1. উদ্য়ানশস্য়

প্রচুৰ চাহিদা থকা শুকলতি শাকৰ কৃষিকৰ্মৰে আপুনি মাহে লাখ টকা উপার্জন কৰিব পাৰে, জানক ইয়াৰ কৃষি পদ্ধতি

KJ Staff
KJ Staff
Patchouli Farming
Patchouli Farming

শুকলতি এবিধ সুগন্ধি তেল উৎপাদনকাৰী সৰু জোপােহা গছ। এইবিধ গছৰ পাতৰ পৰা এবিধ সুগন্ধি তেল নিষ্কাষণ কৰিব পৰা যায়; যিবােৰৰ চাহিদা বর্তমান দেশৰ তথা বিদেশৰ বজাৰত যথেষ্ট বেছি। এইবিধ গছৰ খেতি অতি সহজে পানী জমা নােহােৱা ওখ মাটিতকৰি ঘৰতেক্ষুদ্র উদ্যোগ ভিত্তিত তেল নিষ্কাষণ কৰিব পাৰি। পাচাউলি গছৰ পাতবােৰ সুগন্ধযুক্ত বাবে গৰু-ছাগলি, বান্দৰ আদিয়ে আক্রমণ নকৰে। তদুপৰি তুলনামূলকভাবে এইবিধ খেতিৰ বেমাৰ-আজাৰ তথা অনিষ্টকাৰী পােক-পৰুৱা যথেষ্ট কম। 

শুকলতিৰ পৰা নিষ্কাষণ কৰা সুগন্ধি তেল সুগন্ধিকাৰক হিচাবে চাবােন, তেল, বিভিন্ন খাদ্য দ্রব্র্য, পানীয় ইত্যাদিত ব্যৱহাৰ কৰা হয়। বর্তমান সমগ্র বিশ্বত পাচাউলি তেলৰ বছৰি চাহিদা হ’ল ২০০০ টন আৰু ভাৰতত ইয়াৰ চাহিদা বছৰি প্রায় ৩০০ টন। ক্রমবর্ধমান চাহিদা তথা তুলনামূলক সহজ কৃষি পদ্ধতিৰ বাবে পাচাউলি খেতি অসমত জনপ্রিয় হবলৈ ধৰিছে। পাচাউলি খেতি কৰি কেনেদৰেকৃষক ৰাইজ লাভান্বিত হ’ব পাৰে তাৰেই এটি বিৱৰণ এই লিখনিৰ জৰিয়তে দিবলৈ প্ৰয়াস কৰা হৈছে।

ক) মাটিঃ

পাচাউলি খেতি ওখ পানী জমা নােহােৱা আৰু কম বালিহীয়া মাটিত কৰিব পাৰি। পাচাউলি গছৰ গুৰিত পানী জমা হলে গছবােৰ ৰঙা পৰি মৰি যায়। সেইবাবে মাটিৰ নিৰ্বাচনত এই দিশটো ভালদৰে বিবেচনা কৰাৰ প্ৰয়ােজন। পাচাউলি গছৰ শিপাৰােৰ মাটিৰ প্ৰায় ওপৰভাগতে থাকে বাবে মাটিৰ এই ভাগটোত যথেষ্ট পানী আৰু হিউমাচ তথা সাৰ থকাটো বাঞ্ছনীয়।

খ) সাৰ প্ৰয়ােগঃ

মাটি নির্বাচনৰ পাচত মাটিডৰ দুবাৰ বা তিনিবাৰ ভালদৰে হাল বাই মৈ দি সমান তথা মিহিকৰি লব লাগে। শেষৰ বাৰ হাল বাওঁতে বিঘাই প্রতি ১০ কিঃ গ্রাঃইউৰিয়া, ৪০ কিঃ গ্রাঃ একক চুপাৰফফেট আৰু ১০ কিঃ গ্রাঃ মিউৰেট অব পটাচ সাৰ প্ৰয়ােগ কৰিব লাগে। এইখিনিৰ উপৰিও মাটিত যথেষ্ট পৰিমাণে পচন সাৰ বা গােবৰ সাৰ প্ৰয়ােগ কৰিলে অধিক উৎপাদন পাব পাৰি। প্রতিবাৰ খেতি চপােৱাৰ পাচত প্রতি বিঘাত ৭ কিঃ গ্রাঃকৈ ইউৰিয়া সাৰ প্ৰয়ােগ কৰিব লাগে।

