1. উদ্য়ানশস্য়

Betel Nut Farming: বাক্সাৰ সীমান্ত অঞ্চলত তামোল খেতিৰে কৃষি বিপ্লৱ কৃষকৰ!

KJ Staff
KJ Staff
Betel Nut Cultivation
Betel Nut Cultivation

ধান খেতি নহয় তামোলৰ খেতিৰে জীৱন নিৰ্বাহ কৰি আহিছে বাক্সাৰ এটা অঞ্চলৰ জনসাধাৰণে৷ ধানৰ সলনি বিঘাই বিঘাই ৰুইছে তামোল৷ সুচনা কৰিছে বৃহত্তৰ অঞ্চলটোত এক কৃষি বিপ্লৱৰ৷ যি ফালে চাব সেইফালে মাথোন তামোল৷ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ সূৱণখাটা, নবস্তি, খৈৰাণী, উত্তৰকুছি,   নিকাছি, ভূটানখুটি, দ্বাৰাগাঁওকে ধৰি এটা বৃহত্তৰ অঞ্চলত শেহতীয়াকৈ জনসাধাৰণে আৰম্ভ কৰিছে তামোলৰ খেতি৷

বৃহত্তৰ অঞ্চলটোৰ খেতি মাটি শিল, বালিৰে ভৰ্তি হৈ থকা বাবে ধান খেতি কৰিবলৈ সমস্যাৰ সম্মুখীন হয় অঞ্চলটোৰ কৃষক ৰাইজে৷ ইয়াৰোপৰি খৰচ অনুসৰি ধান খেতিৰ পৰা লাভবান নহয় কৃষকসকল৷ সেয়ে বিকল্প খেতি হিচাপে সীমান্ত অঞ্চলটোত কৃষকসকলে ধানৰ সলনি ৰুইছে তামোল৷

বিঘাই বিঘাই তামোল ৰুই সীমান্ত অঞ্চলটোত সুচনা কৰিছে এক সেউজ বিপ্লৱৰ৷ জানিব পৰা মতে প্ৰতিবিঘা তামোলৰ পৰা বছৰেকত এগৰাকী কৃষকে প্ৰায় লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়৷ কিন্তু ধান খেতিৰ পৰা কৃষকসকলে নাপায় উপযু্ক্ত লাভালাভ৷ কৃষকে সকলে এই তামেল সমূহ কেছাই বিক্ৰী কৰাৰ উপৰিও ঘৰতে চুপাৰি কৰি বিক্ৰী কৰি আহিছে৷ সম্প্ৰতি প্ৰতি কেজি তামোল চল্লিশৰ পৰা পঞ্চাশ টকা দৰত বিক্ৰী কৰি আহিছে৷

অঞ্চলটোৰ কৃষকসকলে জানিব দিয়া অনুসৰি উপযুক্ত বজাৰ নথকা বাবে ইয়াৰ কৃষকসকলে তামোলৰ উপযুক্ত দাম পাবলৈ সক্ষম হোৱা নাই৷ শেহতীয়াভাৱে হাউলীৰ পৰা অহা বেপাৰীয়ে এই অঞ্চলৰ তামোলসমূহ কিনি নিয়ে৷ কৃষকসকলে অঞ্চলটোৰ যাতায়ত ব্যৱস্থা উন্নত কৰি তোলাৰ লগতে উপযুক্ত বজাৰ সৃষ্টি কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে৷

লগতে পঢ়ক-Pineapple Farming: আনাৰসৰ খেতিৰে আত্মনিৰ্ভৰশীল হ'ব পাৰে কৃষকসকল, পঢ়ক সম্পূৰ্ণ তথ্য!

English Summary: Baksa Farmer Betel Nut Cultivation

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.