1. উদ্য়ানশস্য়

কলডিলৰ বহুমুখী গুণৰ বিষয়ে আপুনি অৱগতনে ?

KJ Staff
KJ Staff
Banana Flower
Banana Flower

চমু বিৱৰণ

অতীজৰে পৰা কলগছ আমাৰ জাতীয় জীৱনৰ অপৰিহাৰ্য অংগ হৈ আহিছে। বিয়া, সবাহ, পূজা, আদৰণী তোৰণ, সভা-সমিতি আদি সকলো শুভ কামতে কলগছৰ অপৰ্যাপ্ত প্ৰয়োগ আমি দেখি আহিছোঁ। কলগছৰ প্ৰতিটো অংশই মানৱৰ হিতাৰ্থে ব্যৱহৃত হৈ আহিছে। কলপাতত ভগৱানলৈ বুলি নৈবেদ্য আগবঢ়াওঁ, মাহ-প্ৰসাদ খাওঁ, ভোজ-ভাত খাওঁ, কলপাতত মেৰিয়াই জুইত দি কচুশাক, বিলাহীৰ মাছৰ পিটিকা বনাওঁ, কলপাতত যিকোনো খোৱা বস্তুৰ ভাগ বিলাওঁ আৰু কিবাকিবি কৰোঁ। কলগছৰ শিপা আৰু কলগছৰ গা, কলৰ বাকলিৰ খাৰ বনাওঁ। কলগছৰ গাৰ পৰা কাগজ বনোৱা হয়। বানপানীত কলগছৰ ভুঁৰত উঠি ইঠাই সিঠাইলৈ যাওঁ। কলগছৰ শুকোৱা ছাল-বাকলিৰে ৰছী, পঘা, বেগ আদি বনাব পাৰি। পকা কলৰ বাকলিৰে দাঁত মাজি মুখৰ দুৰ্গন্ধ আঁতৰাব পাৰি, দাঁত চিকচিকীয়াও কৰিব পাৰি। কাচকলৰ পিটিকা আৰু ভাজি বহুতৰ প্ৰিয় খাদ্য। ভীমকল শিশুৰ বাবে, গৰ্ভৱতী মহিলাৰ বাবে আৰু অসুখীয়া লোকৰ বাবেও অতি পুষ্টিকৰ খাদ্য। দক্ষিণ ভাৰতৰ বিভিন্ন চহৰত কলৰ চিপচ প্ৰচুৰ পৰিমাণে তৈয়াৰ কৰা হয়। স্বাস্থ্য ভালে ৰাখিবলৈ সকলো লোকে দৈনিক এটা হ’লেও কল খোৱা উচিত। কলৰ বাৰী পাতি ব্যৱসায় কৰি স্বাৱলম্বী হ’ব পাৰি। আপোনালোকৰ বহুতৰ হয়তো এই কথাটো জ্ঞাত যে এছিয়াৰ ভিতৰৰ সৰ্ববৃহৎ কলৰ বজাৰখন অসমৰ গোৱালপাৰাৰ দৰংগিৰি নামৰ সৰু চহৰখনত অৱস্থিত, য’ৰ পৰা গড়ে দৈনিক ৫০ ট্ৰাক কলৰ থোক ৩৭নং ৰাষ্ট্ৰীয় পথেদি ভাৰতৰ বিভিন্ন ঠাইলৈ ৰপ্তানি হয়।

আজিৰ এই লেখাত কলডিলৰ বহুমুখী উপকাৰিতাৰ ওপৰত পোহৰ পেলাবৰ প্ৰয়াস কৰিম।

কলডিল কোনে কেনেকৈ খায় ভাল পায় ?

