1. উদ্য়ানশস্য়

৫০০ জোপা কৰক, ২০-২৫ বছৰলৈ প্ৰতি বছৰে ২ লাখ টকাকৈ উপাৰ্জন কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Betel nut farming benefit
Betel nut farming benefit

সম্প্ৰতি অসমত তামোলৰ খেতিয়ো এক লাভজনক খেতি হিচাপে চিহ্নিত হৈছে। আৰু  বৰ্তমান বহু কৃষকে তামোলৰ খেতি কৰিবলৈ আৰম্ভ কৰিছে। কাৰণ এতিয়া এটা তামোলৰ দাম ২-৪ টকা হয় গৈ কোনো কোনো সময়ত। এজোপা তামোলত যদি বছৰত ২০০ টা তামোলো লাগে তেতিয়া ৫০০- ৬০০ টকা পাব। যদি ৫০০ জোপা তামোল থাকে তেতিয়া কৃষকজনে বছৰি ২ লাখৰ পৰা আঢ়ৈ লাখ টকা উপাৰ্জন কৰিব পৰা স্থল আছে। আৰু এটা কথা যে তামোল গছ এবাৰ ৰুৱ লাগে! ৰোৱাৰ পাছতে ৩-৪ বছৰৰ পাছৰ পৰা প্ৰায় ২০-২৫ বছৰলৈ গছজোপাই কৃষকজনক তামোল দি থাকিব। ৰোৱাৰ পাছতে বিশেষ পইচা খৰচ নকৰাকৈ ৫০০ জোপা তামোলৰ পৰা ২ লাখ টকা চকুমুদি লাভ কৰিব পাৰে আমাৰ কৃষকসকলে।

তামোল খেতিৰ এই ব্যৱসায়িক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলাৰ সৰু পথাৰৰ কৃষক মুকুট শইকীয়াই তেওঁ কৃষিভূমিত ৰোপন কৰিছে তামোলৰ পুলি। ওপৰত দেখা ফটোখন মুকুট শইকীয়াই কৰা তামোলৰ খেতিৰ ফটো। কৃষকগৰাকীয়ে ৰোপন কৰা তামোলৰ পুলিবোৰ বৰ্তমান ২ ফুট ডেৰফুট হৈছে গৈ। কৃষকগৰাকীয়ে তামোলৰ পুলিবোৰৰ মাজে মাজে অমিতা আৰু ডাংবডিৰ খেতি খুব পৰিকল্পিতভাৱে কৰিছে। তলৰ ফটোখনত আপোনালোকে দেখিবলৈ পাইছে- তামোলৰ লগত ৰোপন কৰা ডাংবডিবোৰ।

লগতে পঢ়ক- 

Betel nut farming new style : ২ ফুট স্কোৱাৰত ৪ টাকৈ তামোলৰ পুলি কেনেকৈ ৰুৱ!

তামোলৰ লগতে এনেদৰে মিশ্ৰিত পদ্ধতিৰে খেতি কৰিলে কেনেকৈ লাভান্বিত হ’ব-

তামোলৰ লগত এনেকৈ মিশ্ৰিত পদ্ধতিৰে খেতি কৰাত তামোলৰ আশ-পাশৰ মাটিবোৰত ছহ কৰা হৈছে, অপতৃণই তামোল জোপাক সমস্যাত পেলাব পৰা নাই, ৰ’দৰ  দিনবোৰত ডাংবডি বা অমিতা গছবোৰৰ পৰা ছাঁ লাভ কৰিছে তামোলৰ পুলিবোৰে আৰু ডাংবডি বা অমিতাজোপাত যোগান ধৰা সাৰ-পানীয়ো লাভ কৰিব তামোল জোপাই। ফলত তামোল পুলিটোৰ বাবে বিশেষ খৰচ নকৰাকৈ ডাঙৰ হয়। অন্যাথা পানী যোগান, সাৰ, ছাঁ, অপতৃণ নাশ, গছৰ গুৰিবোৰত চফা কৰা আদি বিভিন্নধৰণৰ খৰচৰ সন্মুখীন হলহেঁতেন কৃষকজন। কিন্তু মিশ্ৰিত পদ্ধতিৰে কৰা ফলত তামোল পুলিবোৰৰ মাজৰ ঠাইখিনিয়ো পৰি নাথাকিল ডাংবডি বা অমিতাৰ পৰা এটা উপাৰ্জন হ’ল আৰু  তামোলৰ পুলিবোৰ কোনো অতিৰিক্ত যত্ন নোলোৱাকৈ ডাঙৰ হ’ব।

কৃষকসকলক লগতে জনাও যে তামোল গছবোৰৰ মাজত দূৰত্বটো অলপ বেছি দি তাৰ মাজত কিছুমান উদ্যান শস্যৰ খেতি কৰিব পাৰে। যেনে- ছাপৰতে লগা আম, মধুৰি, লিচু, কমলা আদি। লগতে ১০-১১ ফুটমান হৈ যোৱাৰ পাছত তামোল গছবোৰত জালুক নাইবা পাণৰ খেতি কৰিব পাৰে। কৃষকসকলক লগতে জনাও যে শেহতীয়াকৈ কৃষক ধনীৰাম চেতিয়াই ২ ফুট স্কোৱাৰত চাৰিটাকৈ তামোলৰ পুলি ৰোপন কৰি তামোল খেতিৰ এটা নতুন পদ্ধতি উদ্ভাৱন কৰিছে। কৃষক ধনীৰাম চেতিয়াই উদ্ভাৱন কৰা এই পদ্ধতিটোৰ বিষয়ে অধিক জানিবৰ বাবে তলৰ লিংকটো ক্লিক কৰক।

English Summary: Betel nut farming benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.