মচুৰ মাহ হৈছে মাহ জাতীয় শস্যৰ এবিধ অন্যতম খাদ্য শস্য। মচুৰ মাহ উৎপাদনকাৰী প্ৰথম দহখন দেশৰ ভিতৰত ভাৰতৰ স্থান দ্বিতীয়। এই ক্ষেত্ৰত কানাদাই প্রথম স্থান লোৱাৰ লগতে তৃতীয় স্থানৰ পৰা দশম স্থানলৈ থকা দেশসমূহ হৈছে তুর্কী, অষ্ট্ৰেলিয়া, নেপাল, বাংলাদেশ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইথিওপিয়া, চাইনা মেইনলেণ্ড আৰু চাইনা।
মচুৰ মাহত আমাৰ দেহৰ বাবে উপযোগী প্ৰ'টিন, আইৰণ, আহজাতীয় পদার্থ, কার্বহাইড্রেট, ভিটামিন এ, বি, চি, কেলছিয়াম, ছডিয়াম, পটাছিয়াম, মেগনেছিয়াম আদি পোৱা যায়। আমি সচৰাচৰ ব্যৱহাৰ কৰা মাহজাতীয় শস্যৰ ভিতৰত মচুৰমাহতেই আটাইতকৈ বেছি (শতকৰা প্ৰায় ২৫ ভাগ) প্রটিন পোৱা যায়। তদুপৰি মচুৰমাহে আমাৰ পাচন শক্তি বৃদ্ধি কৰে, হৃদপিণ্ড শক্তিশালী কৰে, মধুমেহ, ৰক্তহীনতা আৰু কৰ্কট ৰোগ নিয়ন্ত্ৰণ কৰে। ইয়াৰ উপৰিও মাটিৰ উৰ্বৰতা বৃদ্ধি, ভূমিৰ আৰ্দ্ৰতাৰ সংৰক্ষণ, বনবাত নিয়ন্ত্রণ তথা গৰু ম'হৰ খাদ্য হিচাপেও মাহজাতীয় শস্যৰ যথেষ্ট গুৰুত্ব আছে।
এইবিধ গুৰুত্বপূৰ্ণ শস্যৰ উৎপাদনত বিভিন্ন সময়ত বিভিন্ন কীট-পতঙ্গ আৰু ৰোগে আক্ৰমণ কৰি উৎপাদন হ্ৰাস কৰা দেখা যায়, এই সমূহ হৈছে -
-
মোৱা পোক (Aphid)
-
পাতগোবৰুৱা (Flea beetle)
-
পাত শোহনী পোক (Leaf hoper )
-
বগা মাখি (White fly)
-
কৰিড গান্ধী (Corid bug)
-
ছেঁই বিন্ধা পোক (Pod borer)
-
বিছা (Bihar hairy Caterpillar)
মোৱা পোকৰ পূৰ্ণাংগ আৰু পোৱালী পোকে মচুৰ মাহৰ কোমলীয়া ডাল-পাত আৰু সেই বিলাকৰ ৰস শুহি খাই অনিষ্ট কৰে। তদুপৰি এইবিধ পোকে ভাইৰাচৰ বাহক হিচাপেও কাম কৰে।
পাতগোবৰুৱা পোকে ছেঁই ধৰাৰ পূৰ্বে শস্যৰ কোমলীয়া পাতত সৰু সৰু ফুটা কৰি খায়। এই পোকে সাধাৰণতে দিনৰ ভাগতকৈ ৰাতিপুৱা, সন্ধিয়া আৰু ৰাতিৰ ভাগত আক্ৰমণ কৰে। পাত শোহনী পোক আৰু বগা মাখিৰ পৈণত আৰু অপৈণত উভয় অৱস্থাৰ পতঙ্গই শস্যৰ কোমলীয়া পাতৰ ৰস শুহি খাই পাতবিলাক ৰঙচুৱা কৰি পেলায়। ইয়াৰ উপৰিও বগা মাখিয়ে শস্যৰ হালধীয়া ভাইৰাচ বিধৰ বাহক হিচাপে কাম কৰে।
অসমত কৰিড গান্ধী পোকৰ প্ৰভাৱ অতি বেছি আৰু ই শস্যৰ কোমলীয়া ছেঁইবিলাকৰ ৰস শুহি খোৱাৰ ফলত এইবিলাক শুকাই যায়। আক্রমণ অধিক হ'লে ছেঁইত গুটি নধৰে।
ছেঁই বিন্ধা কৰা পোকৰ পলুৱে প্ৰথমাৱস্থাত গছৰ কোমলীয়া পাতবিলাক খায়, পাছলৈ ফুল, নতুনকৈ ওলোৱা ছেঁই আৰু ছেঁইৰ ভিতৰৰ গুটিবিলাক খায়।
বিছাজাতীয় পোকৰ পলুৱে প্ৰথমে দল বান্ধি পাতৰ সেউজীয়া অংশ খাই সিৰা উপসিৰাৰ সৈতে পাতবিলাক চালনীৰ দৰে কৰি পেলায়। পলুবিলাক ডাঙৰ হ'লে জন্য গছ বা একেজোপা গছৰে অন্য পাতলৈ গৈ খাবলৈ আৰম্ভ কৰে। আক্ৰমণৰ প্ৰকোপ বাঢ়ি গ’লে গছবিলাক লঠঙা হয়।
নিয়ন্ত্ৰণৰ ব্যৱস্থা :
