1. উদ্য়ানশস্য়

Litchi farming : আহি আছে লিচু খেতিৰো বতৰ, জুন-জুলাইতে ৰোপন কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Litchi farming time & its methods
Litchi farming time & its methods

শেহতীয়াকৈ অসমৰ তেজপুৰীয়া লিছুৱে আন্ত:ৰাষ্ট্ৰীয় বজাৰত এক স্থান দখল কৰিছে। অসমৰ ঘৰুৱা বজাৰতো লিছুৰ এখন ডাঙৰ বজাৰ আছে। এই বজাৰখনৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ কৃষকসকলে নিশ্চিতভাৱে ব্যৱসায়িক ভিত্তিত লিচুৰ খেতি কৰিলে লাভান্বিত হ’ব। যিহেতু লিচু খেতিৰ বাবে অসমৰ জলবায়ু উপযোগী। আৰু অসমৰ কৃষকৰ লিচু খেতিৰ সফলতাই প্ৰমাণ কৰি দেখুৱাইছে পৰিকল্পিতভাৱে কৰিলে লিচু খেতিৰ পৰাও আমাৰ কৃষকসকল লাভান্বিত হ’ব।

অসমৰ গাঁৱে-ভূঞে বৃহত কৃষি পথাৰ বছৰ বছৰ ধৰি ছন পৰি থাকে। এই ছন পৰি থকা কৃষিভূমিসমূহত আমাৰ নিবনুৱা যুৱক-যুৱতীসকলে বিজ্ঞানসন্মতভাৱে লিচু খেতি কৰি স্বাৱলম্বী হ’ব পাৰে। আহি আছে লিচু পুলি ৰোপনৰ বতৰ। আমি সকলোৱে জানো লিচুৰ পুলি ৰোপনৰ উপযুক্ত সময় জুন-জুলাই। গতিকে আমাৰ নিৱনুৱা যুৱক-যুৱতীসকলে যদি লিচুৰ খেতি কৰিম বুলি ভাৱিছে তেওঁলোক সাজু হোৱাৰ সময় আহি পৰিছে। এতিয়াৰ পৰাই তেওঁলোকে লিচু খেতিৰ বাবে কৃষিভূমি প্ৰস্তুত কৰক। অভিজ্ঞ ব্যক্তিসকলৰ পৰা দিহা-পৰামৰ্শ লওঁক। কৃষি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰক। বিশ্বাসযোগ্য নাৰ্চাৰীৰ লগত লিচুৰ পুলিৰ বাবে যোগাযোগ কৰক।

লিচু খেতি বিষয়ে কেইটামান তথ্য :

লিচু ৰোপনৰ উপযুক্ত সময় - জুন-জুলাই

গছত ফল লগাৰ সময়- গুটিৰ পৰা হোৱা পুলিত ৫ বছৰত ফল লাগে, কলম পুলিত পুলি ৰোৱাৰ প্ৰথম ২-৩ বছৰত ফল লাগে।

লিচু পুলি ৰোপনৰ পদ্ধতি

লিচি পুলি ১০x১০ মিটাৰ দূৰত্বত ৰোপণ কৰিব লাগে। পুলি ৰোপণ কৰাৰ আগতে ৯০x ৯০x ৯০ চে.মি. আকৃতিৰ গাঁত প্ৰস্তুত কৰিব লাগে। এই গাঁতবোৰত ২০-২৫ কিলোগ্ৰাম ভালদৰে পচি যোৱা গোবৰ ভৰাই দিব লাগে। ৩০০ গ্ৰাম মিউৰিয়েট অৱ পটাছ দিব।

লিচু খেতিৰ লাভালাভসমূহ-

১। লিচু এবাৰ ৰোৱাৰ পাছত বহু দিনলৈ ফল দি থাকে।

২। গছত ফল লগাৰ পাছৰ পৰা সামান্য যতন ল’লেই হ’ল।

৩। বজাৰৰ অভাৱ নাই। লিচু গছত লাগিলেই বেপাৰীয়ে ঘৰৰ পৰাই লৈ আহিব।

৪। লিছু গছৰ লগত ফল নলগালৈকে লিচুৰ লগতে বিভিন্নধৰণৰ খেতি কৰিব পাৰি।

লগতে জনাও যে আমাৰ বহু নিবনুৱা যুৱক-যুৱতীসকলৰ নিজা কৃষিভূমি নাই। নিজা কৃষিভূমি নথকাসকলে মাটিৰ গৰাকীয়ে ছন পেলাই ৰখা মাটি লীজত লৈ খেতি কৰিব পাৰে। লিচু খেতিৰে সফলতা লাভ কৰিবলৈ আমাৰ কৃষকসকলে জিলা কৃষি বিজ্ঞানকেন্দ্ৰসমূহৰ বিজ্ঞানীসকলৰ লগত সম্পৰ্ক ৰাখক। তেওঁলোক যথেষ্ট অভিজ্ঞ। তেওঁলোকৰ পৰামৰ্শমতে, আগবাঢ়ক নিশ্চিতভাৱে সফলতা লাভ কৰিব।

লগতে পঢ়ক- 

Best variety of Papaya : এপ্ৰিলতে ৰোপন কৰক ছেপ্তেম্বৰতে লাগিব গছত লাগিব ফল

English Summary: Litchi farming time & its methods

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.