1. উদ্য়ানশস্য়

Betel Nut farming : তামুলপুৰত ধান খেতি এৰি তামোল খেতি কৰি দুগুণ লাভ কৃষকৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
তামুলপুৰত তামোল খেতি
তামুলপুৰত তামোল খেতি

তামোল অসমীয়া মানুহৰ জাতীয় জীৱনৰ এক এৰাব নোৱৰা অংগ। ধৰ্মীয় পূজা-পাতল, উৎসৱ-পাৰ্বন, বিয়া-সবাহ, অতিথি আপ্যায়নত তামোল নহ’লেই নহয়। অসমৰ গাঁওবোৰত প্ৰত্যেক ঘৰ মানুহৰ বাৰীখন তামোল গছৰে শুৱনি হৈ থাকে । তামুলপুৰৰৰ একাংশ কৃষকে এতিয়া অন্য খেতিৰ সলনি তামোল খেতি কৰিবলৈ ধৰিছে ৷ আৰু যথেষ্ট লাভান্বিত হৈছে।

তামুলপুৰৰ এই কৃষকসকলে তামোলৰ খেতি কৰাৰৰ লগতে তামোলৰ পুলি উৎপাদন, আৰু তামোলৰ পৰা চুপাৰী প্ৰস্তুত কৰিও বিক্ৰিবলৈ লৈছে। থলুৱাভাৱে উৎপাদিত কেচা তামোলক লৈ তামোলৰ চুপাৰিৰ প্ৰস্তুত কৰি ইয়াৰ ব্যৱসায় কৰি  একাংশ নিৱনুৱা যুৱকে কৰ্মসংস্থাপনৰো দিহা কৰিছে৷ সম্প্ৰতি প্ৰতি কুইন্টলত ৪৫,০০০ টকাকৈ চুপাৰী বিক্ৰি কৰিছে কৃষকসকলে। অৱশ্যে বহিঃৰাজ্যৰ চুপাৰী য়ে থলুৱা ব্যৱসায়ীসকলৰ মাজত কিছু হেঙাৰ হৈ থিয় দিছে যদিওঁ কৃষক ব্যৱসায়ী সকলৰ ব্যৱসায় স্তব্ধ হোৱা নাই ৷ অঞ্চলটোৰ প্ৰতিঘৰ মানুহেও বছৰৰ মূৰত এটি ভাল অংকৰ ধন লাভ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে পকা তামোল বিক্ৰী কৰিলেও লাভ কৰি আৰ্থিক ভাৱে সবল হ’ব পাৰে ৷

লগতে পঢ়ক- 

Betel Nut Farming: বাক্সাৰ সীমান্ত অঞ্চলত তামোল খেতিৰে কৃষি বিপ্লৱ কৃষকৰ!

অন্য খেতিত যিমান খৰচ হয় তাৰ তুলনাত তামোল খেতিত কম খৰছ হয়। কিন্তু তামুলপুৰৰ কৃষকসকলে সীমিত খৰছত অধিক উৎপাদন কৰিছে তামোল খেতিৰ পৰা। বৰ্তমান বাক্‌সা ,তামুলপুৰ আদিত একাংশ কৃষকে তামোল খেতিক লৈ ব্যাস্ত হৈ পৰিছে ৷ শেহতীয়াকৈ বাৰীৰ তামোল গছৰ পেলনীয়া ঢকুৱাৰেও কৃষকসকলে সদব্যৱহাৰ হোৱা পৰিলক্ষিত হৈছে ৷

ইয়াক লৈ গাঁৱে-ভূঁঞে গঢ়ি উঠিছে কাঁহি-বাতি-থাল আদি তৈয়াৰ কৰা উদ্যোগ৷ যি উদ্যোগে প্ৰকৃতি সুৰক্ষা দিয়াৰ লগতে পৰিবেশ প্ৰদূষণ ৰোধ কৰাত সহায়ক হৈ পৰিছে ৷ মুঠৰ ওপৰত সমাজ জীৱনৰ অপৰিহাৰ্য সম্পদ বাৰীৰ তামোল প্ৰাত্যহিক জীৱনৰ সংগী হোৱাৰ লগতে গ্ৰাম্য অৰ্থনীতিটো সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক- 

Cocoa farming benefits: তামোলৰ মাজে মাজে চকলেট খেতি আৰম্ভ কৰক

English Summary: Betel Nut farming, benefit & business

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.