১) শস্য পথাৰত সিচাঁৰ পূৰ্বে মাটি ডোখৰ ভালদৰে চহাই ওচৰৰ বনবাতসমূহ আঁতৰাই পেলালে মাটিৰ তলত লেটা বান্ধি থকা আৰু ঘাঁহ বনত আশ্রয় লৈ থকা কীট পতঙ্গ সমূহ সহজতে ধ্বংস কৰিব পাৰি।
(২) কীট-পতঙ্গ প্ৰতিৰোধী জাতৰ খেতি কৰিব লাগে।
৩) মাহজাতীয় শস্যৰ ক্ষেত্ৰত ছেঁই বিন্ধা পোকবিধ বৰ অনিষ্টকাৰী। এই পোকবিধৰ এটা মাত্র পলুৱেই পূর্ণতা হোৱাৰ পূৰ্বেই ৩০-৪০ টা মাহৰ লেচেৰা অনিষ্ট কৰিব পাৰে। ছেঁই বিন্ধা পোকক অনিষ্ট কৰিবৰ বাবে ফুল ফুলাৰ পূৰ্বে আৰু গছত কুমলীয়া ছেঁই ধৰিবলৈ আৰম্ভ কৰা অৱস্থাত পোকৰ আক্ৰমণ হ'লে নিমৰ পৰা তৈয়াৰী কীটনাশকৰ ৩ মিঃলিঃ ১ লিটাৰ পানীৰ হিচাপত মিহলাই ১৫ দিনৰ অন্তৰে অন্তৰে দুবাৰ প্ৰয়োগ কৰিব লাগে।
৪) শস্যৰ পথাৰত ইংৰাজী 'T' আকৃতিৰ খুটি বা গছৰ ডাল পুতি পৰভোগী চৰাই বহিবলৈ দি এইবোৰক নিয়ন্ত্রণ কৰিব পাৰি।
৫) পাত গোবৰুৱা, পাত শোহনী পোক বগা মাখি, মোৱা পোক আৰু কৰিড গান্ধী পোকৰ আক্ৰমণ ৰোধ কৰিবলৈ হ'লে নিমজাতীয় কীটনাশকৰ ৩ মিঃলিঃ ১ লিটাৰ পানীত মিহলাই শস্যত ১৫ দিনৰ অন্তৰে অন্তৰে ছটিয়াব লাগে। আনহাতে শস্য অনিষ্ট কৰা পলু দেখিলে সেইবোৰ হাতেৰে ধৰি মাৰি পেলাব লাগে।
মচুৰ মাহৰ খেতিৰ বিভিন্ন ৰোগ আৰু ইয়াৰ নিয়ন্ত্ৰণ
১) শিপা পচা বা পুলি পচা ৰোগ(Root and seedling root):
মচুৰ মাহৰ পুলি আৰু পূর্ণাঙ্গ দুয়োটা অবস্থাতে এই ৰোগে আক্ৰমণ কৰে। এই ৰোগাক্ৰান্ত মচুৰ মাহৰ গছবোৰ চাপৰ হয় আৰু পাতবোৰ পাতল সেউজীয়া বা হালধীয়া বৰণৰ হয় লগতে শাখা শিপা আৰু মূল শিপাবোৰ পচি যায়।
এই ৰোগ প্ৰতিকাৰ কৰিবলৈ কার্বক্সিন (Carboxin) নামৰ ভেঁকুৰনাশকৰ ২ গ্রাম প্রতিলিটাৰ পানীৰ হিচাপত মিহলাই বীজ শোধন কৰিব লাগে আৰু আক্ৰান্ত পথাৰত ৰোগৰ বিস্তাৰ কৰাবলৈ হ'লেও এইবিধ ভেঁকুৰনাশক পথাৰত ছটিয়াব লাগে।
২) লেৰেলা ৰোগ (Wilt of lentil)
এই ৰোগত আক্রান্ত হ'লে পাতবোৰ হালধীয়া পৰিবলৈ ধৰে আৰু ৩-৪ দিনৰ ভিতৰতে গছবোৰ লেৰেলি পাতবোৰ সৰি যায়। বছৰি আক্ৰান্ত হোৱা পথাৰত ৩-৪ বছৰৰ বাবে মচুৰ খেতিৰ সলনি আন শস্যৰ খেতি কৰিব লাগে। খেতি কৰাৰ আগতে কেইবাবাৰো হালবাই মাটি তল-ওপৰ কৰি ৰ'দাব লাগে। আক্রান্ত হোৱা গছবোৰ উভালি জলাই ৰোগৰ বিস্তাৰ কমাব পাৰি।
৩) মচুৰনাহৰ ৰাষ্ট ৰোগ(Lentil rust) :
এইবিধ ৰোগৰ আক্ৰমণৰ ফলত মচুৰ মাহৰ পাত আৰু উপ পত্ৰবোৰৰ দুয়ো পিঠিতে হালধীয়া বৰণৰ সৰু সৰু ৰেণুধানী দেখা যায়। এই হালধীয়া বৰণৰ ৰেণুধানীবোৰ ৰোগৰ আৰম্ভনিতে বগা ৰঙৰ দেখা যায়।
ৰাষ্ট ৰোগৰ বেণুধানী দেখা মাত্রকে কার্বক্সিন ২ গ্রাম প্রতি লিটাৰ পানীৰ হিচাপত ছটিয়াই ইয়াক নিয়ন্ত্রণ কৰিব পাৰি তথা ৰোগৰ বিস্তাৰ কমাব পাৰি।
লেখকঃ ড০ অৰুণিমা ভৰালী, কৃষ্ণাক্ষী বৰা, মৃদুস্মিতা বৰঠাকুৰ
Share your comments