কলডিল হ’ল এবিধ সুস্বাদু আৰু অতি পুষ্টিকৰ খাদ্য। কিছুদিনৰ আগলৈকে কলডিল খাই নোপোৱা অসমীয়া মানুহ নাই বুলিয়েই ক’ব পৰা হৈ আছিলো। পিছে আজিকালি অসমৰ নগৰীয়া মানুহৰ জুতি সলনি হ’বলৈ ধৰিছে। এই ৰচনাখন পঢ়ি যদি দুই এজনে নতুনকৈ কলডিল খাবলৈ আৰম্ভ কৰে, সেয়া হ’ব স্বাস্থ্য সজাগতা অনাৰ ক্ষেত্ৰত কৰা মোৰ ক্ষুদ্ৰ প্ৰয়াসৰ সাৰ্থকতা।

কলডিলৰ স্বাভাৱিক স্বাদ হ’ল তিতিকি ভাব থকা। পিছে জালুক, আদা, নহৰু, পিঁয়াজ, জলকীয়া আৰু মচলা লগত পৰিলে, সিজালে কলডিলৰ তিতা স্বাদ মুঠেই নোহোৱা হয়। কোনোৱে মিহিকৈ কুটি শুকানকৈ ভাজি খাই ভাল পায়। কোনোৱে দাইলৰ লগত মিহলাই জুলীয়া আঞ্জা পছন্দ কৰে। কোনোৱে মাংসৰ লগত ভাজি খায়। কোনোৱে চাটনি বা ছুপো বনাই খায়। কিন্তু লাগতিয়াল কথাটো হ’ল, আপুনি যেনেকৈয়ে খালেও কলডিলৰ উপকাৰিতাখিনি পাবই। মানুহে সাধাৰণতে ভীমকল আৰু পাহাৰীয়া কলৰ কলডিল খায়। কাৰণ এই দুবিধত তিতা কম। আন কলগছৰ কলডিলতো গুণ একেই থাকে। কিন্তু বেছি তিতা স্বাদৰ বাবে মানুহে সচৰাচৰ নাখায়। কলডিল কুটিলে হাতত ক’লা চেকা লাগে। সেয়া সামান্য চেষ্টা কৰি আঁতৰাব পাৰি। কুটি থোৱা কলডিল বায়ুৰ অক্সিজেনৰ লগ লাগি ততালিকে ক’লা পৰে। কলডিলৰ কাপোৰত যাতে চেকা নালাগে ৰান্ধনিয়ে সতৰ্ক হোৱা ভাল। কলডিল কুটি ধুলে তাত থকা আইৰনখিনি উটি যায় বুলি বহুতৰ মনত ভুল ধাৰণা আছে।

কলডিলত কি কি তত্ত্ব থাকে ?

কলডিলত থাকে প্ৰ’টিন, ফেট, কাৰ্ব’হাইড্ৰেট, ফাইবাৰ, কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম, আইৰন, কপাৰ, ফছফৰাছ, ভিটামিন-ই, ভিটামিন-এ, ভিটামিন-চি, মিথানল আৰু কেইবাবিধো এণ্টিঅক্সিডেণ্ট। কলডিলত থকা ফ্লেভনইড হ’ল কেৱল গছ-গছনিত থকা উপকাৰী ৰাসায়নিক পদাৰ্থ, যাৰ উপস্থিতি হ’ল মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধক অৰ্থাৎ ইমিউনিটী বঢ়োৱাত সহায়ক।