গ) পুলি ৰােপণ পদ্ধতিঃ

পুলিবােৰ শাৰী শাৰীকৈ ২ ফুট x ২ফুট ব্যৱধানত ৰুব লাগে। আংশিক ছাঁত পাচাউলি খেতিৰ উৎপাদন বাঢ়ে বাবে ১০ ফুট x১০ ফুট ব্যৱধানত ৰহৰ মাহ বা মেডেলুৱা গছ লগাব লাগে। ৰােৱাৰ পাচতে পাতলীয়া ধৰণৰ জলসিঞ্চন দিব পাৰিলে, পুলিবােৰ অতি সােনকালে ঠন ধৰি উঠে। এনেদৰে ২ ফুট x ২ ফুট দূৰত্বত পুলি ৰােপণ কৰিবলৈ বিঘাই প্রতি প্রায় ৪০০০পাচাউলি পুলিৰ প্রয়ােজন হয়।

ঙ) কলমঃ

পুলিবােৰ যেতিয়া এফুট ওখহয়, অর্থাৎ পুলি ৰােৱাৰ ডেৰমাহ মানৰ পাছত গছজোপাৰ আগটো চিঙি দিলে শাখা-প্রশাখা ওলাই গছজোপা জোপােহা হৈ পৰিব। প্রথম কলম দিয়াৰ ডেৰমাহ মানৰ পাচত আকৌ এটা কলম দিব পাৰিলে গছজোপা অধিক জোপােহা হৈ পৰিব।

চ) শস্য চপােৱাঃ

পাত সংগ্ৰহৰ বাবে পাচাউলি খেতি কৰা হয়। পুলি ৰােৱাৰ ৫ মাহ পাছৰে পৰা আগবােৰ কাটি চপাব পাৰি। প্ৰথম বছৰ তিনিবাৰ, দ্বিতীয় বছৰ পাঁচ বাৰ আৰু তৃতীয় বছৰ পাঁচবাৰ - সৰ্বমুঠ তেৰ বাৰ শস্য চপাব পাৰি। এনেদৰে তিনিবছৰৰ অন্তত খেতি ডৰা উঠাই পুনৰ মাটি চহ কৰি নতুন পুলি লগাব লাগে। সাধাৰণতে গছৰ আগবােৰ ৫-৬ ইঞ্চি দীঘলকৈ ধান কটা কাঁচিৰে কাটিব পাৰি। প্ৰতিবাৰ আগ সংগ্ৰহৰ পাচত গছৰ পৰা সৰি যােৱা বুঢ়া পাতবােৰাে সংগ্ৰহ কৰিব পাৰি।

ছ) পাত শুকুৱাকার্যঃ

এইদৰে সংগ্ৰহ কৰা আগবােৰ ঘৰৰ মজিয়াত পাতলকৈ মেলি দি শুকুৱাব পৰা যায়। কিন্তু পাতৰ পৰিমাণ বেছি হ'লে এটি মুকলি খেৰৰ বেৰ নােহাৱা ঘৰ সাজি তাত তিনি খলপীয়া চাং দি পাতবোেৰ শুকুৱাব পাৰি। এনেদৰে পাঁচ/ছয় দিন পাতবােৰ লৰাই শুকুৱাৰ পাচত সেইবােৰ বস্তাত ভৰাই জমা কৰি ৰখা হয়। তেলৰ সঠিক গুণগত মান পাবৰ বাবে তিনি মাহপুৰণি জমা পাতহে তেল নিষ্কাষণ কার্যৰ বাবে ব্যৱহাৰ কৰা হয়। এনেধৰণৰ শুকান পাতৰ বর্তমান বজাৰ মূল্য হৈছে প্রতি কুইণ্টলত ২২০০.০০ টকা।

