Krishi Jagran Tamil
Menu Close Menu

অসমত নেমু খেতি কৰি কেনেকে লাভৱান হব পাৰি জানি লও আহক লগতে ইয়াৰ কৃষি পদ্ধতি-

Wednesday, 30 December 2020 10:17 PM
Lemon

Lemon

ৰাসায়নিক সাৰবিলাক নেমু গছৰ গুৰিৰ পৰা প্ৰায় ৫-৪৫ ছেঃমিঃ দূৰত্বত চটিয়াব লাগে। সাৰবিলাক মাটিৰ তলত গাত কৰিওঁ প্রয়ােগ কৰিব পাৰি। নেমু গছডাল ঠন ধৰি উঠাৰ পিছত পােলিমাক্স (Polymax) প্রতি লিটাত ২ মিঃ লিঃ কৈ স্প্রে কৰিব লাগে। ঘাহঁ-বনবিলাক প্রতি মাহৰ অন্তৰে অন্তৰে নিকাব লাগে। পেডি স্ট্র বা কলা পলিথিন ব্যৱহাৰ কৰিও ঘাঁহ-বনবিলাক নিকাব পাৰি।

অসমৰ নেমুৰ ৰােপন 

০.৫ মিঃ থ ০.৫ মিঃ আহল-বহুল গাত কৰি মাজত প্রায় ০.৩ মিঃ খ ০.৩ মিঃ ঠাই ৰাখি মৌচুমী অহাৰ আগত অসমৰ নেমু ৰােপন কৰিব লাগে। ৰােপন কৰি সাৰ আৰু মাটি (১:১ পৰিমাণত) গুৰিত দিব লাগে। অসমৰ নেমু মে-আগষ্ট মাহৰ ভিতৰত ৰুব লাগে।

নেমু কলম পদ্ধতি আৰু শিকন 

প্রথমিক অৱস্থাত নেমুৰ কলম পদ্ধতি তিনিধৰণে কৰিব পাৰি। যেনে- ডালৰ পৰা পত্ৰ-মুকুলৰ পৰা আৰু গছতে ডাল ধৰা। এই পদ্ধৰি দ্বাৰা নেমু ৰােপন কৰি মাটিৰ পৰা প্ৰায় ৫০-৬০ ছেঃমিঃ ওপৰত থকা প্রধান ডালটোৰ বাহিৰে ৰাকি ডাল বিলাক কাটি দিব লাগে। নেমুগছৰ পূৰঠ ডাল এফলীয়া জোঙাকৈ কাটি ৰুব লাগে।

মাটি আৰু জলবায়ু 

নেমু খেতিৰ বাবে মাটি ৩ মিটাৰ গভীৰতালৈকে পলসুৱা বা বালিচহীয়া হােৱা ভাল। নেমু সেমেকা আৰু নাতিশীতােষ্ণ জলবায়ু উপযােগী।

পুলিৰ প্ৰস্তুতকৰণ:

অসমৰ নেমুৰ খেতিৰ বাবে কেনেকৈ পুলি প্রস্তুত কৰা হয় তলত এক আভাস দিয়া হল -

ডালৰ পৰা:

পুৰঠ ডাল কাটি নেমু খেতিৰ বাবে পুলি প্রস্তুত কৰিব পাৰি। পেঞ্চিলৰ সমান শকত ডাল ১৮-২০ চেণ্টিমিটাৰ জোখত পুলিৰ বাবে কাটি ল'ব লাগে। ওপৰ অংশটো গাঁঠিৰ পৰা ১ চেণ্টিমিটাৰ ওপৰত হ'ব লাগে। তলৰ অংশটো গাঁঠিৰ ঠিক তলতে এফলীয়াকৈ জোঙাকৈ কাটি ল'ব লাগে। এনেদৰে কাটি লােৱা ডালবােৰ বর্গাকাৰে ৩০ চেন্টিমিটাৰ আঁতৰে আঁতৰে হেলনীয়াকৈ মাটিত ৰুব লাগে। নেমুৰ ডাল পচাবৰ বাবে প্রস্তুত কৰা মাটিডৰাত সমান অনুপাতত মাটি, গােবৰ আৰু বালি মিহলি কৰি ল'ব লাগে।

পত্র-মুকুলৰ পৰা

নেমু টেঙাৰ পুলি পত্র মুকুল কাটি কৰিও প্রস্তুত কৰিব পাৰি।কাটিং কৰিবলৈ বিচৰা কুঁহি বা মুকুল ভালদৰে ওলােৱা আৰু সজাল হ'ব লাগে। কাটিঙত এখন পাতৰ সৈতে গা-গছৰ ৩ চেণ্টিমিটাৰ এৰুৱাই আনিব লাগে। গছতে ডাল ধৰা ? সাধাৰণতে নিৰােগী ডাল বাছি ল'ব লাগে আৰু তেনে ডালৰ আগৰটোৰ পৰা ১৫ চেণ্টিমিটাৰ বা তাততৈ তলত ৩ চেণ্টিমিটাৰ জোখৰ চৌদিশৰ ছাল এৰুৱাই পেলাব লাগে। উক্ত অংশটো সমান সমান অনুপাতত মিহলােৱা গােবৰ, বালি আৰু মাটিৰ মিশ্ৰণেৰে প্রলেপ দিব লাগে। ইয়াৰ পাছত ডালৰ পৰা মিশ্রণখিনি এৰাই যাব নােৱাৰাকৈ পলিথিনেৰে সাৱধানে মেৰিয়াই ঢাকি দিব লাগে। পলিথিনত দুয়ােটা মূৰ টানকৈ বান্ধি দিব লাগে।

