1. উদ্য়ানশস্য়

মাটিমাহৰ খেতি কৰাৰ উন্নত প্রণালী (Black lentil Farming)

KJ Staff
KJ Staff
Black Lentil (Mati Mah)
Black Lentil (Mati Mah)

   মাটিমাহ এবিধ জনপ্ৰিয় খাদ্য শস্য।কম খৰচতে উৎপন্ন হোৱা এইবিধ শস্য দৈনন্দিন জীৱনৰ অপৰিহাৰ্য সামগ্ৰী।ইয়াৰ কৃষি প্ৰণালী সম্পৰ্কে চমুকৈ উল্লেখ কৰা হ’ল-

মাটি (Soil):

 ছন পৰি থকা মুকলি বালিচহীয়া পথাৰ এই খেতিৰ বাবে উপযুক্ত।খেতি কৰাৰ আগেয়ে মাটি পৰীক্ষা কৰি পি-এইচৰ পৰিমাণ (অম্লতা) ৬.০ কৰিবলৈ প্ৰয়োজনীয় চুণ প্ৰয়োগ কৰা আৱশ্যক।

পথাৰ প্ৰস্তুত (sowing):

 এই খেতিৰ বাবে মাটিডৰা মিহিকৈ চাহ নকৰিলেও হয়।২-৩ বাৰ হাল বাই মাটিডৰা সমান কৰি বন-বাট আঁতৰ কৰি পানী ওলাই যোৱাৰ ব্যৱস্থা কৰা দৰকাৰ।

জাতনিৰ্বাচন (Variety):

টি-২২:স্থানীয় জাত (অসম-চিলঙণী,আহতগুৰি ,কমলাবাৰী)৮০-৯০দিন,টি -২৭ :চক্ৰান্ত (উত্তৰ প্ৰদেশ)৮০-৯০দিন,টি:বেৰেলী (উত্তৰ প্ৰদেশ ),৯০-১০০ দিন;পণ্ট ইউ ১৯:পাটনগৰ (উত্তৰ প্ৰদেশ)৯০-১০০ দিন।

বীজ সিঁচাৰ সময়:আগষ্ট মাহৰ মাজৰ পৰা ছেপ্টেম্বৰ মাজভাগলৈ।

আৰু পঢ়ক- ধান খেতিত কেনেকৈ অধিক লাভ অৰ্জন কৰিব পাৰি? (Increase production of Rice Farming )

বীজৰ পৰিমাণ:

 শাৰীবদ্ধ প্ৰণালী:টি-২২ বা টি ২৭-প্ৰতি বিঘাত ২.৭ ৰ পৰা ৩ কিলোগ্ৰাম ।টি-৯ বা পণ্ট ইউ ১৯-প্ৰতি বিঘাত ৩.০ ৰ পৰা ৩.৩ কিলোগ্ৰাম।

দুৰত্ব:শাৰীৰ মাজত ৩০ ছেণ্টিমিটাৰ,গছৰ দুৰত্ব ১০ ছেণ্টিমিটাৰ।

সাৰ-প্ৰয়োগ (Manure):

 গোৱৰ বা পচন সাৰ প্ৰতি বিঘাত ৬ কুইণ্টল।ৰাসায়নিক সাৰ-ইউৰিয়া ৪ কিলোগ্ৰাম,ছুপাৰ ফচফেট ৩০ কিলোগ্ৰাম।আনহাতে জীৱাণু সাৰ ৰাইয’বিয়াম কালচাৰ ২০০ গ্ৰাম আৰু ফছফটিকা ২০০ গ্ৰাম ১ বিঘা মাটিৰ বীজত প্ৰয়োগ কৰিলে ইউৰিয়া ৩।০ কিলোগ্ৰাম আৰু ফছফৰাচ ৩০ কিলোগ্ৰাম ব্যৱহাৰ কৰিলে হ’ব।

প্ৰতিপালন:

 বীজ সিঁচাৰ ২০-২৫ দিন পিছত বন-বাট নিৰণি কৰি দিব লাগে।

শস্য চপোৱা (Harvesting):

সিঁচাৰ ৮০-১০০ দিনৰ পিছত প্ৰায় ৭৫ ভাগ চেই সম্পুৰ্ণ ক’লা পৰিলে চপাবৰ উপযুক্ত হয়।

উৎপাদন:৯-১২ কুইণ্টল প্ৰতি হেক্টৰত।

লেখক:প্ৰবোধ চন্দ্ৰ শৰ্মা (দৈনিক অসম)

আৰু পঢ়ক- গুটিকালাম কেনেদৰে কৰিব লাগে? ইয়াৰ লাভালাভবোৰ কি কি (Effective Way to grafting fruits Trees)

English Summary: Black lentil Farming

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.