জ) তেল নিষ্কাষণ কার্যঃ

শুকান পাচাউলিৰ পাতৰ পৰা তেল নিষ্কাষণ কৰিবৰ বাবে বিশেষ ধৰণৰ পাতন যন্ত্রৰ দৰকাৰ। এনেধৰণৰ পাতন যন্ত্রত প্রায় ১৮ ঘণ্টাৰ পাতন ক্রিয়াৰ পাছত পাচাউলি পাতৰ পৰা সম্পূর্ণভাবে তেল নিষ্কাষিত হয় আৰু এই তেল এলুমিনিয়ামৰ বিশেষ পাত্ৰত সংগ্রহ কৰি জমা কৰি ৰাখিব পৰা যায়। এক কুইণ্টল, শুকান পাতৰ পৰা গড়ে চাৰি কিলােগ্রাম তেল নিষ্কাষণ কৰিব পাৰি। এই তেলৰ বর্তমান বজাৰ মূল্য হৈছে প্রতি কিলােগ্রামত ৮০০.০০ টকা। অন্যহাতে প্রতি কুইন্টল পাতৰ পৰা তেল নিষ্কাষণ কৰোঁতে খৰছ হয় ৪০০.০ টকা। যিহেতু পাচাউলিৰ তেলৰ চাহিদা বর্তমান আন্তর্জাতিক বজাৰত উৰ্দ্ধমুখী গতিকে অদূৰ ভৱিষ্যতে এই তেলৰ মূল্য বৃদ্ধিৰ আশা অমূলক নহয়।

ৰোগ আৰু কীট নিয়ন্ত্রণঃ

পুলি ৰােৱাৰ প্ৰায় চাৰি মাহ মানলৈ প্রয়ােজন অনুসৰি বন- বাত নিৰাই দিব লাগে। এইখিনি সময়ৰ ভিতৰত পাচাউলি গছবােৰ লহপহকৈ বাঢ়ি মাটিডৰা সম্পূর্ণকৈ ঢাকি ধৰে বাবে চাৰি মাহ মানৰ পাচত বন-বাত নিৰণিৰ কাম প্রায় নাথাকেই। অসমত পাচাউলি খেতিৰ বেমাৰ-আজাৰ তথা অনিষ্টকাৰী কীট নাই যদিও কাচিৎ দেখা পােৱা কেতবোৰ উপসৰ্গৰ নিয়ন্ত্রণ তলত দিয়া ধৰণে কৰিব পাৰিঃ-

১। মুজুৰা পৰা বেমাৰ- এইবিধ বেমাৰ মাটিত থকা এবিধ ভেঁকুৰৰ দ্বাৰা হয়। মুজুৰা পৰা গছবােৰ তৎক্ষণাত উভালি দি মাটিত বেভিষ্টিন (এক গ্রাম প্রতি লিটাৰ) নামৰ দৰৱ প্ৰয়ােগ কৰিব লাগে।

২। পাতৰ ব্লাইট : এইবিধ বেমাৰৰ ভেঁকুৰৰ দ্বাৰা হয় আৰু আক্রান্ত গছৰ পাতবােৰত মুগা বৰণৰ দাগ পৰি পাতবােৰ শুকাই যায়। ইন্দ’ফিল এম্ ৪৫ নামৰ দৰৱ প্রতি লিটাৰ পানীত ২.৫ গ্রাম মিহলাই স্প্রে কৰিলে সুফল পাব পাৰি।

৩। মাইট পােক- এইবিধ পাের্কে পাচাউলি গছৰ পাতবােৰ খহটা আৰু মুজুৰা কৰি পেলায়। এইক্ষেত্ৰত ইথিয়ন নামৰ দৰৱ স্প্রে কৰিলে সুফল পাব পাৰি।

