1. উদ্য়ানশস্য়

জানুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত এবিঘা এবিঘা মাটিত কৰক এই শস্যৰ খেতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR

বাৰিষাৰ সময়ছোৱাত অসমত পাচলি বৰ বেচি উতপাদন নহয়। কিন্তু বজাৰত চাহিদা বাঢ়ে। গতিকে এই সময়ছোৱাত পাচলিৰ দাম যথেষ্ট পৰিমানে বাঢ়ে। গতিকে বাৰিষাৰ বজাৰখনৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ কৃষকসকলে জানুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰতে কিছুমান শস্যৰ খেতি কৰিলে নিশ্চিতভাৱে লাভান্বিত হ’ব। বাৰিষাৰ বাবে আমাৰ কৃষকসকলে এই সময়ছোৱাতে কৰিব পৰা কিছুমান শস্যৰ হ’ল- কোমোৰা, জাতিলাও, কেৰেলা, ভোল, জিকা আৰু  তিয়ঁহ। আমাৰ অসমৰ অধিকাংশ কৃষকেই ধান খেতি কৰে কিন্তু ধানতকৈ এই শস্যসমূহৰ খেতি বিজ্ঞানসন্মতভাৱে কৰিলে আমাৰ কৃষকসকলে অধিক লাভান্বিত হ’ব। আমাৰ কৃষকসকলে ধান ভাল নোহোৱা বাম মাটিসমূহত এনেধৰণৰ উদ্যানশস্যসমূহৰ খেতি কৰিব পাৰে।

তলত ওপৰত উল্লেখিত শস্যসমূহৰ বিষয়ে দুটা কথা উল্লেখ কৰা হ’ল-

কোমোৰা খেতি (Ash Gourd Farming)

কোমোৰা খেতিৰ উপযুক্ত সময় মাৰ্চৰ এপ্ৰিল। পানী জমা নোহোৱা বাম মাটি কোমোৰা খেতি বাবে উপযোগী। এবিঘা মাটিত দুই টেক্টৰমান গোৱৰ লাগিব। পোক-পতংগ নিয়ন্ত্ৰণৰ বাবে য়েল্ল’ ষ্টিকি ট্ৰেপ, ভেঁকুৰৰ বাবে ভেঁকুৰ নাশক আৰু প্ৰতিবিঘা মাটিত ১০-২০ কেজি চুন প্ৰয়োগ কৰিব লাগিব। তদুপৰি হেণ্ডালি দিব লাগিব। কোমোৰা জোপা বগাই যাবলৈ জেং বা বাঁহৰ সলনি প্লাষ্টিকৰ ৰচি দিব পাৰিব। হালবোৱাৰ পৰা ফল চিঙালৈ এই গোটেইখিনি কাম কৰোঁতে এবিঘা মাটিত ২০-২৫ হাজাৰমান টকা খৰচ হ’ব। আৰু তাৰ পৰা উপাৰ্জন হ’ব ৯০ হাজাৰ পৰা ১ লাখ। সেয়া মাত্ৰ ৬ মাহ ভিতৰতে লাভ কৰিব। কৃষকসকলে হাইব্ৰীড জাতৰ খেতি কৰিলে অধিক লাভান্বিত হ’ব।

লগতে পঢ়ক- 

Valina farming : মাত্ৰ ১ কঠা মাটিত এবাৰ কৰক ১০ বছৰলৈ ফল পাওঁক

জাতিলাও  খেতি (Bottle Gourd Farming)