ৰােপণ

নেমু পুলি ৰােৱাৰ বাবে বাৰিষাৰ আগে আগে ০.৫ মি. x ০.৫ মি. x ০.৫ মিৰ জোখত গাঁত খান্দি ল'ব লাগে। উক্ত গাঁতবােৰ মাটি আৰু এফ ৱাই এম সমান অনুপাতত মিহলােৱা মিশ্রণেৰে পুৰ কৰিব লাগে। অসমত নেমু পুলি ৰােৱাৰ উপযুক্ত সময় হ’ল মে’ৰ পৰা আগষ্ট মাহৰ ভিতৰত। নেমু গছৰ গুৰিত উক্ত মিশ্রণ বছৰত দুবাৰ অর্থাৎ ফেব্ৰুৱাৰী-মাৰ্চত আৰু অক্টোবৰ-নৱেম্বৰত দিব লাগে।

খেতিৰ যতনঃ

সাধাৰণতে মাহত এবাৰ খেতিডৰাত গজা অপতৃণ বা ঘাঁহ-বনবােৰ উভালি নেমু খেতিডৰা চিকুণাই ৰাখিব লাগে। খেতিডৰা চিকুণাই ৰখাৰ বাবে ধান খেৰ বা ক'লা পলিথিনাে ব্যৱহাৰ কৰিব পাৰি।

জলসিঞ্চন:

 বাৰিষাৰ পাছৰ সময়ছােৱাত বতৰ শুকান হৈ পৰাৰ সময়ত নেমু গছত পানী দিয়াৰ ব্যৱস্থা কৰাৰ প্ৰয়ােজন। লি ৰােৱাৰ সময়ত আৰু ডিচেম্বৰৰ পৰা মার্চলৈকে পাৰিলে ১৫-২০ দিনৰ অন্তৰে অন্তৰে জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে।

কীট-পতংগৰ আক্রমণ:

পাতখােৱা পােক: টেঙা গছৰ নতুন পাত ওলােৱাৰ সময়ত পলুৱে ইয়াৰ কোমল কোমল পাতবােৰ খায়/ ইয়াৰ উপৰি বিছাৰ দৰে কীটেও গছৰ পাত খাই নেমু গছৰ ক্ষতিসাধন কৰে। আনহাতে চৰহা বা মােৱা পােকে নতুন পাত তথা কেঁহবিলাকত ৰস চুহি খায়। এনেধৰণৰ পােক তথা কীট নিয়ন্ত্ৰণৰ বাবে প্রতি লিটাৰ পানীত মন’ক্রট'ফছ ২.৫ গ্রাম অথবা ডিমেথট (ৰগৰ) ১.৫ গ্রাম এক লিটাৰ পানীত মিহলাই ব্যৱহাৰ কৰিলে সুফল পােৱা যায়। আনহাতে নেমুৰ গছক সহজে আক্রমণ কৰা এবিধ পােক হ’ল কেৰােণ। কেৰােণে গছৰ ছাল ফুটাই গা-গছত প্ৰৱেশ কৰে আৰু গছডাল ফেঁাপােলা কৰি পেলায়। কেৰােণৰ নিয়ন্ত্রণ সম্পর্কে কমলা টেঙাৰ খেতিত আলােচনা কৰা হৈছে।

ৰােগ 

টুইগ ব্লাইট: এই ৰােগত আক্রন্ত গছত সৰু সৰু ডাল বা শাখাবােৰ শুকাই যাবলৈ ধৰে। এই ৰােগ ধৰা ডাল বা শাখাবােৰ কাটি পেলাব লাগে আৰু কটা অংশটোৰ বৰডিয়াক্স পানীত সানি প্রলেপ দিব লাগে। ইয়াৰ উপৰি বৰডিয়াক্স ১% বা কপাৰ অক্সিক্লৰাইড প্রতিলিটাৰ পানীত ২.৫ গ্রাম হিচাপত মিহলাই ছটিয়ালে সুফল পােৱা যায়।

নেমু ছিঙাৰ সময় 

অসমৰ নেমু গছত ফুল ধৰে বছৰত দুবাৰ অর্থাৎ বসন্ত কালত (ফেব্ৰুৱাৰী-মার্চ) আৰু হেমন্ত কালত (ছেপ্টেম্বৰ-অক্টোবৰত) নেমু পুৰঠ হােৱাৰ পাছত ইয়াক গছৰ পৰা ছিঙিব পাৰি। পুৰঠ নেমুৰ ৰং আকর্ষণীয় সেউজীয়া আৰু সামান্য হালধীয়া বৰণৰ হয়। সাধাৰণতে জুন-জুলাই আৰু ডিচেম্বৰ-জানুৱাৰী মাহত নেমু ছিঙিব পৰা হয়। ইয়াৰ উপৰি বছৰত আন সময়তাে কম পৰিমাণে নেমু লাগে। তিনি বছৰীয়া এজোপা গছৰ পৰা ৪০-৫০টা নেমু পাব পাৰি।

successful Lemon farmer Lemon ferming in assam Know all about the lemon cultivation

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.