কলডিলৰ শৰীৰৰ বিভিন্ন ক্ষেত্ৰত উপযোগিতা

(১) ফ্ৰী ৰেডিকেলক নিষ্ক্ৰিয় কৰাঃ মোৰ দৃষ্টিত এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, ফ্ৰী ৰেডিকেল নামৰ অপকাৰী বিপজ্জনক ৰাসায়নিক তত্ত্ব আমাৰ শৰীৰৰ ভিতৰত নিৰ্মাণ হয়। ইয়াত অৰিহনা যোগায় পাৰিপাৰ্শ্বিকতাত থকা দূষিত ৰাসায়নিক পদাৰ্থই। যেনে, চিগাৰেট আৰু আলকাতৰাৰ ধোঁৱা, চিমেণ্টৰ ধূলি, পানীৰ আৰ্ছেনিক, এক্স-ৰেৰ বিকিৰণ, কল-কাৰখানাৰ প্ৰদূষণ আদিয়ে। ফ্ৰী ৰেডিকেলৰ কু প্ৰভাৱত মানুহ অকালতে বাৰ্ধক্যৰ দিশে গতি কৰে। পাৰকিনছনিজম আৰু এলঝেইমাৰ জাতীয় ৰোগৰ চিকাৰ হয়। ফ্ৰী ৰেডিকেলৰ আধিক্যৰ বা বেছি সক্ৰিয়তাই শৰীৰৰ কোষ সমূহৰ বিসংগতি ঘটায় আৰু শৰীৰ ভয়াৱহ ৰোগ কেঞ্চাৰৰ দিশে ধাৱমান হয়।

কলডিলত থকা মিথানল আৰু অন্যান্য এণ্টিঅক্সিডেণ্টে ফ্ৰী ৰেডিকেলছৰ সৈতে যুঁজ দিয়ে। নিয়মীয়াকৈ কলডিল গ্ৰহণ কৰা লোকক সেয়ে অকাল বাৰ্ধক্য, স্নায়ৱিক, মানসিক ৰোগ আৰু কেঞ্চাৰে সহজে স্পৰ্শ নকৰে।

(২) পাক প্ৰণালীৰ সুৰক্ষা প্ৰদানঃ কলডিলত থকা ফাইবাৰ দুই প্ৰকাৰৰ, ঘুলি যোৱা আৰু ঘুলি নোযোৱা। ঘুলি যোৱা ফাইবাৰে সহজে পাক প্ৰণালীৰ ভিতৰত প্ৰৱেশ কৰে আৰু পানীৰ লগত লগ লাগি জেল বা ঘোল বনায়। ঘুলি নোযোৱা ফাইবাৰে, শৌচৰ পৰিমাণ বৃদ্ধি কৰি মল নিষ্কাশনত সহায় কৰে। কলডিলত থকা ফাইবাৰে শৌচ কচা আঁতৰায়। গতিকে গৰ্ভাৱস্থাত হোৱা শৌচৰ অনিয়ম দূৰ কৰিবলৈ কলডিল খুৱাব লাগে। কলডিলে আভোক আৰু বদহজমীও দূৰ কৰে।

(৩) মানসিক স্বাস্থ্য ৰক্ষাত লোৱা ভূমিকাঃ কলডিলত থকা মেগনেছিয়ামে মানসিক অৱসাদ দুঃচিন্তা আঁতৰোৱাত সহায় কৰে। আগতেই কোৱা হৈছে যে কলডিলে নানাবিধ স্নায়ৱিক ৰোগৰ পৰাও শৰীৰক সুৰক্ষা দিয়ে। ডিপ্ৰেছন আঁতৰাই মুড ভালে ৰখাত কলডিল সহায়ক।

(৪) মাহেকীয়া সমস্যাৰ উপশম ঘটোৱাঃ কলডিলে শৰীৰৰ প্ৰজেষ্টৰৰ হৰম’নৰ লেভেল বঢ়ায়, যাৰ ফলত মাহেকীয়া অতিস্ৰাৱ ৰোধ হয়। এইক্ষেত্ৰত দৈ আৰু হালধি কলডিলৰ সৈতে একেলগে খালে বেছি উপযোগী বুলি কোৱা হৈছে।

(৫) মাতৃদুগ্ধৰ পৰিমাণ বৃদ্ধিত সহায়কঃ কলডিলে মাতৃদুগ্ধৰ উৎপাদন বৃদ্ধি কৰা দেখা যায়। ইয়াৰ বিপৰীতে আমাৰ কিছুমান মানুহৰ মনত থকা ভুল ধাৰণা আশাকৰো এই লেখাই আঁতৰ কৰিব।