৪। শস্য কৃমি- শস্য কৃমিৰ দ্বাৰা আক্রান্ত গছৰ পাতবােৰ হালধীয়া হয় আৰশিপাবােৰত টেমুনা ধৰে। যি মাটিত শস্য কৃমিৰ সঘন আক্রমণ হয় তেনে মাটিত পুলি ৰােৱাৰ সময়ত প্ৰতিটো পুলিৰ গাঁতত ফুৰাডন নামৰ ঔষধ ১০ গ্রামকৈ প্ৰয়ােগ কৰিব লাগে।

পুলি উৎপাদন:

এবাৰ পাচাউলি খেতি কৰাৰ পাচত বছৰবােৰত প্ৰয়ােজনীয় পুলিসমূহ অতি সহজে ঘৰতে উৎপাদন কৰাৰ লগতে ব্যৱসায়িক ভিত্তিত পুলি উৎপাদন কৰি কৃষক ৰাইজ লাভান্বিত হ’ব পাৰে। পুলি উৎপাদনৰ বাবে প্ৰথমে ৩ ইঞ্চি x৪ ইঞ্চি জোখৰ পলিথিনৰ মােনাত মাটি ভৰাই লােৱাৰ পাচত পাচাউলি গছৰ আগবিলাক ৩-৪ টা গাঁঠিসহকাটি এক ইঞ্চিমানলৈকে পুতি দিব লাগে। এনেদৰে তৈয়াৰ কৰা মােনাসমূহ ছাঁত ৰাখিব লাগে আৰু বাৰিষা কালত ৩০ দিন মানৰ ভিতৰতে সেইবােৰ মূল পথাৰত ৰুব পৰা হয়।

   পুলি প্রস্তুতিৰ বাবে উত্তম সময় হ’ল মাৰ্চৰ পৰা অক্টোবৰলৈ। বেছি বৰষুণ হােৱা বতৰত জমা কৰি ৰখা পুলিবােৰত ডায়থেন এম-৪৫ নামৰ দৰৱ (২.৫ গ্রাম প্রতি লিটাৰ পানীত) সপ্তাহত এবাৰকৈ স্পে কৰিলে গুৰিপঁচা বেমাৰসহজেই নিয়ন্ত্রণ কৰিব পাৰি।

   বর্তমান সময়ত সমগ্ৰ উত্তৰ-পূর্বাঞ্চলতে পাচাউলি পাতৰ তথা তেলৰ বজাৰ আৰু মূল্য ইত্যাদি ক্ষেত্ৰত আগভাগ লােৱা চৰকাৰী প্রতিস্থান হৈছে North Eastern Development Finance Corporation বা চমুকৈ NEDFi। এই খেতিৰ বাবে NEDFi য়ে প্রয়ােজনীয় ঋণ অথবা কাৰিকৰী জ্ঞান কৃষকলৈ আগবঢ়াই আহিছে। আগ্রহী কৃষকে পাচাউলি খেতিৰ বাবে ঋণ আৰু বজাৰ সুবিধাৰ বাবে তলৰ ঠিকনাত যােগাযােগ কৰিব পাৰে :- North Eastern Development Finance Corporation জনতা ভৱনৰ ওচৰত (চাহ নিলাম কেন্দ্ৰৰ সমুখত), দিছপুৰ, গুৱাহাটী, অসম।

   উদ্যোগী কৃষক ৰাইজে এই খেতি কৰিবলৈ প্রয়ােজনীয় পুলিৰ বাবে কৃষি বিজ্ঞান কেন্দ্র, খুমটাই, গােলাঘাট - ৭৮৫৬১৯ ৰ লগত যােগাযােগ কৰিব পাৰে।

লেখক- ড০ মনোৰঞ্জন নেওগ, ড০ অভিজিৎ শর্মা সহ কৃষি বিজ্ঞান কেন্দ্র দল, গোলাঘাট

 

English Summary: High demand Patchouli Farming details

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.