জাতিলাও খেতি বিভিন্নসময়ত কৰিব পাৰে। বাৰিষা সময়ছোৱাৰ বাবে মাৰ্চ-এপ্ৰিলেই উপযুক্ত সময়। জাতিলাও খেতিৰ বাবে নিৰ্বাচন কৰা মাটিখিনি ওখ, পানী জমা নোহোৱা আৰু সাৰুৱা মাটি হ’ব লাগে। পৰাপক্ষত হাইব্ৰীড জাতৰ খেতি কৰিলে লাভ হ’ব।  পোক-পতংগ নিয়ন্ত্ৰণৰ বাবে য়েল্ল’ ষ্টিকি ট্ৰেপ, ভেঁকুৰৰ বাবে ভেঁকুৰ নাশক আৰু প্ৰতিবিঘা মাটিত ১০-২০ কেজি চুন প্ৰয়োগ কৰিব লাগিব। তদুপৰি হেণ্ডালি দিব লাগিব। জাতিলাওবোৰ হেণ্ডালিলৈ বগাই যাবলৈ জেং বা বাঁহৰ সলনি প্লাষ্টিকৰ ৰচি দিব পাৰিব। হালবোৱাৰ পৰা ফল চিঙালৈ এই গোটেইখিনি কাম কৰোঁতে এবিঘা মাটিত ২০-২৫ হাজাৰমান টকা খৰচ হ’ব। আৰু তাৰ পৰা উপাৰ্জন হ’ব ৯০ হাজাৰ পৰা ১ লাখ। সেয়া মাত্ৰ ৬ মাহ ভিতৰতে লাভ কৰিব।

কেৰেলা খেতি (Bitter Gourd Farming)

বহাগত গৰু গা ধুৱাবলৈ কেৰেলা প্ৰয়োজন হয় যদিও হেণ্ডালিত বগোৱা কেৰেলা খেতিৰ উপযুক্ত সময় মাৰ্চ-এপ্ৰিল। বিগত বৰ্ষত বিশ্বনাথৰ যুৱ বিকাশ কৃষি ফাৰ্মৰ কৃষকসকলে প্ৰায় ৮ বিঘা মাটিত কেৰেলা খেতি কৰিছিল। তেওঁলোকে সপ্তাহত ২০-২৫ কুইন্টললৈকে কেৰেলা চিঙিছিল। কেৰেলা খেতিৰ বাবে নিৰ্বাচন কৰা মাটিখিনি ওখ, পানী জমা নোহোৱা আৰু সাৰুৱা মাটি হ’ব লাগে। পৰাপক্ষত হাইব্ৰীড জাতৰ খেতি কৰিলে লাভ হ’ব।  পোক-পতংগ নিয়ন্ত্ৰণৰ বাবে য়েল্ল’ ষ্টিকি ট্ৰেপ, ভেঁকুৰৰ বাবে ভেঁকুৰ নাশক আৰু প্ৰতিবিঘা মাটিত ১০-২০ কেজি চুন প্ৰয়োগ কৰিব লাগিব। তদুপৰি হেণ্ডালি দিব লাগিব। জাতিলাওবোৰ হেণ্ডালিলৈ বগাই যাবলৈ জেং বা বাঁহৰ সলনি প্লাষ্টিকৰ ৰচি দিব পাৰিব। হালবোৱাৰ পৰা ফল চিঙালৈ এই গোটেইখিনি কাম কৰোঁতে এবিঘা মাটিত ২০-২৫ হাজাৰমান টকা খৰচ হ’ব। আৰু তাৰ পৰা উপাৰ্জন হ’ব ৯০ হাজাৰ পৰা ১ লাখ। সেয়া মাত্ৰ ৬ মাহ ভিতৰতে লাভ কৰিব। 

আমাৰ কৃষকসকলে ধান খেতি কৰি যদি এবিঘা মাটিৰ পৰা ৬ হাজাৰ টকা পাইছিল ওপৰত উল্লেখিত উদ্যানশস্যসমূহৰ খেতি কৰি ১ লাখ পৰ্যন্ত উপাৰ্জন কৰিব পাৰিব।

লগতে পঢ়ক- 

জানুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰতে এবিঘা মাটিত মৰাণ আদাৰ খেতি কৰক

English Summary: Cultivate this crop between January to April

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.