(৬) জৰায়ুৰ সুৰক্ষাঃ জৰায়ুক কলডিলে সুৰক্ষা দিয়ে বুলি আয়ুৰ্বেদে কয়।

(৭) মেদবহুলতা হ্ৰাসত সহায়কঃ কলডিলত ফাইবাৰ থকা হেতুকে শকত লোকসকলে মেদবহুলতা কমাবলৈ কলডিল খোৱা উচিত।

(৮) ছালৰ কমনীয়তা বৰ্তাই ৰখাঃ কলডিলত থকা ভিটামিন-ই আৰু ভিটামিন-চি হ’ল ছালৰ বাবে উপযোগী।

(৯) সংক্ৰমণৰোধক ভূমিকাঃ কলডিলত থকা মিথানেলৰ বাবে শৰীৰৰ বাবে অপকাৰী বেক্টেৰিয়াই ক্ৰিয়া কৰিবলৈ অক্ষম হয়। লেবৰেটৰীত প্ৰয়োগ কৰি দেখা গৈছে যে ই কলাই বেছিলাছ, ছাবটলিছ বেছিলাছ, ছেৰিয়াছ আদি বেক্টেৰিয়া কলডিলৰ প্ৰভাৱত বাঢ়িব নোৱৰা হয়। আকৌ কলডিলৰ প্ৰভাৱত মেলেৰিয়াৰ পৰাশ্ৰয়ী জীৱাণুৰ অহিত হোৱা পৰিলক্ষিত হৈছে। কলডিল খালে শৰীৰৰ কটা-ছিঙা ঘা সোনকালে শুকোৱা দেখা যায়।

(১০) এনিমিয়া দূৰ কৰাত সহায়কঃ লৌহ পদাৰ্থ, নানাবিধ ভিটামিন আদি কলডিলত থকা বাবে হিম’গ্ল’বিনৰ উন্নতি হয়।

(১১) ডায়েবেটিছৰ প্ৰতিৰোধকঃ কলডিলত থকা ফাইবাৰ আৰু ফিনলিক এচিড আদি তত্ত্ব থকাৰ বাবে তেজৰ ছুগাৰ নিয়ন্ত্ৰণত সহায়ক হয় বুলি বিজ্ঞানীসকলে মত পোষণ কৰে।

(১২) লাগতিয়াল ভিটামিন আৰু মিনাৰেলৰ ভূমিকাঃ কলডিলত থকা ভিটামিন আৰু আন লাগতিয়াল তত্ত্বসমূহে শৰীৰক হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে। ২৯ এপ্ৰিল ২০১৪ত প্ৰকাশিত এক মেডিকেল বুলেটিনত কোৱা হৈছে কলত থকা লাগতিয়াল তত্ত্বসমূহৰ বাবে ই ১০ শতাংশলৈকে ৰক্তচাপ হ্ৰাস কৰে। সেয়ে উচ্চ ৰক্তচাপ থকাসকলেও নিৰ্ভয়ে কলডিল খাব পাৰে।

মোখনিত ইমানেই কম যে আমাক প্ৰকৃতিয়ে যোগান ধৰা এই অমূল্য বৰদান কলডিলৰ মাহাত্ম্য এতিয়া বিশ্বই বুজি উঠিছে। দেশে-বিদেশে ইয়াৰ গুণাগুণৰ ওপৰত গৱেষণা চলি আছে। উন্নত দেশসমূহৰ ছুপাৰমাৰ্কেটৰ পাচলিৰ বিপণীত কলডিলে এবিধ সম্ভ্ৰান্ত পাচলিৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে।

লেখক: ডাঃ ভূপেন শইকীয়া

উৎসঃ নিয়মীয়া বাৰ্তা

English Summary: Benefits of Banana Flower

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.