1. উদ্য়ানশস্য়

Guava Farming : জুন-জুলাইতে এবিঘা ধান নোহোৱা মাটিত ১০০ টা মধুৰি পুলি ৰোৱক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Guava Farming methods & its profit
Guava Farming methods & its profit

অসমৰ সকলো ফল-মূলৰ দোকানতে উপলব্ধ এবিধ ফল হ’ল মধুৰি। অসমৰ গ্ৰামাঞ্চলৰ গৃহস্থৰ বাৰীৰ চোকে-কোনে মধুৰীৰ গছ থাকে। বাৰিষা দিনত ডাল ভৰি লাগে। গতিকে অসমৰ জলবায়ু যে মধুৰি খেতিৰ উপযোগী সেই কথা প্ৰমাণ কৰে। কিন্তু অসমীয়া মানুহে ব্যৱসায়িকভাৱে মধুৰি খেতি নকৰে। আৰু অসমৰ ফল-মূলৰ দোকান ভৰি থকা মধুৰিবোৰো বহিঃৰাজ্যৰ কৃষকে কৰা। আমাৰ এই লেখাটোৰ উদ্দেশ্য হ’ল বহিঃৰাজ্যৰ কৃষকে কৰা  মধুৰিৰ সলনি অসমৰ কৃষকে কৰা মধুৰিৰে ভৰি উঠক অসমৰ দোকান-সমাৰ।

শেহতীয়াকৈ অসমৰো দুই এজন কৃষকে মধুৰী খেতি ব্যৱসায়িকভাৱে কৰিবলৈ লৈছে। আৰু সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু সেয়া পৰ্যাপ্ত নহয়। আহি আছে মধুৰী খেতিৰ সময়ো। পাৰিলে আমাৰ কৃষকসকলে ধান ভাল নোহোৱা বাম মাটিত পানীৰ ব্যৱস্থা কৰি মধুৰী খেতি কৰিব পাৰে পাঞ্জাৱ হাৰিয়ানাৰ কৃষকসকলে। বৰ্তমান অসমৰ নাৰ্চাৰীসমূহতো মধুৰিৰ বিভিন্ন প্ৰজাতিৰ পুলি উপলব্ধ হৈছে। নিৰ্ভৰযোগ্য নাৰ্চাৰীৰ পৰা পুলি ক্ৰয় কৰি কৃষি বিষয়াৰ পৰামৰ্শ গ্ৰহণ কৰি জুন-জুলাইৰ ভিতৰতে আমাৰ কৃষকসকলে মধুৰিৰ পুলি ৰোপন কৰিব পাৰে।

লগতে পঢ়ক- 

১ টকাও খৰচ নকৰাকৈ এই খেতি কৰক আৰু ৩০-৩৫ বছৰলৈ উপাৰ্জন কৰক

আমাৰ কৃষকসকলে এক একৰ কৃষিভূমিত ১৩২ টা মান পুলি ৰোপন কৰিব পাৰিব। অৱশ্যে প্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰিব। কিছুমান মধুৰিৰ প্ৰজাতি খুব চাপৰতে লাগে, কিছুমান আকাৰ ডাঙৰ, গছজোপা জোপোহা হৈ যায়। গতিক  কোনটো প্ৰজাতিৰ মধুৰিৰ খেতি কৰিবলৈ লৈছে সেইটো চাই দূৰত্ব নিৰ্ণয় কৰিব। লগতে আমাৰ পাঠকসকলক জনাও মধুৰী খেতি কৰোঁতে শাৰীবোৰৰ মাজত অলপ বেছি দূৰত্ব দিব। সেই খালি ঠাইসমূহত কৃষকসকলে বিভিন্নসময়ত ঋতুকালীন শস্যৰ খেতি কৰিব পাৰিব। আৰু তাৰ পৰাও ভাল উপাৰ্জন কৰিব পাৰিব। লগতে গছৰ গুৰিবোৰ ঋতুকালীন শস্যৰ খেতি কৰোঁতে চহাই থাকিলে মধুৰিসমূহৰ বিকাশ ভাল হ’ব।

মধুৰি খেতি কৰিলে বহুকেইটা দিশত আমাৰ কৃষকসকলে লাভান্বিত হ’ব। আমাৰ বহু কৃষকে ধান বাম মাটিসমূহ ছন পেলাই ৰাখে নাইবা ধান খেতি কৰে কিন্তু উপাৰ্জন কম হয়। এনে কৃষিভূমিসমূহত মধুৰীৰ খেতিৰে ভাল উপাৰ্জন কৰিব পাৰিব। এই খেতি কৰোঁতে প্ৰথম বছৰতহে খৰচ হ’ব। পৰৱৰ্তী সময়ত খৰচ খুব কম পৰিমানে হ’ব। পৰৱৰ্তীসময়ত গছবিলাকত মাজে মাজে সাৰ যোগান, পোক-পৰুৱাৰ বাবে কীটনাশক প্ৰয়োগ কৰিব লাগিব। বাকী এবাৰ কৰি ১৫-২০ বছৰলৈ ফল পাই থাকিব।

লগতে পঢ়ক- 

Betel nut farming new style : ২ ফুট স্কোৱাৰত ৪ টাকৈ তামোলৰ পুলি কেনেকৈ ৰুৱ!

English Summary: Guava Farming methods & its profit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.