সুগন্ধিয়েই সকলোৰে মন পুলকিত কৰাৰ লগতে ই সকলোৰে অতি প্ৰিয়ও। অতি প্ৰাচীন কালৰে পৰা মানুহে সুগন্ধি ব্যৱহাৰ কৰি আহিছে। সমগ্ৰ বিশ্বতেই সুগন্ধিৰ চাহিদা খুব বেছি যদিও এছিয়াৰ সুগন্ধিৰ এক আছুতীয়া স্হান অথবা সন্মান আছে। বিশেষকৈ দক্ষিণ এছিয়াৰ সুগন্ধি আতৰৰ কদৰ টঅতিকৈ বেছি। প্ৰচীন কালৰে পৰা বিভিন্ন ধৰ্মীয় আৰু সাংস্ক-তিক ক্ষেত্ৰত আতৰে এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।
সুগন্ধি জাতীয় উদ্ভিদ আগৰ বা সাঁচি গছৰ বৈজ্ঞানিক নাম হৈছে- Aquilaria Malaccensis। ই প্ৰায় ৬০ ৰ পৰা ৮০ ফুট ওখ হয়। সাধাৰণতে ভাৰত, বাংলাদেশ, ভূটান, ইন্দোনেছিয়া, ইৰাণ, ছিংগাপুৰ, থাইলেণ্ড আদি ঠাইত ইয়াক পোৱা যায়। ঠাই অনুযায়ী ইয়াৰ নামো বেলেগ বেলেগ ধৰণৰ হয়। বহিঃ ৰাষ্ট্ৰত ইয়াৰ সমাদৰ অধিক হোৱাৰ বাবে ইয়াৰ মূল্যও অধিক হোৱা দেখা যায়। আগৰ বা অগৰু গছৰ গুটিৰ পৰা পুলি ৰোপণ কৰি বাগিছা আকাৰে ব্যৱসায়িক ভিত্তিত ৰোপণ কৰিলে অধিক লাভৱান হ’ব পাৰি।
সাধাৰণতে গ্ৰীষ্মকালত আগৰ গছৰ ফুল ফুলি ফল ধৰে। পৈনত ফলৰ গুটিবোৰ সংগ্ৰহ কৰি ভেটি আকাৰত মাটিত অলপ ঢাক খোৱাকৈ ৰুৱ লাগে। পোন্ধৰ দিনতকৈ বেছি এনেদৰে ৰাখিব নালাগে, কিয়নো গুটিবোৰৰ অংকুৰণৰ ক্ষমতা বেছি দিনলৈ সজীৱ হৈ নাথাকে। প্ৰখৰ ৰ’দ আৰু বৰষুণৰ পৰা নিৰাপদ ৰাখিবলৈ ৰোৱাৰ পিছত ছালি দি ছাঁ দিয়াৰ ব্যৱস্হা কৰিব লাগে। গুটিবোৰ জীপাল হৈ থাকিবলৈ পানীৰ ব্যৱস্হা কৰিব লাগে। গুটিবোৰ ৰোৱাৰ ১৫-২০ দিনৰ পিছত গজালি আহিবলৈ ধৰিব আৰু প্ৰায় ২-৩ মাহৰ পিছত যেতিয়া ই ১০-১৫ ছেঃমিঃ মান হয় তেতিয়া পুলিবোৰ মাটিৰ সৈতে উভালি আনি পলিথিনৰ বেগত ভৰাই নাৰ্ছাৰি আকাৰে সংৰক্ষণ কৰি বজাৰলৈ মোকলাই দিব পাৰি।
আন উদ্ভিদৰ তুলনাত এই উদ্ভিদৰ বৃদ্ধি অতি লেহেমীয়া হোৱাৰ পৰিপেক্ষিতত পূৰ্ণাঙ্গ পৰ্যায় প্ৰাপ্তিৰ কাৰণে ইয়াক প্ৰায় ১৫-২০ বছৰৰ প্ৰয়োজন হয়। পূৰ্ণাঙ্গ পৰ্যায় পোৱাৰ পিছত গছবিলাকৰ গাত জোঙা গেজেং বা দাৰে ২ ইঞ্চিমান দ হোৱাকে কিছু আঁতৰে আঁতৰে ঘপিয়াই দিব লাগে। তাৰ ফলত গছজোপাৰ পৰা এক আঠাজাতীয় ৰস নিঃসৰিত হয় আৰু তাত পোকে ধৰে। এই পোকবোৰে আঠাবোৰক গোটেই গা গছত মিলাই পেলাই। আঠাবোৰ খমলা বান্ধিলে সেইবোৰ সুগন্ধি প্ৰস্তুতকৰণৰ বাবে সংৰক্ষণ কৰা হয়। তদুপৰি এক দুই ব্যাসাৰ্দ্ধ হোৱাৰ পিছত গছজোপাৰ মাজভাগত এবিধ টান ক’লা বৰণৰ কাঠৰ সৃষ্টি হয়। এই ক’লা অংশতো সুক্ষ্মভাৱে ছাঁছি মূল্যবান অংশতো সংগ্ৰহ কৰি তাৰ পৰা সুগন্ধিযুক্ত তেল প্ৰস্তুত কৰা হয়।
আমাৰ অসমতো উজনিৰ শিৱসাগৰ, যোৰহাট, গোলাঘাট, তিনিচুকীয়া আদি ঠাইৰ আগৰ গছে এক সুকীয়া গঢ়ি তুলিবলৈ সক্ষম হৈছে। হোজাইত পৃথিৱীৰ ভিতৰতে বৃহত্তম পাইকাৰী বিক্ৰী কেন্দ্ৰ গঢ়ি উঠিছে, যিটো অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয়। ইয়াৰ পিছতো কিন্তু খেতিয়ক সকলৰ মাজত প্ৰয়োজনীয় তথ্য, প্ৰশিক্ষণ, অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ অভাৱ পৰিলক্ষিত হয়। চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানসমূহ তথা স্হানীয় বেংকসমূহে যদি সূচাৰূৰূপে সহযোগিতা আগবঢ়ায় তেন্তে আতৰৰ বজাৰত এদিন অসম বিশ্বৰ বুকুত জিলিকি উঠিবলৈ সক্ষম হ’ব।
লগতে পঢ়ক-কচু খেতিঃ বৈজ্ঞানিক ভিত্তিত কেনেদৰে কৰিব লাভজনক কচু খেতি?
Share your comments