৰিত মাটি চপাই পানী যােগান ধৰাৰ ব্যৱস্থা কৰিব লাগে। ঠিক একেদৰে দ্বিতীয়বাৰ আলু ৰােৱাৰ প্ৰায় ৫৫-৬০ দিনৰ পাছত আৰু তৃতীয়বাৰ প্ৰায় ৮৫-৯০ দিনৰ পাছত মাটি চপােৱা আৰু পানী যােগান ধৰাৰ কাম কৰিব লাগে। খেতি পথাৰডৰাত মাটিৰে ঢাঁকনিৰ ব্যৱস্থা (Mulching) থাকিলে তৃতীয়বাৰ পানী যােগান নধৰিলেও হয়। মাটিৰ ঢাকনি হিচাবে আলুত সাধাৰণতে পানী মেটেকা বা ধানৰ নৰা শাৰীৰ মাজত জাপি দিয়া হয় আৰু পিছলৈ ই পচন সাৰৰ কাম কৰে।

English Summary: organic potato cultivation in assam

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.